জানিবলগীয়া কিছু কথা •দৃলীনা দাস

@admin
0
১/গুমৰাগ নৃত্য কোন উৎসৱত পৰিৱেশন কৰা হয়?
উত্তৰ:আলি আই লৃগাং।

২/কোন অঞ্চলত হুদুমদেও পূজা পালন কৰা হয়?
উত্তৰ: গোৱালপাৰা।

৩/লেৱাটানা নৃত্য কোন জনগোষ্ঠীৰ লোকে পৰিৱেশন কৰে?
উত্তৰ: হাজংসকলে।

৪/মহোহো উৎসৱ কেতিয়া পালন কৰা হয়?
উত্তৰ: আঘোণ মাহৰ পূৰ্ণিমা তিথিত।

৫/ৱাংগালা উৎসৱ কোন জনগোষ্ঠীৰ লোকে পৰিৱেশন কৰে?
উত্তৰ: তিৱাজনগোষ্ঠীৰ লোকসকলে।

৬/মাঘবিহুৰ সময়ত চাহ জনগোষ্ঠীয় লোকসকলে পালন কৰা লোকউৎসৱবিধৰ নাম কি?
উত্তৰ: টুচু পূজা।

৭/ বাইখো উৎসৱ কোন সকল লোকে পালন কৰে?
উত্তৰ: ৰাভাসকলে।

৮/নাঙেলি গীত কোন অঞ্চলত প্ৰচলিত লোকগীত?
উত্তৰ:দৰং।

৯/ভাৱায়া আৰু চটকা কোন অঞ্চলত প্ৰচলিত লোকগীত?
উত্তৰ: গোৱালপাৰা।

১০/হাইদাং গীত কোনটো জনগোষ্ঠীৰ লোকগীত?
উত্তৰ: সোণোৱাল কছাৰী।

১১/আহোমসকলৰ উপাস্য দেৱতা কোন?
উত্তৰ: চুমদেও।

১২/খেৰাই পূজা কোনটো জনগোষ্ঠীৰ লোকে পালন কৰে?
উত্তৰ: বড়োসকলে।

১৩/চমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ: কাৰ্বিসকলে।

১৪/পিনি – পেকক কোন জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰে?
উত্তৰ: কাৰ্বিসকলে।


১৫/ জোনবিল মেলা অসমৰ কোন জিলাত অনুষ্ঠিত হয়?
উত্তৰ: মৰিগাঁও জিলাত।

১৬/গোৱালপাৰীয়া লোকগীতৰ বাবে প্ৰখ্যাত ব্যক্তিগৰাকীৰ নাম কি?
উত্তৰ: প্ৰতিমা পাণ্ডে বৰুৱা।

১৭/হামজাৰ নৃত্য কোন জনগোষ্ঠীৰ লগত জড়িত?
উত্তৰ: ৰাভাসকলৰ লগত জড়িত।

১৮/ ভঠেলী উৎসৱৰ সৈতে জড়িত বিষয়টো কি?
উত্তৰ: বাঁহ পূজা।

১৯/বাৰেচহৰীয়া ভাওনা অসমৰ কোন ঠাইত অনুষ্ঠিত কৰা হয়?
উত্তৰ: জামুগুৰিহাটত।

২০/ভোৰতাল নৃত্য অসমৰ কোন ঠাইৰ পৰা মূলত বিকশিত হৈছে?
উত্তৰ: বৰপেটা।

২১/পচতি উৎসৱ কোনটো বিষয়ৰ লগত জড়িত?
উত্তৰ: শ্ৰী কৃষ্ণ জন্ম উৎসৱ।

২২/দৈয়ন দিয়া, গাথিয়ন খুন্দা আদি লোকাচাৰ সমূহ কোন অনুষ্ঠানৰ সৈতে জড়িত বিষয়?
উত্তৰ: বিবাহ অনুষ্ঠান।

২৩/আকাশ বন্তি জ্বলোৱা পৰম্পৰা কোনটো বিহুৰ সৈতে জড়িত?
উত্তৰ: কাতি বিহু।

২৪/টাই বৌদ্ধসকলে পালন কৰা বসন্তকালীন উৎসৱবিধ কি?
উত্তৰ: পইচাংকেন ।

২৫/বুকুনি-পাটানি কোন জনগোষ্ঠীৰ লোকসকলে পৰিধান কৰে?
উত্তৰ:কোচ ৰাজবংশীসকলে।

২৬/মেডাম মেফি কোন সম্প্ৰদায়ৰ লোকসকলে পালন কৰে?
উত্তৰ: টাই আহোমসকলে।

২৭/ৰংকেৰ আৰু চোমাংকান কোন জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে ?

উত্তৰ: কাৰ্বিসকলে।

২৮/বাথৌ পূজা কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ: বড়োসকলে।

২৯/অসমত আহোমসকলৰ বিবাহ অনুষ্ঠানক কি বুলি জনা যায়?
উত্তৰ: চকলং।

৩০/চন্দ্ৰৱালৰ হাৰ কোন সম্প্ৰদায়ৰ লোকে পৰিধান কৰে?
উত্তৰ: ডিমাছাসকলে।

৩১/কোনখন কিতাপত অসমৰ ৰেচমৰ বিষয়ে উল্লেখ কৰা আছে?
উত্তৰ: কৌটিল্যৰ অৰ্থশাস্ত্ৰ।

৩২/ৰাভাসকলৰ পৰম্পৰাগত সাজ-পোচাকক কি বুলি কোৱা হয়?
উত্তৰ: কৌম কণ্টং।

৩৩/শ্লোক, চিন, নৃত্য, ভাওনা বিভিন্ন পৰ্যায়ৰ বিষয়ে বিতংকৈ বুজাই দিয়া ব্যক্তিজনক কি বুলি কোৱা হয়?
উত্তৰ: সূত্ৰধাৰ।

৩৪/ বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: মাধৱদেৱ।

৩৫/আউনিআটি সত্ৰ অসমৰ কোন জিলাত অৱস্থিত?
উত্তৰ: মাজুলী।

৩৬/কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল ?
উত্তৰ: শংকৰদেৱ।

৩৭/ কমলাবাৰী সত্ৰ ক’ত অৱস্থিত?
উত্তৰ: মাজুলী।

৩৮/ অসমৰ শাস্ত্ৰীয় নৃত্যশৈলী কি?
উত্তৰ: সত্ৰীয়া নৃত্য।

৩৯/সুতুলী কিহেৰে নিৰ্মিত?
উত্তৰ:  মাটিৰে নিৰ্মিত।

৪০/আমেটি আৰু তান্ত্ৰিক উৰ্বৰতা উৎসৱক কি বুলি জনা যায়?
উত্তৰ: অম্বুবাচী মেলা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)