ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা-জিলমিল বৰঠাকুৰ

©Admin
0
নৱবৰ্ষ _____
নতুন বছৰৰ নতুন সংকল্প
নতুন কিৰণ
এই কিৰণৰ প্ৰটিতো স্পৰ্শই জীয়াই তোলক সকলোৰে জীৱন। তাৰেই কামনাৰে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। পুৰণি বছৰৰ দুখ - কষ্ট পৰিহাৰ কৰি ন-সুৰুযৰ ৰঙীন আভাৰে উদ্ভাষিত হৈ উঠক সকলোৰে জীৱন।
সফলতা আৰু বিফলতা -
বুলি জীৱন পথৰ পাকলগা দুটি শব্দৰ পিছত ধৰি আগুৱাই যাবলৈ সকলোৱে বিচাৰে।কিয়নো,আমি সকলো আশাবাদী। কিন্তু সফলতাৰ পিছত দৌৰি দৌৰি ভাগৰুৱা হৈ পৰিছে আমাৰ দেহ আৰু মন। কাহানিও আমি থমকি যাব নোৱাৰিম।সেয়ে আমি যুঁজি আছোঁ।
প্ৰতিটো পুৱাই আমি এখন যুদ্ধৰ বাবে প্ৰস্তুতি চলাবলগীয়া হয়।এয়াই আমাৰ জীৱন।সুখ আৰু দুখৰ বহু স্মৃতিৰ আধাৰত আমাৰ জীৱনে হাবু-ডুবু খাইছে।তথাপি আমি ধৈৰ্য্য নামৰ লেকাম ডালেৰে আমাৰ মনৰূপী ঘোঁৰাটোক স্থিৰ গতিৰে নিবলৈ চেষ্টা কৰিব লাগিব। ভুলবোৰ শুধৰাই আমি আমাৰ গতিপথত আগুৱাই যাব লাগিব, তেতিয়াহে আমি সফলতাৰ ফালে আগুৱাই যাব পাৰিম।জয় আৰু পৰাজয় আমাৰ জীৱনত দেখা দিয়া অনেক সমস্যাই আমাক বিভ্ৰান্ত কৰিব যাতে নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অতীতৰ দুখ - যন্ত্ৰনা বোৰৰ সামৰণি মাৰি এক নতুন আশাৰে আলোকময় পথৰ সন্ধান বিচাৰি আগবাঢ়ি যাবই লাগিব। চেষ্টাৰ অসাধ্য একো নাই।বহুতৰে বহুত হেৰাল হয়তো বহুতৰ আপোনজনক হেৰুৱাব লগীয়া হৈছে।দুখত ভাগি পৰা মনটোক সান্ত্বনা দিয়াৰ প্ৰস্তুতি চলাব লাগিব। নতুন উদ্যম নতুন সাহসৰে পুনৰ আৰম্ভ হ'ব জীৱনৰ প্ৰতিটো ক্ষণ, প্ৰতিটো দিন।
সুখেৰে পৰিপূৰ্ণ হওঁক প্ৰতিখন ঘৰ।
এইয়া আমাৰ শান্তি।২০২৪ ৰ চিৰ স্মৰণীয় হৈ ৰঁওক কেৱল আনন্দ আৰু সুখৰ নামেৰে দুখৰ পৰিসমাপ্তি হওঁক।
মানুহৰ মনবোৰ নিকা আৰু পৱিত্ৰ হওঁক।
প্ৰথম ঘৰখনত শান্তি হওঁক, তাৰ পিছত সমাজখন, তেতিয়াহে দেশ খন শান্তি হ'ব।
এই সফলতাৰ প্ৰকৃত উদ্দেশ্য শিৰোগত কৰি আমি ঈশ্বৰ ওপৰত বিশ্বাস ৰাখি আমি হাতে - হাত ধৰাধৰিকৈ আগুৱাই যাঁও আহক।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)