যুৱ উচ্ছৃংখলতা আৰু আধুনিক সমাজ▪️▪️নবীন চন্দ্ৰ মেধি

Rinku Rajowar
0
আধুনিক অসমীয়া সমাজৰ এটা বিশেষ মন কৰিবলগীয়া বিষয় হৈছে যুৱ উচ্ছৃংখলতা । 
উচ্ছৃংখলতাৰ গৰাহত যুৱক যুৱতীসকল ইমানেই দকৈ শিপাইছে যে আজিৰ যুৱক যুৱতীসকলৰ কাষেৰে পাৰ হৈ যাবলৈ ধৰোতে নিজেই সাৱধান হৈ যাব লগা হয় । মদ ভাং ধপাত, বিড়ি ,চিগাৰেট সেৱন কৰাৰ লগতে শিখৰ , গুটখা, পাণ মছলা , কমলা পচন্দ আদি বিভিন্ন ধৰণৰ মুখৰোচক সামগ্ৰী সমূহ অনবৰতে মুখত লৈ ফুৰা দেখা যায় । এতিয়া এইবোৰ সামগ্ৰী সকলো দোকানতে সহজলভ্য হৈ পৰিল ।শিশু , কিশোৰ আৰু যুৱক যুৱতীসকল দৰাচলতে অনুকৰণপ্ৰিয় । যেতিয়া ডাঙৰ লোকসকলে এইসকল যুৱক যুৱতীৰ আগত এই জাতীয় দ্ৰব্য বা বস্তু সেৱন কৰে তেতিয়া শিশু সুলভ স্বভাৱৰ বাবে এই কথা অনুমান কৰে যে এয়া ভাল বস্তু । ডাঙৰসকলে খাই যেতিয়া আমিও খোৱাত বাধা নাই । এদিন দুদিনকৈ এইবোৰ সামগ্ৰী খাবলৈ শিকাৰ পিছত ই ৰাগীত পৰিণত হয় আৰু নাখালে থাকিব নোৱাৰা অৱস্থা হয়গৈ ।শিশুৰ চৰিত্ৰ গঠনত কেইবাটাও কাৰকে মূখ্য ভূমিকা পালন কৰা দেখা যায় । ইয়াৰ ভিতৰত পৰিয়াল , বিদ্যালয় , চুক বা চুবুৰী , সমাজ , চৰকাৰ বা ৰাষ্ট্ৰযন্ত্ৰ আদি । 
           শিশুৰ চৰিত্ৰ গঠনত পৰিয়ালৰ ভূমিকা :-
এটি শিশুৰ শিক্ষাৰ ক্ষেত্ৰত শিশুটিৰ পৰিয়ালেই মূখ্য ভূমিকা পালন কৰা দেখা যায় । গতিকে যদিহে পৰিয়ালৰ সদস্যসকল ভাল হয় তেন্তে শিশুটিৰ চৰিত্ৰ গঠনত সহায়ক হয় । শিশুটিৰ পৰিয়ালেই হৈছে শিশু শিক্ষাৰ ঘাই খুঁটা । সৰুৰে পৰা শিশুসকলক পৰিয়ালৰ লোকসকলে উচিত শিক্ষা প্ৰদান কৰিব লাগিব । নীতি শিক্ষাৰ পাঠদান শিকাব লাগে । কি কৰিব লাগে , কি কৰিব নালাগে এই সম্পৰ্কে শিশুৰ লগত আলোচনা কৰিব লাগে। সৰুৰে পৰাই সাধুকথাৰ পুথি আৰু নীতি শিক্ষামূলক বিষয়বস্তুৰ প্ৰতি ৰাপ জন্মাব লাগে । ভৱিষ্যতে সেইসকল শিশু কিশোৰ বেয়া হোৱাৰ সুযোগ নাপায় । 
শিশুৰ চৰিত্ৰ গঠনত চুবুৰীৰ ভূমিকা:-  
শিশু এটিৰ চৰিত্ৰ গঠনত চুবুৰীৰ ভূমিকা উল্লেখযোগ্য । শিশুটি যিটো চুক বা চুবুৰীত জন্ম গ্ৰহণ কৰে , বা ডাঙৰ দীঘল হয় সেই চুবুৰীটোৰ ওচৰ চুবুৰীয়া সকল যদিহে ভাল হয় তেন্তে শিশুটিও ভাল হোৱা দেখা যায় । ওচৰ চুবুৰীয়া লোকসকলৰ আচাৰ ব্যৱহাৰে , মাত কথাই শিশু এটাক প্ৰভাৱ পেলায় । গতিকে যদিহে চুবুৰীয়া লোকসকল সৎ হয় তেন্তে শিশুটিও সৎ হোৱাৰ সম্ভাৱনা থাকে । নহ'লে সেই শিশুটিক আঁতৰৰ কোনো ঠাইত আবাসিক বিদ্যালয়ত ৰখাই পঢ়া শুনা কৰাৰ ব্যৱস্থা কৰিব লাগে । পঢ়া শুনা শেষ কৰাৰ পিছত সেই অঞ্চললৈ লৈ আনিব পাৰে । 
শিশুৰ শিক্ষাত তথা চৰিত্ৰ গঠনত বিদ্যালয়ৰ ভূমিকা :- 
এটি শিশুৰ চৰিত্ৰ গঠনত বিদ্যালয়েই আটাইতকৈ বেছি গুৰুত্ব দিয়া দেখা যায় । কাৰণ ৰাতিপুৱা ৮ বজাৰ পৰা আবেলি ৩ বজালৈকে এটা শিশু বিদ্যালয়ৰ শ্ৰেণীকোঠাত যেতিয়া আৱদ্ধ হৈ থাকে তেতিয়া বিদ্যালয়ৰ শিক্ষকৰ ভূমিকা নিশ্চয় যথেষ্ট পৰিমাণে থাকে । অংক ,  ইংৰাজী , বিজ্ঞান, সমাজ বিজ্ঞান , হিন্দী আৰু অসমীয়া বিষয়ৰ পাঠদান কৰাৰ উপৰিও শিক্ষকসকলে নীতিশিক্ষামূলক আৰু সাধুকথাৰ পাঠদান কৰিব লাগে । ছবি অঁকা , গল্প কবিতা লিখিবলৈ আৰু বিভিন্ন ধৰণৰ হাতৰ কাম কৰিবলৈ শিকাব লাগে । তদুপৰি শিশুসকলে কি কৰি ভাল পায় তেনে কামসমূহ কৰিবলৈ উৎসাহ অনুপ্ৰেৰণা যোগাব লাগে । ডাঙৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি, সৰুসকলৰ প্ৰতি মৰম চেনেহ , সমনীয়াৰ সতে মিলি জুলি খেলা ধূলা কৰা আদি আৰু কি খাব লাগে , কি খাব নালাগে , খালে কি অপকাৰ হ'ব পাৰে সেইকথা ভালদৰে বুজোৱাৰ চেষ্টা কৰিব লাগে । শিক্ষকৰ কথা অমান্য নকৰে । গতিকে ল'ৰা ছোৱালী ভাল কৰিবলৈ হ'লে আমি এইবোৰ কথাত ধ্যান দিব লাগিব । 
শিশুৰ চৰিত্ৰ গঠনত সমাজৰ ভূমিকা :-
শিশু হৈছে দেশৰ ধৰণী । আগন্তুক দিনসমূহৰ ভাল বেয়াৰ হিচাপ নিকাচ এই শিশুসকলৰ ওপৰতে নিৰ্ভৰ কৰিব । গতিকে সমাজে শিশুসকলৰ ওপৰত গুৰুত্ব দিয়া উচিত । 
 শিশুৰ চৰিত্ৰ গঠনত চৰকাৰ বা ৰাষ্ট্ৰযন্ত্ৰৰ ভূমিকা :-
চৰকাৰে শিশুসকলৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰিব লাগে । শিশু সকল যাতে বেয়া  পথত আগবাঢ়ি নাযায় তাৰ  প্ৰতি দৃষ্টি ৰাখিব লাগে । যুৱক যুৱতীসকলৰ পঢ়া শুনা শেষ হোৱাৰ পাছত কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগে । নিবনুৱা যুৱক যুৱতীৰ মাজত যুৱ উচ্ছৃংখলতা বেছিকৈ দেখা যায় । পঢ়া শুনা শেষ কৰি যদিহে ঘৰত বেকাৰ হৈ বহি থাকিব লগা হয় তেন্তে মনবোৰ খেলি মেলি চিন্তাই আগুৰি ধৰে । মদ ভাং খাই য'তে ত'তে পৰি থাকে  । গোন্দা বদমাচ চোৰ দকাইতি হত্যা লুণ্ঠন ,ধৰ্ষণ, ঠগ ,প্ৰবঞ্চনা আদি বিভিন্ন ধৰণৰ অসৎ চৰিত্ৰৰ স্বীকাৰ হ'ব পাৰে । কোনো কোনো লোকে উগ্ৰপন্থী সংগঠন সমূহত যোগদান কৰিবলৈও যোৱা দেখা যায় । গতিকে শিশুৰ চৰিত্ৰ গঠনত চৰকাৰৰ ভূমিকা নুই কৰিব নোৱাৰি ।
         উচ্ছৃংখলিত জীৱন ত্যাগ কৰাই শৃংখলাবদ্ধভাৱে জীৱন নিৰ্বাহ কৰাৰ ক্ষেত্ৰত পৰিয়াল আৰু সমাজে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব । প্ৰথমতে পৰিয়ালৰ লোকসকলে যুৱক যুৱতী সকলৰ লগত ভাল ব্যৱহাৰ কৰিব লাগিব । যিকোনো কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰিব লাগিব  । সিহঁতৰ মনবোৰ বুজাৰ চেষ্টা কৰিব লাগিব । সমাজেও গুৰুত্ব প্ৰদান কৰিব লাগিব । চৰকাৰে নিবনুৱা যুৱক যুৱতীসকলৰ কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব । চাকৰি দিব নোৱাৰিলেও ব্যৱসায় বাণিজ্যৰ প্ৰসাৰৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব লাগে । বেংক সমূহেও সহায়ৰ হাত আগবঢ়াব লাগিব । যাতে সময়ত বিচাৰিলে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব পাৰে । 
এনেদৰেই আমি আমাৰ যুৱক যুৱতীসকলক কৰ্মমুখী কৰি তুলিলে যুৱ উচ্ছৃংখলতাৰ হাৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব পাৰিম বুলি আশা কৰিব পাৰো । 
শিশুসকল যিমানে চৰিত্ৰবান হ'ব , ডেকাসকলৰ যিমান আৰ্থিক অৱস্থা স্বচ্ছল হ'ব সিমানে আমাৰ সমাজৰ পৰা যুৱ উচ্ছৃংখলতা হ্ৰাস পাব । আহক আমি সকলোৱে যুৱ উচ্ছৃংখলতা হ্ৰাস কৰিবলৈ নিজৰ নিজৰ পৰিয়ালৰ পৰাই শুভাৰম্ভ কৰো । সৰু ল'ৰা ছোৱালীৰ সন্মুখত কেতিয়াও ধুমপান নকৰিব । বেয়া কথা নক'ব , মদ ভাং কানি শিখৰ গুটখা আদি সকলোৱে পৰিত্যাগ কৰক । আপোনাৰ শিশুটিক উচিত শিক্ষা প্ৰদান কৰক । সেয়ে আমি ক'ব পাৰোঁ সুৰক্ষিত পৰিয়াল , সুৰক্ষিত সমাজৰ ভৱিষ্যত ।

✍️নবীন চন্দ্ৰ মেধি
গোলাঘাট । 
৯১০১৮২০৪১১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)