কুঁৱলীৰ আঁৰে আঁৰে•নবীন চন্দ্ৰ মেধি

@admin
0
কুঁৱলীৰ আঁৰে আঁৰে 
জাক জাক ডেকা গাভৰুৱে 
কুঁৱলীৰ আঁচল ফালি 
প্ৰাতঃভ্ৰমণ কৰে । 
সবল সতেজ জানা 
সিহঁতৰ দেহ মন ।
মন কৰিলেই চন
বাণিজ্যৰ ধন ।
সিহঁতৰ মনবোৰ , 
কলিয়া ডাৱৰে , 
কোনোকালে জানা
কলুষিত কৰিব নোৱাৰে । 
কোনোবাই যায় গাড়ী লৈ
দুটামান ভাড়া মাৰিবলৈ
কোনোৱে যায় হাঁহ কুকুৰা লৈ 
বজাৰলৈ গৈ বেচি থৈ আহেগৈ  
বাৰীৰ শাক-পাচলি দুমুঠি
তাকে বেচি আনেগৈ তেল লোণ এমুঠি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)