মিচিং জনগোষ্ঠীৰ উলাহৰ উৎসৱ আৰু ঐতিহ্যৰ দাপোণ লোক সাহিত্য ▪️▪️আকাংক্ষা তামুলী

Rinku Rajowar
0
অৱতৰণিকা:

প্ৰকৃতিৰ মনোৰম স্থলী , বহু ঐতিহাসিক সমলেৰে সমৃদ্ধ, বিচিত্ৰ জন-গাঁথনি আৰু বৰ্ণাঢ্য লোক - জীৱন, বিভিন্ন ভাষা , সংস্কৃতি, পৰম্পৰাৰ সমাহাৰ অসম ভূমিত বহু আগৰে পৰা নানা জনগোষ্ঠী, জাতি- উপজাতিয়ে বসবাস কৰি আহিছে। অসমত বাস কৰা প্ৰত্যেক জনগোষ্ঠীৰ সংস্কৃতি, পৰম্পৰা, নীতি - নিয়ম, ভাষা আদি বেলেগ । এনে বহু দিশৰ পৰা ভিন্নতা দেখা গ'লেও তেওঁলোকৰ প্ৰথম পৰিচয় অসমীয়া আৰু এই কথাই সকলোকে একতাৰ জৰীৰে বান্ধি ৰাখিছে । বৰ্তমান অসমৰ জনগোষ্ঠীসমূহৰ ভিতৰত বড়ো, কছাৰী, মিচিং, চিংফৌ, চুতীয়া, মৰাণ, লালুং, কাৰ্বি, দেউৰী, ৰাভা, হাজং, তিয়া, কোঁচ, নেপালী, আহোম, ডিমাছা, চাহ জনগোষ্ঠী আদিয়ে প্ৰধান। 
মিচিং জনগোষ্ঠীৰ চমু পৰিচয় :
মিচিং অসমৰ অন্যতম জনগোষ্ঠী। মিচিং হৈছে বড়ো-কছাৰীসকলৰ পিছতেই অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনজাতি। মিৰি বুলিও জনাজাত এওঁলোক মংগোলীয় গোষ্ঠীৰ লোক। আৰ্যসকল অহাৰ আগতেই মিচিং সকলৰ অসমলৈ প্ৰব্ৰজন হয়। পোন প্ৰথমে অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত বাস কৰা তেওঁলোকৰ এটা থাল ভৈয়ামলৈ আহি অসমত বসতি লয়। মূলতঃ কৃষিজীৱি এই মিচিং জনগোষ্ঠীৰ লোসকল অসমৰ লখিমপুৰ, ধেমাজি, শোণিতপুৰ, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত বাস কৰে। সাধাৰণতে নৈৰ পাৰত চাংঘৰত বাস কৰা বাবে মিচিংসকলৰ জীৱন-ধাৰণৰ পদ্ধতি নৈৰ ওপৰত ওতঃ প্ৰোতভাৱে জড়িত। প্ৰত্যেক জনজাতিৰ দৰেই মিচিংসকলৰো নিজস্ব লোক-সংস্কৃতি আছে। 
মিচিং জনগোষ্ঠীৰ উলাহৰ উৎসৱ:
 অসমৰ ঐতিহ্যময়, বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে চহকী এক জনগোষ্ঠী হৈছে মিচিং জনগোষ্ঠী। চহকী মিচিং জনগোষ্ঠীৰ সংস্কৃতিৰ এক অন্যতম উপাদান হৈছে ইয়াৰ বাৰেৰহণীয়া উৎসৱ তথা পৰম্পৰাসমূহ। মিচিং জনগোষ্ঠীয়ে মূলতঃ দুই ধৰণৰ কৃষিভিত্তিক উৎসৱ পালন কৰে – আলি আঃয়ে লৃগাং আৰু পঃৰাগ। এই দুয়োটা উৎসৱেই যথেষ্ট উলহ মালহেৰে পালন কৰা হয়। আলি আঃয়ে লৃগাং শস্য ৰোপণৰ আগত আাৰু পঃৰাগ খেতিৰ সফল সমাপ্তিৰ পাছত পালন কৰা হয়। দুয়োটা উৎসৱতেই সকলোৰে মঙ্গল কামনাৰে মিচিং সমাজৰ ইষ্টদেৱতাক প্ৰাৰ্থনা জনোৱা হয়। 
আলি আয়ে লৃগাং: 
আলি আয়ে লৃগাং মিচিঙৰ  জাতীয় উৎসৱ হিচাপে পৰিগণিত। ফাগুনৰ প্ৰথম বুধবাৰে এই উৎসৱটি উলহ - মালহেৰে পালন কৰা হয়। কৃষক মুখ্য জীৱিকা হিচাপে গ্ৰহণ কৰা এই জনগোষ্ঠীৰ উৎসৱসমূহ মূলতঃ কৃষিজীৱিয়ে। আলি আয় লৃগাং ইয়াৰ ব্যতিক্ৰম নহয়। বৰঞ্চ আলি আয় লৃগাংৰ অৰ্থই হ'ল কৃষি সম্পৰ্কীয়। মিচিং ভাষাত ‘আলি’ৰ অৰ্থ হৈছে ‘বীজ’, ‘আঃয়ে’ মানে হৈছে ‘ফল’ আৰু ‘লৃগাং’ মানে হৈছে ‘সিঁচা’। সৰল অৰ্থত বীজ বা শস্য সিঁচা উৎসৱ। এই উৎসৱত মিচিং লোকসকলে শস্য সিঁচাৰ লগতে সকলোৱে মিলিজুলি সমূহীয়াকৈ ভোজ-ভাত খাই নৃত্য-গীত পৰিৱেশন কৰে৷ ঘৰখনৰ মূল ব্যক্তিগৰাকীয়ে আগবেলা পথাৰত বীজ সিঁচি আনুষ্ঠানিকভাৱে এই উৎসৱৰ আৰম্ভণি কৰে। ইয়াৰ পাছতে কঠিয়া সিঁচাৰ প্ৰথম দিনৰ পৰা যাতে শস্যৰ অনিষ্ট নহয় , শস্যপথাৰৰ মংগল আৰু খেতিৰ শ্ৰীবৃদ্ধি কামনা কৰি ইষ্ট দেৱতাক স্মৰণ কৰি প্ৰাৰ্থনা কৰা হয়। লোক বিশ্বাসৰ ওপৰত ভিত্তি কৰি এই উৎসৱ উদযাপন কৰা হয়। দিনত এইদৰে ৰীতি - নীতি পালন কৰি নিশা ডেকা-গাভৰুৱে মিলি ঘৰে ঘৰে ‘গুমৰাগ’ নাচে। গুমৰাগ হৈছে আলি-আয়ে-লৃগাংৰ বিশেষ নৃত্য।। ইয়াত বিশেষকৈ ঢোলৰ চেও আৰু বিশেষ এবিধ গীত গোৱা হয়। ঢোল-তাল, পেঁপা আদিৰ উপৰি লৃগাং বিহুত ‘লৌঃনং মাৰবাং আদি বজোৱা হয়।
এই উৎসৱৰ অন্যতম আকৰ্ষণ হৈছে অইনিঃতম। অইনিঃতম হৈছে মিচিং সকলৰ জনপ্ৰিয় গীত। লৃগাং বিহুত অইনিঃতমৰ বিশেষ প্ৰাধান্য আছে। ইয়াত আছে পোৱাৰ উল্লাস আৰু নোপোৱাৰ বেদনা। কোনো কোনোৱে কয় যে যিদৰে বিহুগীতৰ মাজত সমগ্ৰ অসমখনক পোৱা যায় সেইদৰে মিচিং সমাজত যি আছে অইনিঃতমত আছে আৰু অইনিঃতমত যি নাই, মিচিং সমাজতো নাই। আলি আয় লৃগাং মিচিং সকলৰ আটকধুনীয়া সংস্কৃতিৰ পৰিচয় যাৰ মাজত উলাহ, বিশ্বাস, পৰম্পৰা অতি সুন্দৰ ভাবে বিৰাজমান। 

পঃৰাগ :
খেতি চপোৱাৰ পিচত মিচিং সকলে আঘোণ আৰু ফাগুন মাহত পঃৰাগ নামৰ এটা উৎসৱ পালন কৰে। নৰা চিগা বিহু হিচাপেও পৰিচিত এই উৎসৱত গাঁৱৰ বয়োজ্যেষ্ঠ লোকৰ দ্বাৰা সৃষ্টিকৰ্তা তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰা হয়। এই উৎসৱত গাঁৱৰ সকলোৱে মিলি ভোজ-ভাত খায়, য’ত গাহৰিৰ মঙহ আৰু পঃৰ আপং নামৰ ছাই মদ পৰিৱেশন কৰা হয়। এই উৎসৱৰ এক অন্যতম বৈশিষ্ট্য হৈছে নিজৰ গাঁও এৰি অন্য ঠাইত বিবাহসূত্ৰে বাস কৰা জীয়ৰী সকলক উৎসৱলৈ নিমন্ত্ৰণ, লগতে কাষৰীয়া ঠাইৰ গণ্য-মান্য ব্যক্তিসকলকো ভোজলৈ নিমন্ত্ৰণ কৰা হয়। এই উৎসৱ তিনিদিন ধৰি নৃত্য-গীতৰ মাজেৰে উদযাপন কৰা হয়। পঃৰাগ :উৎসৱক ডেকা গাভৰুৰ উৎসৱ বুলিও কোৱা হয়। 
      ইয়াৰ উপৰি মিচিং সকলে বহাগ বিহু , কাতি বিহু, মাঘ বিহু এই তিনিওটা বিহুৱে পালন কৰে । আঃমগ দগদ’ (ন-খোৱা), আঃমৰাগ (সৰু নৰা ছিগা) উৎসৱ আদি তেওঁলোকৰ অন্য কৃষিভিত্তিক উৎসৱ। এওঁলোকৰ বিহুত মৰা হুঁচৰি বৰ আকৰ্ষণীয় আৰু অলপ ভিন্ন। 

মিচিং জনগোষ্ঠীৰ ঐতিহ্যৰ দাপোণ লোক সাহিত্য : 
লোক সাহিত্য লোক জীৱনৰ দাপোণ স্বৰূপ । এখন সমাজ, এটা জাতিৰ ইতিহাসৰ প্ৰতিচ্ছবি লোক সাহিত্যৰ নানা ভাগত প্ৰতিফলিত হৈছে। উল্লেখযোগ্য যে লোকসাহিত্য সমূহ কোনো বিশেষ এজন ব্যক্তিৰ একক ৰচনা নহয় । জনসাধাৰণৰ মুখে মুখে চলি অহা এইসমূহ চহা জীৱনৰ বাস্তৱ চিত্ৰৰ সৰল প্ৰকাশ। ভাষা এটাৰ লিখিত ৰূপ আৱিষ্কাৰ হোৱাৰ আগৰে পৰা যুগে যুগে এই ধৰণৰ গীত - মাত, সাধুকথা, কাহিনী আদি প্ৰচলিত হৈ আহিছে। লোকসাহিত্যৰ ভাগৰ ভিতৰত লোকগীত সমূহ বিশেষভাবে উল্লেখযোগ্য।মিচিংসকলৰ মাজতো জনজীৱনৰ সামূহিক সাহিত্য হিচাপে অসংখ্য গীতৰ প্ৰচলন আছে। মিচিং সকলৰ গীতি সাহিত্যৰ ভঁৰাল বিভিন্ন মৰ্মস্পৰ্শী গীতৰ সুৰেৰে সমৃদ্ধ। মিচিং লোকগীতবোৰ মিচিং জনজীৱনৰ এক জীৱন্ত চিত্ৰ বহন কৰে। মিচিং ভাষাত লোকগীতক ' 'নিঃতম্' বুলি কোৱা হয় । মিচিংসকলৰ অনেক মৌখিক গীত-মাত বা লোকগীত আছে যিবিলাকৰ ভিতৰত অইনিঃতম, আঃবাং, কাবান আদি অন্যতম।

মিচিং সকলৰ জনপ্ৰিয় লোকগীত অইনিঃতম: 
মিচিং লোকগীত হিচাপে অইনিঃতমৰ জনপ্ৰিয়তা সৰ্বাধিক।  অন্যান্য লােকগীতবােৰৰ ৰচক আৰু ৰচনা কাল নির্ণয় কৰিব নােৱাৰাৰ দৰে অই নিঃতমবােৰৰাে ৰচনাকাল জনা নাযায়। এই গীত মিচিং সকলৰ হৃদয়ৰ গভীৰ স্থলীত বাস কৰে। ইয়াৰ জনপ্ৰিয়তা বহুল। আক্ষৰিক অর্থত অই নিঃতমক চমুকৈ নিজৰ অতি মৰমৰ বা আপােনজনক উদ্দেশ্য কৰি, গােৱা গীত বুলিব পাৰি। অই মানে মৰমৰ, নি মানে নিচুকনি আৰু তম মানে যাক উদ্দেশ্য কৰি নিচুকণি দিয়া হৈছে। আলি আয় লৃগাংৰ পৰা আৰম্ভ কৰি বিভিন্ন উৎসৱ আৰু আনন্দ কৰাৰ সময়ত , কেতিয়াবা বেদনা সহিব নোৱাৰি অইনিঃতম গাই মিচিং সকলে মনৰ সুখ - দুখ, আৱেগ - অনুভূতি প্ৰকাশ কৰে। ৰসৰে পূৰ্ণ এই লোকগীত সঁচাই এক অমূল্য সম্পদ। অইনিঃতমৰ এক উদাহৰণ 
হৈছে -

" লঙে মিক্সি দিনামদেম
আপঙেপে তি:লাংকা
য়ুমে মিক্সি দেনামদেম
কেৰাচিনপে ৰম্লাংকা " 

মিচিং জনগোষ্ঠীৰ লোকগীত  আঃবাং: 

আঃবাংসমূহ কিছুমান পৌৰাণিক গীত। মিচিং ভাষাত "আঃবাং" শব্দটো এক গুৰু গম্ভীৰ পৰিৱেশৰ সূচক। মিবুয়ে অৰ্থাৎ দেওধাই আৰু মিৰৃ অৰ্থাৎ পুৰোহিত সকলে গোৱা গীতকে আঃবাং বোলা হয়। দেৱ -দেৱী, অপদেৱতাৰ দৌৰাত্ম্য, জাতিগোষ্ঠীৰ বিচাৰ আদিয়েই আঃবাংৰ  মূল বিষয়বস্তু। আঃবাং গীতৰ মন কৰিবলগীয়া এটা বৈশিষ্ট্য এই যে, গীতৰ মাজেৰে প্ৰকাশ পোৱা ভাব অতি গভীৰ, তত্বমূলক আৰু অলৌকিক ভাবৰ প্ৰকাশ। আঃবাঙৰ ভাষা জটিল, সাধাৰণ মানুহৰ বোধগম্য নহয়‌। এক উদাহৰণ হ'ল - 
" মি কামাঙাই মিমাং কামাঙাই
দঃঞি কামাঙাই পঃল কামাঙাই
লঙৌ কামাঙাই আমঙৌ কামাঙাই
আচ্চৌ কামাঙাই আমঙৌ কামাঙাই...."  

মিচিং জনগোষ্ঠীৰ লোকগীত কাবান : 

কাবানবিলাক একো একোটা বিননিগীত। কাৱ (কান্দ) ধাতুৰ পৰা কাবান হৈছে । মানুহৰ জীৱনত অনেক দুখ, বেদনা থাকে । এইসমূহ যেতিয়া গীতৰ মাজেৰে প্ৰকাশ কৰা হয় তেতিয়া মনৰ শোক পাতলে বুলি কোৱা হয়। আৰু মনৰ এনে বেদনাৰ অব্যক্ত গীতিময় আৱেগৰে প্ৰকাশ হৈছে মিচিং সকলৰ কাবানগীত। কাবান গীত সমূহ দঃব কাবান, মেঃব কাবান আৰু দঃয়িং কাবান আদি ভাগত বিভক্ত কৰিব পাৰি।  দঃব কাবানত প্ৰেমজনিত বিৰহ প্ৰকাশ পায় ; মূলতঃ প্ৰেমিক - প্ৰেমিকাৰ প্ৰণয়ৰ ব্যথতা আৰু কাৰুণ্য। মেঃব কাবান হ'ল পৰিয়ালৰ কোনো আপোন জনৰ বিয়োগ ঘটিলে বেদনাত জৰ্জৰিত হৈ স্মৃতি সোঁৱৰি মিচিং নাৰীয়ে গোৱা গীত। দঃয়িং কাবান বেলাড্ শ্ৰেণীৰ । সমাজত ঘটি যোৱা সঁচা ঘটনাক সুৰ লগাই গীতৰ আকাৰে গাই গাই প্ৰকাশ কৰা কাহিনী মূলক গীতক দঃয়িং নিঃতম বুলি কোৱা হয়। 

       অইনিঃতম, আঃবাং, কাবানৰ উপৰি বৃঃৰৃগ নিঃতম, (ঋতু উৎসৱৰ গীত), লুপ’ নিঃতম (কথোপকথনমূলক গীত), মিদাঃ নিঃতম বা জঃয়ঃ (বিয়াগীত), মমান (খেল-ধেমালিৰ গীত), কঃ নিঃনাম বা বৃনিঃ (নিচুকনি গীত), বিভিন্ন লোক কথা আৰু প্ৰৱচনৰো মিচিং সমাজত প্ৰচলন আছে।

সামৰণি :

কৃষিক কেন্দ্ৰ কৰি জীৱন পৰিচালিত হোৱা মিচিং জনগোষ্ঠীৰ লোকসকল অতি সহজ সৰল শান্তিপ্ৰিয়। তেওঁলোকৰ সংস্কৃতি , পৰম্পৰা, উৎসৱ - পাৰ্বন, গীত - নৃত্য আদি বিচিত্ৰ আৰু ৰহনীয়া। অসমৰ বহু জনগোষ্ঠীৰ মাজত অন্যন্য স্থান এই মিচিং সকলে অধিকাৰ কৰি আছে। 



✍️আকাংক্ষা তামুলী
স্নাতক তৃতীয় ষাণ্মাসিক ,অসমীয়া বিভাগ
নৰ্থ লখিমপুৰ কলেজ ( স্বায়ত্ত্ব শাসিত )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)