ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন ১৮ •নবীন চন্দ্ৰ মেধি

@admin
0
গোলাঘাট জিলাৰ পৰা জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাচনি পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থী সকলৰ ভিতৰত পৰিণীতা আছিল একেবাৰে সৰু । ভাল নম্বৰ লাভ কৰিছিল তাই । এতিয়া প্ৰথমতে ধনশিৰি মহকুমা চিকিৎসালয় , সৰুপথাৰলৈ ৰাওনা হ'ব লগা হ'ল । ছোৱালীজনীৰ মেডিকেল কৰাব লাগে । এক্স ৰে , আল্ট্ৰাচান , ইচিজি , দাঁতৰ পৰীক্ষা , চকুৰ পৰীক্ষা , নাকৰ পৰীক্ষা , পেটৰ পৰীক্ষা , কাণৰ পৰীক্ষা , হিমগ্লবিন , তেজৰ গ্ৰুপ , কিমান কি যে টেষ্ট কৰাব লাগে । এইখিনি কৰাই মেলি হাজাৰ হাজাৰ টকা বিনা কাৰণত খৰছ কৰাৰ কি কাৰণ আছে । 

এইবাৰ আহিল অফিচিয়েল কাগজ পত্ৰৰ কাম । আধাৰ কাৰ্ড , জন্মৰ প্ৰমাণ পত্ৰ , উপাৰ্জনৰ প্ৰমাণ পত্ৰ , স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ , বেংকৰ পাছ বুক , জাতিৰ প্ৰমাণ পত্ৰ , পঞ্চায়তৰ প্ৰমাণ পত্ৰ , গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ , বিদ্যালয়ৰ প্ৰমাণ পত্ৰ আৰু একেবাৰে শেষত আহিল খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ প্ৰমাণ পত্ৰ । 

তাতেই লাগিল লেঠা । পৰিণীতাই যিখন জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষা দিছিল সেইখন বিদ্যালয়ে আজিলৈকে চৰকাৰী অনুমতি আৰু স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল । গতিকে শিক্ষা বিষয়া বৰ্মণ টেৰণ ছাৰে বিদ্যালয়ৰ পৰা কাগজ পত্ৰ উলিয়াই আনি দিলেহে কাউণ্টাৰ চাইন কৰি দিম বুলি কোৱাত সেইফাললৈ আধ্যা পৰিল । 

তথাপি এদিন নামভৰ্তিৰ বাবে নিৰ্দিষ্ট দিনা ৭ আগষ্ট তাৰিখে লগৰ বন্ধু এজনৰ সৈতে গোলাঘাট চীনাতলি পালেগৈ । কিন্তু শিক্ষা বিষয়াৰ হস্তাক্ষৰ অবিহনে নামভৰ্তি কৰণ সম্ভৱ নহয় বুলি কৈ পঠিয়াই দিয়ে । 

পৰিণীতাৰ ইমান দিনৰ কষ্ট আশা ভৰসা সকলো অথলে গ'ল । সঁচাকৈ চৰকাৰী বিভাগটোৰ প্ৰতি লাহে লাহে নিৰ্মল কুমাৰে আস্থা হেৰুৱাই পেলাইছে । চাকৰি এটা বিচাৰিলেও পাবলৈ টান । টকা পইচা নহ'লে চৰকাৰী কোনো ক্ষেত্ৰতে একো এটা লাভ কৰা সম্ভৱ নহয় । চাকৰি নহ'ল , ৰেচন কাৰ্ডৰ ব্যৱস্থা নহ'ল , জব কাৰ্ড নহ'ল , আয়ুস্মান কাৰ্ড নাই , চৰকাৰী লেট্ৰিন , বাথৰূম , ঘৰ , গেছ , বিদ্যুৎ সংযোগ একো এটা পাবলৈ সক্ষম নহ'ল । গতিকে এইখন চৰকাৰৰ পৰা সি আৰু একো আশা নকৰে । যাওক যহন্নামে এইখন চৰকাৰ । লুটিপুটি খাওক । সকলো বেচি দেশখন ধ্বংস কৰিলে । হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ দেশ চলাইছে নে নিজৰ সম্পত্তিৰ পাহাৰ গঢ়িছে সেয়া কেৱল ৰজাইহে জানে । এইখন চৰকাৰ পতন ঘটিলে এদিন হয়তো তদন্ত হ'ব । তাৰ পিছত ওলাই পৰিব জোলোঙাৰ মেকুৰী । দিনক দিনে ঘৰুৱা সামগ্ৰীৰ মূল্যবৃদ্ধি হৈ গৈ আছে । চৰকাৰৰ এই ক্ষেত্ৰত কোনো ভ্ৰূক্ষেপেই নাই । ৰাজহুৱা সম্পদ সমূহ বিক্ৰী কৰি শেষ কৰিলে । যিয়ে প্ৰতিবাদ কৰিছে তাকে কাৰাবন্দী কৰিছে । একছত্ৰী সম্ৰাটৰ আধিপত্য স্থাপন হোৱাৰ কথা অহুকাণে পহুকাণে শুনিবলৈ পায় । হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰি সেইসমূহ শিক্ষকক দিব লগা দৰমহাৰ টকাৰে মহাৰাণীৰ নামত ব্যক্তিগত বিদ্যালয় স্থাপন কৰিছে । এইখন চৰকাৰৰ দিনত এয়াই পৰিবৰ্তন ঘটিছে । ৰাইজৰ কষ্টৰ ধন আৰু সময় অথলে পঠিয়াই চৰকাৰে টোগলকী কাণ্ড কৰি ঘুৰি ফুৰিছে । এইবোৰ দেখি শুনি নিৰ্মল কুমাৰ শৰ্মাৰ চৰকাৰ আৰু চৰকাৰী বিভাগসমূহৰ প্ৰতি বিৰক্তি উপজিছিল । 

পৰিণীতাৰ আগত কি বুলি ক'ব সি । যে এইখন দেশত ভাল বিদ্যালয় এখনত পঢ়িবলৈ হ'লেও কেৱল পঢ়া শুনা ভাল হ'লেই নহ'ব । চৰকাৰে বহুত বস্তু বিচাৰে এইবোৰ বস্তু তুমি পঢ়া জাতীয় বিদ্যালয়খনৰ নাই । চৰকাৰী বিদ্যালয়ত পঢ়াহেঁতেন আজি জৱাহৰ নবোদয় বিদ্যালয়ৰ শ্ৰেণীকোঠাত পঢ়িবলৈ সুবিধা হ'লহেঁতেন । সি পৰিণীতাৰ চকুলৈ নোচোৱাকৈ তলমুৱাকৈ তাইৰ কাষেৰেই পাৰ হৈ গ'ল । 

( আগলৈ ) 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)