সন্ধান•সুস্মিতা দাস

Rinku Rajowar
0
শব্দৰ মায়াজালেৰে বান্ধিব নোৱাৰি তাক, 
হৃদয়ৰ গহীন কোঠাত ৰাখিব নোৱাৰি তাক।
মায়া ভৰা পৃথিৱীত 
কাক নো ভাৱিবা আপোন,
নিজৰ স্বাৰ্থৰ বাবে 
সবেই যেন হয় আপোন।

মাজৰাতি সাৰ পাই থাকিলে
গম পাবা পৃথিৱীৰ বাস্তৱতা 
কোনোবাই কান্দিছে
মোক নামাৰিবা,
আন কোনোবাই কৈছে 
মোক এমুঠি অন্ন দিয়া।

ৰাজপথৰ দাঁতিতে থাকে 
দুখন ভিন্ন পৃথিৱীৰ মানুহ
এখন পৃথিৱীৰ মানুহে 
খাদ্যৰ সন্ধানত ৰাজপথত ঘূৰি ফুৰে
আন এখন পৃথিৱীৰ মানুহে 
শৰীৰ খাবলৈ ৰাজপথত বিয়পি থাকে।

✍️ সুস্মিতা দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)