মাঘক আদৰো সংক্ৰান্তিত,
মেজিৰ জুইত জাৰ পুৰিল
মাঘ মাহৰ প্ৰৱেশ ঘটিল।
ঠেটুৱৈলগা জাৰক সামৰি
পুহ গ'ল আঁতৰি,
নিয়ৰ কণা,কুঁৱলিয়েও
মাগিলে মেলানি।
উৰুকাৰ ভেলাঘৰত
ভোজ ভাতৰ কিৰিলি,
চিৰা,পিঠা সান্দহ গুড়ি
ঘৰে ঘৰে উভৈনদী।
ৰংঘৰৰ বাকৰিত
গোনাম'হৰ যুঁজ খন,
পিছপৰি নাথাকিল
টেকেলী ভঙা খেল খন।
তিলপিঠা, তেলৰ পিঠা
কাঁহৰ কাঁহীত সজালো,
ম'হৰ এঠাদৈৰে
জলপান যাচিলোঁ।
আহিব দেই সকলো,
নিমন্ত্ৰণ জনালোঁ।
- ৰশ্মি ৰেখা
শিৱসাগৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ