ধাৰাবাহিক উপন্যাস~অৰণ্যৰোদন ১২ ▪️নবীন চন্দ্ৰ মেধি

@admin
0
কৌশিক প্ৰতাপৰ জন্মদিন উপলক্ষ্যে নিৰ্মল কুমাৰৰ দিনটো ব্যস্ততাৰ মাজেৰেই পাৰ হৈ গ'ল । কৌশিকৰ মামা আইতাক ( মাকৰ মাক ) আগদিনাখনেই আহি জীয়েকৰ ঘৰ পাইছিলহি । জী নাতিৰ তিনি বছৰীয়া জন্ম দিন । গতিকে আইতাকৰ গাত তত নাই । জীয়েকলৈ ফোন কৰিছিল জন্ম দিন পালন কৰিব লাগে । নিৰ্মল কুমাৰৰ পত্নীয়ে এইবাৰ জন্মদিন পালন নকৰো বুলিয়েই কৈছিল । জন্মদিন পালন নকৰিলে কেনেকৈ হ'ব ? ভাদ মাহত জন্ম হৈছিল যেতিয়া ভদীয়া পিঠা খোৱাব লাগিবই । মই সকলো যোগাৰ কৰি লৈ যাম । তহঁতে কাক কাক মাত মাতিবি । 

পিছদিনাখন পুৱাই সৰু সৰু ল'ৰা ছোৱালী কেইটামানক মাতি আনি লুচি ভাজি খোৱালে । নিৰ্মল কুমাৰৰ সহকৰ্মী দুজনো আহিছিল । তেওঁলোকৰ লগত চাহ তামোল খাই কথা বতৰা পাতিব ধৰিলে । দেৱকান্ত বৰাই ক'লে

: যা চেচ ব'ৰ্ডখনকে উলিয়াই আন । আমি দুয়োয়ে দুটামান গেম খেলো । 

নিৰ্মল কুমাৰে চেচব'ৰ্ডখন উলিয়াই দিলে । 

বিকাশ বৰা আৰু দেৱকান্ত দুয়ো দবাখেলাত লাগিল । আবেলিৰ ট্ৰেইনখনত বিলগাঁৱৰ পৰা নিৰ্মল কুমাৰৰ খুলশালী ছোৱালী যমুনা আৰু জোনালী আহিছিল । 

কৌশিক প্ৰতাপ চন্দ্ৰই মাহী আহিছে , মাহী আহিছে বুলি চিঞঁৰি দৌৰ মাৰিছিল । মাহীয়েকক বৰ ভাল পায় সি ।   

আবেলি সময়ত সকলোৱে খাই বৈ সময়ত ঘৰাঘৰি গৈছিল । আলহীৰ ভিতৰত শাহুৱেক আৰু খুলশালী ছোৱালী দুজনীহে আছিল । 

বুঢ়ীমাকে ৰাতিলৈ ভদীয়া পিঠা বনাই সকলোকে খোৱালে । কৌশিক প্ৰতাপৰ বৰ ফুৰ্তি লাগিছিল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)