ঈৰ্ষাৰ যাগৰ ধূম্ৰত
আকাশ ধূসৰিত।
ক'তো হৰ্ষোল্লাস নাই,
যেন আহোঁ আহোঁ
এজাক আকাশসলিল
বিষাক্ত মুষলধাৰ।
বাঁহৰ আগত সৌৱা
চৰাইবোৰৰ ধপ্ধপনিত
নিৰাপত্তাৰ কাতৰ শুনিছো,
হয়টো ধুমুহাও আহিব পাৰে।
আহক দে,
বাহিৰত দুয়ো হাত মেলি দিছো,
আৰু অনুভৱ কৰিছো মোৰ দেহত
তেজে-ঢৌৱে যেন নিৰ্জন মহা সমুদ্ৰত
মহা তাণ্ডৱ উৰ্মিমালাৰ দৰে,
মোৰ দেহতো তেজে-কোষে
মানৱতাৰ ক্ষেম ভাঁহে।
চকুহাল জোৰেৰে মুদিছো,
শুনিছো,
এইয়া অক্ষয় হৃদয়ৰ প্ৰসূত কামনা,
হৃদয়ৰ সুনীত লাস্য।
মোক জানে কোনে?
▪️দৰ্শনা দাস
মাজুলী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ