ঘুমটি ভাগিল•জোনমনি বৰা

Rinku Rajowar
0
ৰাতি  নৌপাওঁতেই
ঘুমটি ভাগিল 
আধৰুৱা সপোনে
গা মুৰি দিলে
ৰাতিটো বৰ দীঘলীয়া
আছিল ৷
ভাবনাৰ তৰা ফুল বোৰ
আকাশ ছানি উলাইছিল 
এচমকা নিৰাশাৰ
কলিয়া ডাৱৰে
ধাকি ধৰিলে
মোৰ তৰা ভৰা  
আকাশ খন ৷

এতিয়া নিমাওমাও
জিলমিল জোনালীৰ
উলাহী বতাহ 
এতিয়া স্থিৰ মোৰ 
মনৰ ভাৱনা বতাহ
কিম্বা গছ লতিকা ৷

◾জোনমনি বৰা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)