আঘোণে ৰিঙিয়াই▪️নিশা বৰা

@admin
0
আঘোণৰ সোণালী লাগি আজি মোৰ মনৰ চোতাল সোণোৱালী‚
হেঁপাহ জুৰোৱা বাটত সন্ধিয়াৰ পৰশে কৰে মন মোৰ বাউলী।

সোণগুটিৰ হাঁহিত জিলিকিছে ক'ত যে কৃষকৰ নয়নমণি‚
ৰচিছে প্ৰাণৰ সপোন চেনেহৰ পথাৰখনিত।

জানা ককাই…
পথাৰত তোমাক দেখিলেই বোলে কাৰোবাৰ হৃদয়ত বাজে ঢেৰেকনি-বিজুলী‚
এয়াইতো প্ৰেম ন
যি হয় দুচকুৰ প্ৰথম চাঁৱনিত।

ধানৰ পাতে বৰকৈয়ে কাটে‚
তথাপি চোন বেজাৰ নাই
তোমাৰ মৰমে যেনি নিয়ে তাইয়ো যায় সেই বাটে।

দাৱনিৰ কাঁচিত ধানবোৰে হেৰুৱালে প্ৰাণ‚
প্ৰাণ হেৰুৱাইও যেন ঘৰলৈ আহি লখিমী হ'ল জীপাল।

পেটৰ ভাতমুঠিৰ বাবেই যে আধা বছৰজুৰি শত সহস্ৰৰ শ্ৰম‚
আঘোণে যেতিয়া ৰিঙিয়াই‚ জিলিকে দুচকুত আনন্দৰ কিৰণ।


                              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)