নাৰী দেহৰ ব্যৱসায় উৎখাট ০২ ▪️ধনমণি কোঁৱৰ

@admin
0
দম্পতি হাল যোৱাৰ পাছত si কনকলতা বেজবৰুৱা ফৰেনচিক ক্লাবৰ পৰা অহা পষ্টমৰ্টেম ৰিপৰ্টটো হাতত তুলি লয়। পষ্টমৰ্টেমৰ ৰিপৰ্টৰ মতে ৰাহুলক পাছ ফালৰ পৰা গধুৰ হাথিয়াৰে মুৰত মৰাৰ কাৰণে মৃত্যু হয়। ৰিপৰ্টটো পঢ়ি কনকলতা নিশ্চিত হল যে লৰা জনৰ মৃত্যু পৰিকল্পনাৰে কৰা এটা হত্যাকাণ্ড।
        : বৰুৱা.... বৰুৱা।
        : মেম মাতিছিল মোক।
        : বৰুৱা তুমি ৰাহুলৰ গাওঁলে যোৱা আৰু তাৰ কিবা তথ্য পোৱা নেকি খবৰ কৰা। 
        :হব মেম । 
        : আৰু শুনা " চলিহাক মই মাতিছো বুলি কোৱা।

কনষ্টেবল প্ৰনৱ বৰুৱাই si কনকলতাৰ কোঠাৰ পৰা ওলাই আহি " চলিহা তোমাক মেমে মাতিছে বুলি কয় ৰাহুলৰ তথ্য সংগ্ৰহ কৰিবলৈ মধুপুৰ গাওঁলৈ ওলাই যায়। 

চলিহা কৰি থকা কামবোৰ সামৰি কনকলতাৰ ৰুমলৈ যায়------
        : মেম মাতিছিল মোক।
        : অহ চলিহা । "আহা বহা চোন। 
        : Thank you mam
        : চলিহা আপুনিটো এই থানাত যোৱা ৫ বছৰেই কৰ্মৰত । আপুনি হয়তো এই কথা বোৰ নিশ্চয় অৱগত।
        : হয় মেম । 
        : তেন্তে মই আপোনাৰ মুখৰ পৰাই জানিব বিছাৰো আচলতে ১০ বছৰ আগতে ইয়াত হৈছিল কি ?
        : মেম বাদ দিয়ক নেকি এইবোৰ । এইবোৰৰ মন্ত্ৰী- বিধায়কৰ লগত হাত আছে আৰু পাৰিলে এই ৰাহুল নামৰ লৰা জনৰ murder কেছেটোৰ সন্ধান উলিওৱাৰ বন্ধ কৰক ।
        : আপুনি কেছ বন্ধ কৰাৰ বাদ দি কথা বোৰ খুলা-খুলি কবনে। আৰু এবাৰ register হোৱা কেছ অপৰাধী হাতত নপৰালৈকে কেছ বন্ধ কৰা নিয়ম এই কনকলতা বেজবৰুৱাৰ নাই। আপুনি ১০ বছৰ আগতে ইয়াত কি হৈছিল কথা বোৰ কওঁক । " চলিহাই কথা বোৰ কব লওঁতে বাহিৰৰ পৰা " প্ৰণাম চাব প্ৰণাম চাব" বুলি বাহিৰত কোনাবাই কোৱা ভিতৰলৈ ভাহি আহে । " চলিহা কোন আহিছে চোৱা-চোন যোৱা? " চলিহাই বহি থকা চকীখনৰ পৰা উঠি যাব লওঁতেই মধুপুৰ সমষ্টিৰ বিধায়ক ৰামাকান্ত বেজবৰুৱা ৰুমলৈ সোমাই আহে। " নমস্তেই si মেডাম। কি খবৰ...? নতুনকে আহিছে বোলে । খবৰ এটা লৈ যাওঁ বুলি সোমালো। 
কনকলতা ঠাইখনৰ নতুন হোৱাৰ হেতুকে মানুহ বোৰৰ লগত অ-পৰিচিত । "কোন হয় আপুনি..?
"এটি ডাঙৰ কৈ হাঁহি মাৰি কবলৈ ধৰে" "মোক হওঁতো si মেডামে চিনিব পৰা নাই চলিহা চিনাকী কৰাই দিয়া হে।   
        : মেম এইয়া মধুপুৰ সমষ্টিৰ বিধায়ক ৰামাকান্ত বেজবৰুৱা। " চাৰ থিয় হৈ আছে যে বহক বুলি কৈ চলিহাই চকী খন আগবঢ়ায় দিয়ে।
বিধায়ক বুলি গম পোৱাৰ পাছত কনকলতা: চাৰ আপুনি ইয়াত । কেনেকৈ আহিব লগা হল । মোক কোৱা হলে মই গৈ আহিলো হয়।
        : তেনেকে কোনো কামত অহা নাই । শুনিছো আমাৰ থানালে নতুনকে আহিছা সেই বোলো চাই যাওঁ নতুন si মেডাম গৰাকীক।  
        : অহ ভালেই কৰিলে । আপোনালোকৰ দৰে মহান 
ৰাজনীতি বিদ সকল থানালৈ আহি থাকিলে ভাল লাগে। " চলিহা বিধায়ক চাৰৰ কাৰণে চাহ-পানী যোগত কৰা। 
        : নাই নাই সেইবোৰৰ প্ৰয়োজন নাই চলিহা । মোৰ মিটিং এখন আছে যাব লাগিব । মই ওথোৱেই। খালি তুমি তোমাৰ si মেডাম গৰাকীক বুজাই দিবা যে চৰকাৰৰ বাহিৰেও আমাৰো যে কিছুমান নিয়ম আছে । 
আহিছো si মেডাম। "আকৌ লগ পাম "
         : নিশ্চয়🙏 । "বিধায়কক গাড়ীৰলৈকে এৰি আহি কোঠাত বহিব লওঁতেই মধুপুৰ গাওঁলে ৰাহুলৰ তথ্য বিচাৰি যোৱা কনষ্টেবল প্ৰনৱ বৰুৱা সোমাই আহে .
         : মেম ।
         : অহ! বৰুৱা___ কিবা তথ্য পালে নে লৰা জনৰ।
         : হয় মেম। "লৰা জনে সৰুতেই মাক-দেউতাকক এটা পথ দুৰ্ঘটনাত হেৰুৱাই। মাক-দেউতাকৰ মৃত্যুৰ পাছত লৰাজনক ঘৰৰ পৰা খুৰাক-খুৰিয়েক সম্পতিৰ আলচত উলিয়াই দিয়ে। 
         : অহ। পৰিয়ালত অকল খুৰাক-খুৰিয়েকে আছে নে?
         : হয় মেম।
         : ঘৰৰ পৰা উলিয়াই দিয়াৰ পাছত ৰাহুল কলৈ গল?
  " ঘৰৰ পৰা উলিয়াই দিওঁতে তাৰ বয়স মাত্ৰ ১০ বছৰ মান হোৱাৰ কাৰণে গাওঁৰ মানুহৰ মতে সোণাপুৰ গাওঁৰ গাওঁবুঢ়াই লৈ গৈছিল । তাতে আশ্ৰয় দিবলে। তাৰ পাছত গাওঁ মানুহে নাজানে ৰাহুল কত গল , কত থাকে?
        : বৰুৱা .... সোণাপুৰ গাওঁ খন আৰু মধুপুৰ গাওঁ খনৰ মাজৰ দূৰত্ব কিমান বাৰু.?
        : ১০ কি: মি মান হব।
        : ১০ কি: মিটাৰ । বাৰু বৰুৱা সোণাপুৰ গাওঁ গাওঁবুঢ়াৰ ঘৰ চিনি পোৱা নহয়। 
        : পাওঁ মেম।
        : চলিহাক কৈ থবা সন্ধিয়া তিনিওটাই গৈ আহিম। 


আগলৈ~~~~~~

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)