অণুগল্প-সৰাপাত••পৰেশ দাস

@admin
0
দহ বছৰৰ আগতেই তগৰক পুত্ৰ- বোৱাৰীয়ে বৃদ্ধাশ্ৰমত থৈ গৈছিল। মানুহজন ঢুকোৱাৰ পাছতেই মানুহগৰাকীৰ সকলো যেন নিঃশেষ হৈ গৈছিল। সন্মুখৰ শিমলুজোপালৈ চাই তগৰে হাঁহে। স্মৃতি ৰোমন্থন কৰে। লহপঢ়কৈ বাঢ়ি অহা শিমলুজোপাত ডাল ধৰি বৰ জোপা হৈছিল। ডালে-পাতে গোটেইজোপা পৰিপূৰ্ণ হৈ আছিল। তগৰৰ ঘৰখনো পৰিপূৰ্ণ হৈ আছিল। মানুহজন,বোৱাৰী,নাতি সকলো মিলি জীপাল হৈ আছিল ঘৰখন।ফাগুনৰ এটি ৰঙা পুৱাত তগৰে শিমলু জোপালৈ চাই নিথৰ হৈ ৰ'ল। বতাহৰ লহৰত নাচি থকা পাতবোৰ সৰি লঠঙা হ'ল। বতাহত বিনাই থকা পাতবোৰ নিমিষতে পচোৱা বতাহে দূৰলৈ লৈ গ'ল। দহবছৰৰ আগৰ স্মৃতিবোৰে তগৰক দহিবলৈ আৰম্ভ কৰিলে।  
          
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)