মাথোঁ তাত কেতিয়াবা
নিৰৱতা ভংগ কৰে
একো একোটা শব্দই---
ৰছি যায় এখনি সপোন সদৃশ
উপন্যাসৰ প্ৰতিটো পৃষ্ঠা---
কেতিয়াবা এই শব্দই যেতিয়া
বুকুত আঘাত কৰে
থান্-বান্ হৈ পৰে হৃদয়---
উসঃ! কি যে শব্দৰ মায়াজাল---
নিশাৰ নিস্তব্ধতাইও
দি যাই
বুকু কপি যোৱা একো একোটি
অচিন চৰাইৰ মাতৰ শব্দ---
ৰাতি গভীৰ হৈ আহিলে ঘড়ীৰ কাঁটাৰ
টিক্ টিক্ শব্দইও
কঁপাই তোলে বুকু অচিন আশংকাত।
তাৰ মাজতে আছে লুকাই
ভাল লগা শব্দও "মা" ৰূপেৰে
হৃদয় যেন নদী হৈ বৈ যায়
এই একোটি মিঠা শব্দৰ মাজেৰে---
◾বন্দনা চৌধুৰী
গুৱাহাটী(শিলপুখুৰী)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ