ভোগালী বিহু•মামনি শৰ্মা

Rinku Rajowar
0
১৯৯৯  চনৰ কথা । কাৰ্গিল  যুদ্ধ আৰম্ভ হৈছে ।দেশ ৰক্ষাৰ কাৰণে  সকলোঁ অসম জোৱান যুদ্ধলৈ ৰাওনা হৈছে। ৰবি ও তাৰে মাজৰ এজন ।
         মা , মা চা তই দুখ নকৰিবি , মা মই যাব লাগিব 
দেশ ৰক্ষাৰ কাৰণে আমাক  অৰ্ডাৰ দিছে।সেয়েহে আমি যাব লাগিব মা ।চৰকাৰৰ অৰ্ডাৰ মানিব লাগিব।
মোক বাধা নিদিবি মা। আৰে তোৰ চকুত চকু পানী ! নাপাই মা নকান্দিবি । বীৰ যোৱানৰ মাতৃ, হাঁহি মূখে বিদাই দে মা ,যেন ঘূৰি আহি ভোগালী বিহুৰ দিনা তোৰ হাতৰ লাৰু, পিঠা , মাহকৰাই খাব পাৰো ।মাকে তাক কপালত চুমা খাই ক'লে যা বোপা যা ভাল দৰে দেশ মাতৃক  সেৱা কৰ  মোৰ আশীৰ্বাদ থাকিল । বিহুলৈ আহিবি বাট চাই থাকিম তোলৈ ।
         মা আপুনি বাৰাণ্ডাত  বহি আছে কিয়  ?
বোৱাৰীৰ মাতত উচ্প্ খাই উঠিল  । কি ভাবি আছে মা
বিহু আহি পালে ,আজি অলপ চিৰা ,আৰু গুৰা সন্ধাহ ঢেঁকীত খুন্দিম বুলি ভাবিছোঁ ।আপুনি কি কয় 
          আজি বহু বছৰ ধৰি ভোগালী বিহু পালন কৰা নাই।  লাৰু পিঠা বনোৱা নাই  । পোনাকনে ভোগালি বিহু 
কি নাজানে কিয়নো সি জন্ম হোৱাৰ দিন ধৰি ঘৰত
বিহু পালন কৰা  হোৱা নাই। মা ৰবি আৰু ঘূৰি নাহে ভোগালী
বিহুৰ লাৰু পিঠা খাবলৈ ।ভোগালী বিহু
আমাৰ লগত উদযাপন কৰিবলৈ নাহে মা ।
মই এইবাৰ ভোগালী বিহু সুন্দৰ ভাবে পালন
কৰিম বুলি ভাবিছোঁ । পোনাকনক দেখাম বিহু কি।আমাৰ বাপাতি  সাহোন  ভোগালী বিহু ,,,,,,।।
                  

◾ মামনি শৰ্মা, পাঠশালা, বনগাঁও।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)