ধাৰাবাহিক উপন্যাস ~অৰণ্যৰোদন ০৮ ▪️নবীন চন্দ্ৰ মেধি

@admin
0
নিৰ্মল কুমাৰ শৰ্মাই স্মৃতিৰ পাত লুটিয়াই চালে । ছেপ্টেম্বৰ মাহ পালেহিয়েই দেখোন । শিক্ষক দিৱসৰ পিছদিনাই সিহঁতৰ বিবাহ বাৰ্ষিকী । চাওঁতে চাওঁতে আঠবছৰ কেনেকৈ পাৰ হৈ গ'ল সিহঁতে যেন গমেই নাপালে । সৌ সিদিনাহে যেন সি পাটলিক প্ৰথম লগ পাইছিল । ডালিমীৰ ঘৰুৱা নাম পাটলি । প্ৰথম লগ পোৱা সেই বিশেষ দিনটোৰ কথা তেওঁৰ এতিয়াও ভালকৈ মনত আছে । সেইসময়ত তেখেত ছাহাৰা ইণ্ডিয়া পৰিবাৰৰ এজন সক্ৰিয় সদস্য তথা অভিকৰ্তা । ছাহাৰা ইণ্ডিয়া কোম্পানীৰ অফিচলৈ সঘন অহা যোৱা । গ্ৰামাঞ্চলত অৱস্থিত ছাহাৰা ইণ্ডিয়া কোম্পানীৰ গ্ৰাহকসকলৰ ঘৰলৈও সঘন অহা যোৱা কৰিছিল । এদিন ধন সংগ্ৰহৰ বাবে যায় আৰু আন কেতিয়াবা ৰিছিভ দিবলৈ যায় । এনেদৰেই এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ ঘূৰি ফুৰোতে এখন বিশেষ গাঁৱত তেখেতে উপস্থিত হৈছিল । তাতেই এজন গ্ৰাহকৰ ঘৰত প্ৰথম দেখা পাইছিল মৰমলগা চেহেৰাৰ এজনী চুটি চাপৰ কমবয়সীয়া কোমলমতীয়া গাভৰু । 

কিছুসময়ৰ পাছত যেতিয়া আইমনিৰ মাকে চাহ তামোল লৈ বাহিৰলৈ ওলাই আহিছিল লগতে আহিছিল সেই বিশেষ গাভৰু গৰাকী । মাকে ছোৱালীজনীৰ হতুৱাই চাহ তামোল দিয়ালে আৰু পৰিচয় কৰাই দিলে - 
 
: এয়া পাটলি , আমাৰ আইমণিৰ ননদ । ঘৰ গোলাঘাট বৰপথাৰৰ বিলগাঁও টেঙানীত । তোমাক যে কৈছিলো আইমণিৰ ননদ এজনী আছে বুলি তাই এইজনীয়েই । আৰু পাটলি এওঁ নিৰ্মল । এম ই স্কুল এখনত মাষ্টৰ কৰে । ছাহাৰাৰ কামো কৰে । তোমালোকে চাহ খোৱা আৰু কথা বতৰা পাতা । মই দুটামান কাম আছে কৰি লওঁ । 

টেঙানী বুলি কওঁতেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অখিল গগৈৰ কথা মনলৈ আহিছিল । তেখেতে যেতিয়া আন্দোলন কৰি ঘুৰি ফুৰিছিল তেতিয়া এবাৰ লগ পাইছিল । চুঙাজান ৰাজহুৱা ভৱনত এখন সভা অনুষ্ঠিত হৈছিল আৰু সেই সভাতেই তেখেতক লগ পাইছিল । 

: অ আৰু এটা কথা জোৱাঁই । আজি আমাৰ নামঘৰত ভাওনা আছে । তুমি আজি ইয়াতে থাকা । ৰাতি ভাত পানী খাই ভাওনা চাবা আৰু যদি একো অসুবিধা নহয় তেন্তে আলহীৰ লগতে ৰাতিটো কটাই কাইলৈ ঘৰলৈ যাবা । 

এইবুলি কৈ আইমণিৰ মাক ভিতৰলৈ গৈছিল । নিৰ্মলৰ প্ৰথমতে অলপ লাজ লাগিছিল । কথা বতৰা বিশেষ একো পতা নাছিল । মনে মনে দুয়ো চাহ খাবলৈ ল'লে । চাহ খাই হ'ল । তাৰ পিছত তামোল পাণৰ বঁটাখন আগবঢ়াই দি পাটলিয়ে নিৰৱতা ভংগ কৰিলে - 

: তামোল খাওক । 

সি মূৰ দুপিয়াই অ বুলি কৈ বঁটাখনৰ পৰা তামোল এখন লৈ মুখত সোমোৱালে । তাৰ পিছত মনত পৰা দি সুধিলে

: অ কি নাম বুলি কৈছিলা তোমাৰ ? 

: পাটলি কোঁৱৰ । মই বৰাহে লিখো । ডালিমী আচল নাম । ডালিমী বৰা । 

: অ । তোমালোকৰ ঘৰত কোন কোন আছে ? 

: মা দেউতা ভাইটি আৰু মই । 

: সুখী পৰিয়াল । 

: আপোনাৰ

: দেউতা , দাদা , নবৌ , বা , ভাইটি , ভতিজা , ভতিজী আৰু মই । যোৱাবছৰ বাইদেউৰ বিয়া হৈ গৈছে ।  ভাগিন ল'ৰা এটা আছে । অৱশ্যে বৰ্তমান আমি দেউতা ভাইটি আৰু মইহে আছো । 

: মা নাই নেকি আপোনাৰ ?

: মা নাই । কেইবাবছৰৰ হ'ল । 

: অ বেয়া নাপাব দেই , Sorry . 
নাজানো বাবেহে সুধিলো । 

: নাই নাই কিয় বেয়া পাম । 

পাটলিয়ে কাপ প্লেটযোৰ সামৰি লৈ ভিতৰলৈ গ'ল । 

: বহকচোন দেই মই কাপপ্লেটবোৰ ধুই থওঁ । 

নিৰ্মল কুমাৰে মূৰ দুপিয়াই থ'লে । পাটলি ভিতৰলৈ যোৱাৰ পাছত সি চকীখনত হেলনীয়া কৈ বহি লৈ কিবা চিন্তাৰ সাগৰত বুৰ গৈছিল । 

এইযে আইমণিৰ মাক , তেখেতে ছাগৈ পাটলিৰ লগত সকলো কথা পাতিছে । নহ'লে তাই সকলো কথা জানিবলৈ ইমান ইচ্ছুক কিয় ? 

এইযে শাহুমাজনীও আৰু ।
নিজৰ জীয়েকজনীক তেওঁলৈ দিবলৈ হেপাহ আছিল যদিও আন এজনৰ লগত বিবাহ ঠিক হৈ থকাৰ বাবে সেয়া সম্ভৱ নহ'ল । আৰু এজনী জীয়ৰী থকাহেঁতেন নিশ্চয় তেওঁলৈকে বিয়া দিলেহেঁতেন বুলি গৰ্বেৰে কৈছিল । আৰু হয়তো সেইবাবে নিজৰ জীয়েকৰ ননদজনীকে তেওঁলৈ দেখুওৱাৰ কথা কৈছিল । আৰু আজি এয়া হঠাতে জেঠমহীয়া এটি আবেলিপৰত দুয়োৰে চা চিনাকি হ'ল । পাতল হালধীয়া বৰণৰ চুৰিদাৰযোৰেৰে তাইক অপূৰ্ব ধুনীয়া লাগিছিল । নিৰ্মল কুমাৰ প্ৰথম দৰ্শনতেই যেন পাটলিৰ প্ৰেমত পৰিছিল । এটি ৰোমান্তিক ভাৱে তেওঁৰ হৃদয়ত দোলা দি গৈছিল । 

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)