সংকল্প•বন্দিতা কাকতি কলিতা

@admin
0
মাঘৰ বিহুটো আহিলেই উপাসনাৰ মনটো বিষাদেৰে ভৰি পৰে।আজিৰ পৰা প্ৰায় দহ বছৰ আগতে মাঘ বিহুৰ দিনাখনেই অঘটনটো ঘটিছিল।উপাসনাৰ গিৰিয়েক মৃগাংক মাছৰ বজাৰলৈ গৈছিল।হঠাৎ ট্ৰাক এখনে মৃগাংকই চলাই নিয়া স্কুটি খনত খুন্দা মাৰে,সি দূৰলৈ চিটিকি পৰে।ওচৰৰ মানুহ এচামে শুশ্ৰূষা কৰে।মৃগাংকৰ মাত বোল বন্ধ হৈ যায়।
উপাসনাহঁতৰ সম্পৰ্কীয় মানুহ এজনে ঘৰলৈ খবৰ দিয়ে।ঘৰৰ মানুহে খবৰটো পায়।উপাসনাৰ বৰজনা আৰু মৃগাংকৰ দেউতাক ঘটনাস্থলীত উপস্থিত হয়।ততাতৈয়াকৈ এখন ১০৮ মাতি জি.এম.চি লৈ অগ্ৰসৰ হয়।চিকিৎসালৈ গৈ নাপাওঁতেই আধা পথতেই মৃগাংকই শেষ নিশ্বাস ত্যাগ কৰে।
   উপাসনা তেতিয়া অন্তঃসত্বা।তাইৰ ৰঙীন সেন্দুৰীয়া সেওতা উকা হৈ পৰে।জীৱন হৈ পৰে প্ৰহেলিকাময়।এটা সময়ত তাইৰ জীৱনলৈ পৰাগ আহে, মৃগাংকৰ সন্তান।পৰাগক লৈয়ে তাই আগবাঢ়ে জীৱনৰ একা বেঁকা পথ।
আজি আকৌ দহটা বছৰ পিছৰ মাঘ বিহু।উখল মাখল ঘৰখন।কৰ্মসূত্ৰে যোৰহাটত থকা বৰজনাৰ পৰিয়ালটো আহিছে।উপাসনাৰ মনটো বহুত দিনৰ পিছত মুকলি মুকলি লাগিছে।বৌৱেক জনীৰ লগত পিঠা পনা বনাইছে।গঞা ৰাইজৰ লগত উৰুকাৰ প্ৰীতিভোজটোও খালে লগে ভাগে।কাইলৈ বিহু,ৰাজহুৱা পথাৰত মেজিৰ জুই জ্বলিব।উপাসনাই মনত এটা সংকল্প লৈছে।মেজিৰ দাউ দাউকৈ জ্বলি থকা জুইত যুগান্তৰৰ বেদনাৰ ব্যথাৰ দস্তাবেজখন জ্বলাই দিব।চকুলোবোৰ সামৰি তাইৰ জীৱনৰ উকা কেনভাছত ৰঙৰ আবিৰ সানিব।তাই স্থিৰ হৈ জীয়াই থাকি বা নিজৰ কাৰণে নহ'লেও তাই যে পৰাগৰ কাৰণে জীয়াই থাকিব লাগিব।উপাসনাৰ গীতালী বৰাৰ "অন্তৰতম" নামৰ উপন্যাস এখনৰ এটা শাৰীলৈ মনত পৰিছে ---- 
       "যত কোনো বিকল্প নাথাকে তাতেই জীৱন শক্তিশালী হয়"।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)