সপোন মাত্র খন্তেকৰ।
তথাপি ইমান কিয় অহংকাৰ? বন্ধু! কাৰোবাৰ আনন্দত কাৰোবাৰ ঈর্ষা, কাৰোবাৰ দুখত কাৰোবাৰ আনন্দ। লোকৰ দুখত দুখী সুখত সুখী হ'বলৈ কিমানজননো সাজু?
সকলোৱে বিপদত চকু মুদা কুলিৰ ৰূপ লয়।
এইয়াই বৰ্তমানৰ মানসিকতা।
সত্যক ভয় কৰি মিছাৰে জগত জিনে্, আৰু সঁচাজনক বিদ্রূপ কৰে ‘সত্যবাদী’ বুলি।
জগত এনেকুৱাই বন্ধু,
তুমি নিজে নিজৰ হোৱা।
অন্যৰ কথা ভাবি ত্যাগ নকৰিবা।
তুমি ত্যাগবীৰ আখ্যা নোপোৱা,
ভণ্ড আৰু কপটতাৰ পৰিচয়প্রাপ্ত বহু মানুহ
নিজৰ জীৱনৰ উপহাৰ হিচাপে পাবা। তুমি আনন্দত সংগ নোপোৱা
কিন্তু দুখত সহানুভূতিৰ নিজৰা ব'ব..... হয়তো কোনোবাজন মিথ্যাচাৰী
আন কোনোবাজন স্বাৰ্থপৰ।
তোমাৰ সফলতাই লোকক হাঁহি নিদিয়ে,
বন্ধু, জাকজমকতা খুব ভাল লাগে কিন্তু সৰলতাক সকলোৱে ঘিণ কৰে।
আবেগবোৰ বিক্ৰী কৰি,
মৰম বন্ধকত থৈ
তুমি নিজৰ কামত ব্যস্ত থাকা....
কিন্তু মনত ৰাখিবা, এটা সস্তীয়া আৰু ক্ষন্তেকীয়া সন্মান আৰু অলপ মিছা আভিজাত্য
তাৰ বাহিৰে একো নোপোৱা।
বন্ধু, এইয়া
তিক্ত সত্যতা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ