ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন ১৯ •নবীন চন্দ্ৰ মেধি

@admin
0
নিৰ্মল কুমাৰে সিদ্ধান্ত ল'লে পৰিণীতাক ঘৰতে ৰাখি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে পঢ়া শুনা কৰাব । ঘৰত থাকিলে নিৰাপদে বিদ্যালয়লৈ অহা যোৱা কৰিব পাৰিব । ঘৰৰ ওচৰতে জাতীয় বিদ্যালয় আছে যেতিয়া দশম শ্ৰেণীলৈকে তাতেই পঢ়া শুনা শেষ কৰক । পিতৃ মাতৃৰ মৰম চেনেহ আৰু অনুশাসনৰ মাজেৰে ডাঙৰ দীঘল হ'লে পিছলৈ নিজে ভাল মানুহ হিচাপে নিজকে প্ৰস্তুত কৰিবলৈ সক্ষম হ'ব পাৰিব । সি নিজেই এজন দবা খেলুৱৈ , শিক্ষক , কবি সাহিত্যিক যেতিয়া নিজৰ ল'ৰা ছোৱালীক এই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰিব পাৰিব । প্ৰতাপ চন্দ্ৰই এতিয়াৰে পৰা কবিতা লিখিবলৈ আৰম্ভ কৰিছেই । দবা খেলৰ প্ৰতিও আগ্ৰহী । কিন্তু ছোৱালীজনী নৃত্য গীতৰ প্ৰতি অলপ আকৃষ্ট । ছবি আঁকিবলৈ চেষ্টা কৰে । দবাও খেলে । সাহিত্যৰ প্ৰতি বিশেষ আকৃষ্ট হোৱা নাই । 

মাক পাটলিয়ে জীয়েকক নবোদয়ত দিয়াৰ কথা চিন্তা কৰিছিল । সি নিজেই কেইবাদিনো ধৰি ইটো সিটো কৰাৰ পিছতো যেতিয়া চৰকাৰী অফিচাৰে ভেৰিফিকেশ্যন কৰি নিদিলে তেতিয়া সকলো আশা বাদ দিলে । 

পৰিণীতাই আগৰ দৰেই আকৌ জাতীয় বিদ্যালয়লৈকে অহা-যোৱা কৰিবলৈ আৰম্ভ কৰিছিল । নিৰ্মল কুমাৰে পৰিণীতা আৰু কৌশিক প্ৰতাপক স্কুটিখনেৰে থৈ আহে আৰু বিদ্যালয় ছুটিৰ সময়ত লৈ আহে । প্ৰথম গোট পৰীক্ষাত কৌশিক প্ৰতাপে ৯৫% আৰু পৰিণীতাই ৮৩% নম্বৰ লাভ কৰিলে । 

লাহে লাহে ছমহীয়া পৰীক্ষা পালেহি । ছমহীয়া পৰীক্ষাটো দুয়োৰে ৰিজাল্ট ভাল । বিদ্যালয়ৰ তৰফৰ পৰা দুয়োয়ে পুৰস্কাৰ লাভ কৰিলে । সি নিশ্চিত হৈ পৰিছিল ল'ৰা ছোৱালীয়ে পঢ়া শুনা ভালদৰে কৰিব । এতিয়া মাথো চিন্তা জীৱনত কিবা এটা কৰাৰ । 

জীয়াই থাকিবলৈ হ'লে জীৱনত কিবা এটা কৰিব লাগিব । চাকৰিৰ আশা বাদ দিব পৰা নাই । কিন্তু এতিয়ালৈকে চাকৰিও পোৱা নাই । ইতিমধ্যে ২০২১ চনত অসম চৰকাৰে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয় সমূহত শিক্ষাদান কৰি থকা শিক্ষকসকলৰ একাংশক টিউটৰ হিচাপে নিযুক্তি দিছিল । নিৰ্মল কুমাৰে আশা কৰা ধৰণে চাকৰিটো নাপালে । একেখন বিদ্যালয়ৰ মাত্ৰ দুজন শিক্ষকৰ পদতহে চৰকাৰে নিযুক্তি প্ৰদান কৰিছিল । এজন সমাজ বিজ্ঞানৰ শিক্ষক হিচাপে আৰু আনজন ভাষা শিক্ষকৰ পদত নিযুক্তি দিলে । আশা কৰা মতেই বিদ্যালয় প্ৰধানজনে সমাজ বিজ্ঞানৰ শিক্ষক হিচাপে আৰু হিন্দী শিক্ষকজনে ভাষা শিক্ষকৰ পদত নিযুক্তি লাভ কৰিছিল । কিন্তু বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক ইন্দ্ৰেশ্বৰ তামূলী ছাৰৰ লগতে বিজ্ঞান আৰু গণিতৰ শিক্ষক বিকাশ বৰা আৰু ইংৰাজী বিষয়ৰ শিক্ষক নিৰ্মল কুমাৰে নিযুক্তিৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছিল । লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দেৱকান্ত বৰা ছাৰৰ পদটোও অহা নাছিল । অৱশ্যে পিছৰ বছৰ তেখেতৰ নিযুক্তি হৈছিল । 

প্ৰতিষ্ঠাপক শিক্ষক হিচাপে দেৱকান্ত বৰা ছাৰে বহু বছৰ শিক্ষকতা কৰাৰ পিছত নিৰ্মল কুমাৰ শৰ্মা ছাৰক নিযুক্তি দিয়াৰ পিছত ২০০৫ চনত বিদ্যালয়ৰ স্বাৰ্থত আমাক চকিদাৰ পোষ্টৰ দৰকাৰ নাই । তাৰ সলনি এজন অতিৰিক্ত শিক্ষকহে লাগে । এইবুলি কৈ দুগৰাকী অতিৰিক্ত শিক্ষকহে নিযুক্তি দিছিল । সেই সময়ত বিদ্যালয় খন ধ্বংসমুখী হৈছিল । ১৯৯৩ চনৰপৰা ২০০৫ চনলৈকে ১২ বছৰ বিদ্যালয়খনৰ শিক্ষকসকলে বিনাবেতনে কাম কৰিব লগা হৈছিল । নিজৰ পৰিয়ালৰ ভৰণ পোষণৰ স্বাৰ্থত শিক্ষকসকলে লাহে লাহে আঁতৰি যাবলৈ বাধ্য হৈছিল । বহুতো শিক্ষক আহিল আৰু গ'ল । অৱশেষত ২০০৫ চনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক বদলিকৰণৰ প্ৰমাণ পত্ৰ লিখি ওচৰত থকা আন এখন বিদ্যালয়লৈ পঢ়িবলৈ পঠিয়াবলৈ সাজু হৈছিল । 

সেই সময়তে দেৱকান্ত বৰা ছাৰৰ তৎপৰতাত আৰু প্ৰধান শিক্ষক বিৰেন শইকীয়াছাৰৰ তৎপৰতাত শিক্ষক নিযুক্তি দিবলৈ আৰম্ভ কৰে । প্ৰথমে ইংৰাজী শিক্ষক হিচাপে নিৰ্মল কুমাৰ শৰ্মা ছাৰক নিযুক্তি দিয়ে । প্ৰধান শিক্ষকৰ ভাষ্য আছিল - 

: মই অবিবি শিক্ষকৰ পদত আবেদন কৰি থৈছোঁ । উচ্চ ন্যায়ালয়ত কেছ তৰি থোৱা আছে । যদি নিযুক্তি লাভ কৰো তেতিয়া এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদত তোমাক নিযুক্তি দি থৈ যাম । 

সেই সময়লৈকে নিযুক্তি দিয়া শিক্ষকসকলৰ শিক্ষাগত অৰ্হতা স্নাতক নাছিল । গতিকে স্নাতক শিক্ষকৰ দৰকাৰ হোৱা বাবে নিৰ্মল কুমাৰ শৰ্মাক নিযুক্তি দিছিল । 

ইয়াৰ পিছত নিযুক্তি দিলে দুলুমণি বৰা বাইদেউক । অসমীয়া বিষয়ৰ শিক্ষক হিচাবে যোগদান কৰিছিল বাইদেৱে । লগে লগেই নিযুক্তি লাভ কৰিলে গীতা মৌৰ্য নামৰ এগৰাকী ছোৱালীয়ে । হিন্দী ভাষাৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰিলে গীতা বাইদেউৱে । শেষতীয়াকৈ হৰি প্ৰসাদ সোণাৰী আহিল বিজ্ঞানৰ শিক্ষক হিচাপে । এনেদৰেই এজন এজনকৈ সাতজন শিক্ষক শিক্ষয়িত্ৰীৰে বিদ্যালয়খন পুনৰ ঠন ধৰি উঠিছিল । 

এটি সুখৰ খবৰ । সেই বছৰৰে ডিচেম্বৰ মাহৰ শেষলৈ বিদ্যালয়খনে চৰকাৰী অনুমতি আৰু স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল । 
তাৰ পিছত পাঁচ বছৰ পাৰ হৈ গ'ল । আকৌ উলট পালত । শিক্ষকসকলৰ শেষতীয়াকৈ নিযুক্তি লাভ কৰা কেইজন আঁতৰি যাবলৈ বাধ্য হৈছিল । কিন্তু নিৰ্মল কুমাৰে দুখ হতাশা কষ্টৰ মাজেৰেই পাঠদান কৰি গৈছিল । ২০১০ চনমানৰ পৰাই চৰকাৰে মাহত ৪০০০ টকাকৈ ( বছৰি ৪৮০০০ টকা ) আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ লৈছিল । শিক্ষকসকলে কিছু তত্ পাইছিল । ২০১৩ চনত বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিবলৈ লৈছিল । কিন্তু স্বীকৃতি লাভ কৰা দহ বছৰ পাৰ কৰা সকলৰ বিদ্যালয়হে প্ৰাদেশিকীকৰণ কৰা হৈছিল । গতিকে সিহঁতৰ বিদ্যালয় খন প্ৰাদেশিকীকৰণ নহ'ল । ২০১৫ চনলৈকে আৰ্থিক সাহাৰ্য প্ৰদান কৰি আছিল । যেনেতেনে দিনকেইটা পাৰ হৈ গৈছিল । ২০১৭ চনৰ পৰা আকৌ বিদ্যালয় প্ৰাদেশিকীকৰণৰ কাম আৰম্ভ কৰিছিল আৰু অৱশেষত ২০২১ চনত বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হৈছিল যদিও সিহঁতৰ মাত্ৰ দুটা পদতহে চৰকাৰে নিযুক্তি প্ৰদান কৰে । 

( আগলৈ ) 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)