স্বাধীনতা আৰু মানৱতা-সীতা দেৱী

©Admin
0
স্বাধীন দেশত মানৱতাৰ অপমৃত্যু ,
জীৱ শ্ৰেষ্ঠ মানুহৰূপী দানৱৰ তাণ্ডৱ
অশান্ত মন,
অশান্ত দেশ,
অশান্ত বিশ্ব।
বিশ্ববাসীৰ বিকট চিৎকাৰ,
নিৰ্যাতনৰ দাবানল,
অহৰহ আৰ্তজনৰ আৰ্তনাদ।
নিৰ্যাতন হৃদয়ত,
নিৰ্যাতন শৰীৰত,
নিৰ্যাতন মগজুত।
কল্পনা কৰিব নোৱাৰা পেৰেড,
লম্পট জিঘাংসুৰ মাতাল নৃত্য।
শাসন ক'ত?
সংবিধান ক'ত?
স্বাধীনতা ক'ত? 
আৰু গণতন্ত্ৰ?
জীৱ শ্ৰেষ্ঠ নে জীৱ নিকৃষ্ট? 
দোষীজনতকৈ দেখিও নেদেখা কৰা জনৰ
মৌনব্ৰত ধাৰণ , বেছি দোষণীয়।
এয়া অপৰাধ,
ঘোৰ অপৰাধ ।
ইয়াৰ ৰহস্য ক'ত?
জানিও নজনাৰ অভিনয় কৰা জনৰ 
বৃহৎ অংক ক'ত?
স্বাধীনতা ক'ত?
কাৰোবাৰ পেকেটত?
নে শাসনৰূপী শাসকৰ ছত্ৰছায়াত?
মানৱতা ক'ত?
স্বদেশৰ সংজ্ঞা ক'ত?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)