মৌনতাইয়ো কেতিয়াবা কথা কয়।
কোনো পাঠ্যক্ৰমেই শিকাব নোৱাৰা কথা,
শিকাই যায় কেতিয়াবা জীৱনক
কিছুমান জীয়া অভিজ্ঞতাই।
মৌনতাৰ পোচাক পিন্ধা নাছিলো,
মোৰ সোঁৱৰণিৰ মেঘ।
পিন্ধাইছা তুমি নিৰৱধি সময়,
বৈ যায় বুকুয়েদি এসোপা নীৰ।
মুখাৰ আঁৰত আছে এখন প্ৰকৃত মুখ,
মৌনতাৰ মুখাখন খুলি দিলেই
ওলাই পৰিলহেঁতেন হাঁহি ভালপোৱাৰ মুখ।
কিন্তু মই দৃঢ়প্ৰতিজ্ঞ,
মৌনতাৰ প্ৰলেপ সানি হাঁহিক কৰিছো কবৰস্থ।।
✍️প্ৰাণজিৎ দাস,
বাক্সা, বি, টি, আৰ (অসম)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ