কাইলৈ তোমাক প্ৰ'পজ কৰিম•অমৰেন্দ্ৰ দাস

@admin
0
কাইলৈ তোমাক প্ৰ'পজ কৰিম
তিনিআলিৰ সোণাৰু জোপাৰ তলত
তুমি কি পিন্ধি আহিবা
তোমাৰ মেঘালী চুলিলৈ চাই চাই কথা পাতিম
আমাৰ ভালপোৱাৰ
উন্মনা হৈ উঠিব চৌদিশ
নামি আহিব চিপ্ চিপকৈ 
এজাক প্ৰেমৰ মধুৰ বৰ্ষা।।
তুমি জানো বুজিবা
এষাৰি মৰম সনা মাতত মোৰ মনৰ পূৰ্ণ বতৰা।।

কাইলৈ তোমাক প্ৰ'পজ কৰিম....
তুমি মুখত কি ঘহি আহিবা...
ফেয়াৰ লাভলী,পঞ্চ নে লেকমি
কিম্বা দুটি ওঁঠত ৰঙা লিপষ্টিক।
তোমাৰ কাজল সনা চকুযুৰিত দেখা পাওঁ
আমাৰ ভালপোৱাৰ নৱ প্ৰভাত।
মোৰ প্ৰেমৰ ষ্টেচনত জিৰণি লবনে
তোমাৰ মৰমৰ ৰেলগাড়ী খনি।।

কাইলৈ তোমাক প্ৰ'পজ কৰিম
তোমাৰ নামতেই সৃষ্টি হৈছে মোৰ কবিতা
তোমাৰ ৰাঙলী ওঁঠত উপচাই দিম 
হেজাৰ হেজাৰ শব্দৰ চুমা
হৃদয়ৰ দলিচাত প্ৰেম নামৰ অনুভৱ
তুমি যোগাই তুলিবা
মই মৌনতাৰে এৰি দিম দুখৰ হুমুনিয়াহ
মাথোঁ তোমাক পোৱাৰ আনন্দত।
কাইলৈ তোমাক প্ৰ'পজ কৰিম
তিনিআলিৰ সোণাৰু জোপাৰ তলত...!!

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)