মোৰ দেউতা আছেনে নাই?
ভাবিছোঁ এই প্ৰশ্নটোৰ উত্তৰ
আজি খোলাখোলিকৈ দি দিওঁ।
মোৰ দেউতা আছে মোৰ সাহস হৈ
মই যেনেকৈ ঘৰ এখনত থাকোঁ
মোৰ দেউতাৰো এটা উৱলি যোৱা
ঘৰ আছে
য'ত দেউতা অকলে থাকে।
প্ৰথম প্ৰথম দেউতা আমাৰ লগতে আছিল
কিন্তু বহুত বছৰ পাৰ হৈ গ'ল
দেউতাই নিজাকৈ ঘৰ সাজি থকা
দেউতাৰ ঘৰলৈ বৰ বেছি দূৰ নহয়
আমাৰ ঘৰৰ পৰা দেউতাৰ ঘৰটো
জুমি চালেই দেখি পায়
বাৰীৰ এচুকতে ডাঙৰকৈ
ডিমৌ এজোপাৰ তলতে
দেউতাৰ ঘৰটো আছে।
দেউতাৰ ঘৰৰ কাষেদি
মই সদায় অহা যোৱা কৰোঁ
মনৰ ক্ষোভবোৰ আৰু কণমানি
অভিমানী হৃদয়ৰ বেদনাবোৰ কওঁ
কিন্তু দেউতাই যে মোৰ একো কথাই নুশুনে
দেউতাই অকল শুইয়ে থাকে।
এতিয়া মোৰ সামৰ্থ্য নাই
দেউতাৰ উৱলি যোৱা ঘৰটো সাজিবলৈ
কিন্তু যেতিয়া মই ডাঙৰ হ'ম
দেউতাৰ ঘৰটো পকী কৰি সাজি দিম
মোৰ দেউতা আছে
বাৰীৰ এচুকত শুকান মৰিশালীটোত।
▪️দিপশিখা ৰাজকোঁৱৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ