ব্ৰহ্মাণু-সূৰজ বৰগোঁহাই

©Admin
0
কি ফুলৰ গোন্ধই আজি
মোহিছে তোমাৰ ৰঙা কলিজা
কোন পৃথিৱীৰ সেই অপূৰ্ব পুষ্প
যাৰ জ্যোতিত মুগ্ধ আমাৰ পৃথিৱী...?

আপুনি অপূৰ্ব নাৰী
যাৰ সৌন্দৰ্যত তন্ময় আমাৰ পৃথিৱী
সৃষ্টি স্থিতি ধ্বংসলীলা
আপোনাৰ ভৰিত,
সেয়ে চাগে দেখো
দস্যুৰ লগত ৰক্তাক্ত যুদ্ধ ।

আপুনি নহ'লে অচল এই ব্ৰহ্মাণ্ড 
সেয়ে চাগে প্ৰতি পুৰুষৰ বুকুত
এটি উষ্ম আবেগৰ আন্দোলন
হয়তো প্ৰাৰ্থনাৰ, হয়তো নিবেদনৰ।
 
প্ৰতি নাৰীৰ বুকুত 
পালন কৰোঁতা পুৰুষ
এটি উশাহ নিশাহৰ প্ৰাণবায়ু
হয়তো মমতাৰ, হয়তো আশ্বাসৰ ।

এই দুটি ব্ৰহ্মাণু মিলন নহ'লে
সেই পৃথিৱী নহয় সুখৰ ।
                
             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)