চুটিগল্প: ককাৰ ছাতিটো•কল্পনা বৰা

Rinku Rajowar
0
আজি পুৱাৰেপৰাই ককাৰ বৰ খং। ব্যস্ততাবোৰৰ বাবে ককাৰ লগত ভালদৰে কথা পাতিবলৈকে সময় পোৱা নাই । আজৰি বুলিবলৈ সময়নো ক'ত পাওঁ মই! পুৱা শুই উঠাৰেপৰা ঘৰৰ কাম-বন সকলোখিনি কৰি লৰালৰিকৈ ভাতমুঠি খাই ন বজাতে অফিচ পাবগৈ লাগে। অফিচৰপৰা ঘৰ আহি পাওঁ মানে সন্ধিয়া চাৰি বাজে । ঘৰখনত কেৱল ককা আৰু মই। সৰুতেই  মা-দেউতাই মোক এৰি থৈ কোনোবা অজান দেশলৈ গুছি যোৱাৰ দিন ধৰি ককাই মোৰ সুখ-দুখৰ লগৰী। মোৰ প্ৰতিটো খং,অভিমানৰ সাৰথি ককা। ককাৰো ভাল-বেয়া প্ৰতিটো মুহূৰ্ত্তৰ সাক্ষী হৈ আছোঁ মই। ককাৰ‌ ওচৰত মই যেন একেবাৰে কণমানিজনী হৈ পৰোঁ । মই অভিমান কৰিলে ককাই মৰমেৰে বুজাই আৰু ভুল কৰিলেও সামান্য ধমক দি পাছত মৰমেৰে বুজাই দিয়ে। ককাৰ ইমানখিনি মৰমৰ মাজত ওমলি-জামলি কেতিয়াও মই মা-দেউতাৰ মৰমৰ অভাৱ অনুভৱ কৰা নাই।
         আনদিনাতকৈ আজি অফিচৰ পৰা আহি ঘৰ সোমাওঁতে কিছু পলমেই হ'ল। অফিচৰ সকলোখিনি কাম-কাজ সামৰি ঘৰুৱা কিছু সামগ্ৰীৰ বজাৰ-সমাৰ কৰি থাকোঁতেই পাঁচ বাজিবৰ হ'ল । ককাই যে চিন্তা কৰি থাকিব এই কথা ভাৱিয়েই খৰখেদাকৈ ঘৰ সোমালোহি। আনকালৰদৰে আজি কিন্তু ককাক বাৰান্দাত বহি থকা দেখা নাপালোঁ। বৰ বিশেষ চিন্তাও কৰা নাই ককাৰ বিষয়ে ,ভাৱিলোঁ ককা হয়তো নিজৰ কামত ব্যস্ত আছে। দিনটো অফিচৰ কামৰ হেঁচাত থাকি গধূলি ঘৰ সোমাই একেবাৰেই ভাগৰি পৰোঁ মই। গা-পা ধুই কিছু সময় জিৰাই ল'লো । তাৰপাছত ককা আৰু মোৰ অভ্যাসগত চাহকাপ বাকি লৈ ককাক বিচাৰিলো । কিন্তু ককাক নেদেখি কিছু আচৰিত হ'লো ।ককাৰ শোৱনি কোঠাতো বিচাৰিলো, কিন্তু ককা দেখোন নাই। ইফালে ক্ৰমশঃ আন্ধাৰেও চৌপাশ ছানি ধৰিছে । কিছুসময়ৰ আগতে ডবাৰ শব্দত বনৰীয়া পক্ষীজাকেও সিহঁতৰ নিজস্ব ভাষাৰে ঈশ্বৰক সেৱা জনাইছে । পোক-পতংগ,উইচিৰিঙাবোৰ নিজৰ মাজতেই কথা পাতি হুলস্থূল লগাইছে।
              সময়বোৰ যিমানেই বাগৰিব ধৰিছে,সিমানেই অজান ভয়ত মোৰ শৰীৰটো কঁপিব ধৰিছে । এজাকি শীতল সমীৰে মোৰ অন্তৰাত্মা চুই গ'ল । হঠাৎ মনত কি খেলালে নাজানো,ককাই আজৰি সম‌য়ত প্ৰায়ে জিৰণি লোৱা পুখুৰীটোৰ কাষতে থকা কঁঠালজোপাৰ তল পালোগৈ। ককাক অকলশৰে তাত বহি থকা দেখা পাই মই আচৰিত হৈ গ'লো। ইমান আন্ধাৰত ককা ইয়াত অকলে ! আনকালেতো কোনোদিনেই ককাই এনেকুৱা কৰা নাই! কোনোদিনে মোক নোকোৱাকৈ এনেদৰে ওলায়ো অহা নাই। কথাৰ ৰহস্য মই একো বুজিব নোৱাৰিলোঁ । মাথোঁ আন্ধাৰত অস্পষ্টভাৱে ককাৰ মুখত ক্ৰোধ আৰু বেজাৰৰ ছবিখন দেখা পালোঁ। মুখেৰে ককাই কি কৈ আছে একো বুজিব নোৱাৰিলোঁ।
       ককাক দেখাৰ লগে-লগেই মই দৌৰি গৈ ককাক সাৱটি ধৰি ককাৰ কোচত সোমাই পৰিলো সৰু ছোৱালীজনীৰ দৰেই। নাই,আনদিনাৰ দৰে ককাই মোৰ চুলিত আঙুলি বুলাই মৰমৰ পৰশ সানি দিয়া নাই ।
:"অ' ককা,কিয় ইয়াত অকলশৰে বহি আছানো ? অথনিৰেপৰাই তোমাক বিচাৰি মই হাবাথুৰি খাই ফুৰিছোঁ । মোলৈ জানো অলপো দুখ লগা নাই তোমাৰ!"
নাই,ককাই একো প্ৰত্যুত্তৰ নিদিলে। মূৰ তুলি মোৰ মুখলৈও ভালদৰে চোৱা নাই ককাই। বুজিব পাৰিলো ককাৰ আজি কিবা কথাত খং উঠি আছে আৰু এক গভীৰ দুখে তেওঁৰ অন্তৰত আজি বাৰুকৈয়ে খুন্দিয়াইছে । নিজৰ ওপৰতেই খং উঠিল মোৰ। ইমান বেছি ব্যস্ততাৰ মাজত মই দেখোন দিনত ককাক সময়ে দিব নোৱাৰোঁ!
:"অ' ককা , তুমি এনেদৰে থাকিলে মোৰ জানো ভাল লাগে? কোৱাছোন কি হৈছে তোমাৰ! তুমি যি বিচাৰা মই তাকেই কৰি দিম ককা।" 
:"নুবুজিবি অ' আইজনী তই।" এক গভীৰ শোকে যেন ককাক খুন্দা মাৰি ধৰিলে।
:"ককা, তোমাক মই বুজি পাওঁ নহয়, অন্ততঃ মোক কোৱা কি হৈছে তোমাৰ!"
:"আমাৰ ঘৰৰ সন্মুখতে থকা যে ৰহিম! সি মোৰ ছাতিটো পাঁচ দিনৰ আগতেই নিছিল বুজিছ তাৰ সম্পৰ্কীয় পেহীয়েকৰ বিয়ালৈ যাওঁ বুলি।ছাতিটো মই অতবছৰে বৰ মৰমত ৰখা সত্ত্বেও তাৰ আগ্ৰহটো দেখিয়েই দি পঠাইছিলোঁ তাক। কিন্তু সি কি কৰিলে বুইছ আইজনী! সি কেনেবাকৈ বোলে মোৰ ছাতিটোৰ দাণ্ডি দুডাল ভাঙিলে । সেয়ে বিয়াঘৰতে এৰি থৈ আহিল।"
ককাই বৰ দুখেৰে কৈ যোৱা কথাখিনি মই মন দি শুনি গ'লো।
:"আৰে ককা, তুমি বাৰু এই সাধাৰণ কথাটোতে মনটো ইমান বেয়া কৰিব লাগেনে ? মই দেখোন তোমাক কাইলৈয়ে এটা নতুন ছাতি আনি দিব পাৰিম।"  
মই হাঁহি হাঁহিয়েই ককাক কথাকেইটা ক'লো। 
:'তই বুজি নাপাবি মাজনী। সেই ছাতিটো কেতিয়া কিনিছিলো মোৰ সঠিকভাৱে মনত নাই। মোৰ বহুদিনীয়া পুৰণি ছাতি সেইটো,যাক মই অতবছৰে বৰ সযতনে আৰু মৰমেৰে ৰাখিছোঁ। সি মোক ভগা ছাতিটোকে ঘূৰাই দিয়া হ'লেও আজি ইমান দুখ নাপালোহেঁতেন মই । কত ৰ'দ-বৰষুণৰ সাক্ষী আছিল সেই ছাতিটো। পুৰণি বস্তুৰ প্ৰতি কিমান মোহ থাকে,সেইটো তই বুজিব নোৱাৰিবি মা।"
ককাৰ থুকাথুকি মাতে মোৰ অন্তৰখনকো চুই গ'ল। এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ ককাৰ দুখবোৰ। সঁচাই পুৰণি বস্তুৰ প্ৰতি আমাৰ এক সুকীয়া মোহ থাকে, আন হাজাৰ দামী উপহাৰেও হয়তো তাৰ স্থান ল'ব নোৱাৰে । ককাৰ দুখত মোৰ মনটোকো এজাকি দুখৰ ধুমুহাই চুই গ'ল। স্পৰ্শ কৰি গ'ল শৰীৰ শিহৰিত কৰি তোলা এজাকি চেঁচা বতাহে।


✍️ কল্পনা বৰা
গোলাঘাট জিলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)