"গঙা -চিলনীৰ পাখি" স্ৰষ্টা লক্ষ্মীনন্দন বৰাৰ গল্প উপন্যাসত লোক সংস্কৃতিৰ সমল-সূৱৰ্ণ গগৈ

©Admin
0
   অসমীয়া ভাষা সাহিত্য জগতৰ এজন প্ৰথিতযশা লেখক হিচাপে লক্ষ্মীনন্দন বৰাৰ এক সুকীয়া স্থান আছে।প্ৰজ্ঞা,মননশীল , চিন্তাধাৰাই ৰচনা কৰা তেওঁৰ প্ৰতিটো সৃষ্টিয়েই এক অক্ষয় কুণ্ডৰ দৰেই। অসমৰ জাতীয় আৰু বৌদ্ধিক সৃষ্টিশীল জগতত নিজৰ প্ৰতিভা আৰু ব্যক্তিত্বৰে তেওঁ চমক সৃষ্টি কৰি গৈছে।"নিশাৰ পুৰৱী" শীৰ্ষক উপন্যাস ৰচনাৰে ৰামধেনুত আত্মপ্ৰকাশ কৰা এক অনিৰ্বচনীয় গুণেৰে অম্বিত সাহিত্যিক গৰাকীয়ে আজীৱন অসমীয়া ভাষা সাহিত্যিৰ ক্ষেত্ৰখন ন ন সৃষ্টিময়তাৰে উজ্জীৱিত কৰি গৈছে।অসাধাৰণ প্ৰতিভা আৰু বৌদ্ধিক চিন্তাধাৰাই পৰিপুষ্ট লক্ষ্মীনন্দন বৰাই ডেৰ কুৰিৰো অধিক উপন্যাস ৰচনা কৰাৰ উপৰিও একেধাৰে গল্গকাৰ,সমালোচক, ভ্ৰমণ সাহিত্যৰ ৰচক,জীৱনী লেখক, অনুবাদক হিচাপে জীৱনৰ অন্তিম সময়লৈকে সৃষ্টিশীল কৰ্মতে নিমজ্জিত হৈ আছিল । লক্ষীনন্দন বৰাই উপন্যাস সাহিত্যত এক শক্তিশালী সৌধ নিৰ্মাণ কৰি গৈছে।তেখেতৰ উপন্যাস ৰাজিত কোনো এক নিৰ্দিষ্ট ধাৰাৰ মাজত পৰিব্যপ্ত নহয়।বহুমাত্ৰিক আৰু বহু বিস্তৃত ভাৱনাৰে তেওঁৰ উপন্যাসমূহ সমৃদ্ধিশালী।ভাষাৰ সাবলীলতা আৰু ব্যক্তিক্ৰমী ভাষাশৈলীৰে ৰচনা কৰা তেওঁৰ যুগজয়ী সামাজিক উপন্যাস"গঙা চিলনীৰ পাখি" অসমীয়া উপন্যাস সাহিত্যৰ ইতিহাসত অদ্ধিতীয়। বিজ্ঞানৰ ছাত্ৰ হৈও লেখনিৰ তত্বগধুৰ ভাৱ, শব্দৰ গাথনি,চৰিত্ৰ সৃষ্টি,পৰিষ্টিতিৰ বৰ্ণনা, প্ৰকাশভঙ্গিৰ চমৎকাৰ কৌশল প্ৰয়োগত তেওঁ আছিল সিদ্ধিহস্ত।

      আধুনিক অসমীয়া সাহিত্যলৈ লক্ষীনন্দন বৰাই অতুল্য সৃজনীশীল প্ৰতিভা আৰু প্ৰজ্ঞাৰ চমৎকাৰ সৃষ্টিৰে বহুকেইখন কালজয়ী উপন্যাস সৃষ্টি কৰি অনেক সন্মানীয় বঁটাৰে বিভূষিত কৰিছিল।তেওঁৰ জ্ঞানৰ বিচক্ষণত সাবলীল ভাষাৰে বৰ্ণিত কৰা প্ৰতিখন উপন্যাসেই বিস্মিত হ'বলগীয়া ।"যাকেৰি নাহিকে উপাম ,কাল ডিঙৰাৰ পাল, মেঘত মাদল বাজে আদি প্ৰায় ৩১খন উপন্যাস তেওঁ ৰচনা কৰি গৈছে ।১৯৬০ চনত লক্ষ্মীনন্দন বৰাৰ"গাঁৱৰে সৰগ ৰচোঁ" গ্ৰন্থৰ বাবে ৰাষ্টীয় "নিউ লিটাৰেটছ বঁটা"আৰু অপৰাধ অন্ধকাৰ জগতখনৰ ভিত্তিত "পাতাল ভৈৰৱী"দৰে এখন ব্যতিক্ৰমী উপন্যাস লিখি, ১৯৮৮ চনত সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰিছিল। ১৯৯৫ চনত "যাকেৰি নাহিকে উপায়" অসম সাহিত্য ,সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা,২০০৪ চনত অসমীয়া সাহিত্য ক্ষেত্ৰত জীৱনজোৰা অৱদান আগবঢ়োৱাৰ বাবে "অসম উপত্যকা বঁটা লাভ,২০০৮ চনত বিজ্ঞানৰ যুক্তিপ্ৰাপ্ত আৰু কলাৰ কল্পনা প্ৰৱনতাৰ অপূৰ্ব সমাহাৰে "কায়কল্প"উপন্যাস ৰচনা কৰি সৰ্বভাৰতীয়ৰ পৰ্য্যয়ৰ বঁটা "স্বৰস্বতী" সন্মান আৰু ২০১৫ চনত ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান" পদ্মশ্ৰী" সন্মানেৰে বিভূষিত হৈছিল।১৯৯৬…৯৭ চনত বোকাখাতত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি পদ তেওঁক অলংকৃত কৰা হৈছিল। সুক্ষ্ম পৰ্যবেক্ষণ ,বিশ্লেষণেৰে কলাত্মক ভাৱে ক্ষেত্ৰ পৰিবৰ্তন কৰি উপস্থাপন কৰা তেওঁৰ প্ৰতিখন উপন্যাসেই সাহিত্য জগতৰ একো একোটা যুগন্ধৰ প্ৰতিভাৰ স্বাক্ষৰ।কুৰি শতিকাৰ (শংকৰদেৱ ) গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ বৈচিত্ৰময় আৰু ঘটনাবহুল জীৱনৰ আধাৰত ৰচনা"সেহি সব্যসাচী" লক্ষীনন্দন বৰাৰ এখন অনবদ্য উপন্যাস। কোনো ব্যক্তিৰ জীৱন আধাৰত উপন্যাস এখন ৰচনা কৰা সহজসাধ্য নহয় যদিও লক্ষীনন্দন বৰাৰ কুশাগ্ৰবুদ্ধি, প্ৰজ্ঞাৰ জ্যোতি,সাধনাৰ হেতুকে সাৰগৰ্ভ উপন্যাস এখন সুসাধ্যতা হৈছিল। তথ্য-পাতি সংগ্ৰহৰ কাৰণে অসমৰ বিভিন্ন ঠাইত গৈ বিভিন্ন ব্যক্তিক লগ ধৰি নিষ্ঠা আৰু অক্লান্ত পৰিশ্ৰমত নিমজ্জিত হৈ এজন মহিষীৰ জীৱনীৰ ওপৰত আলোকপাত কৰিব পাৰিছিল। লক্ষীনন্দন বৰাৰ গল্প আৰু উপন্যাসসমূহৰ সৰহসংখ্যক পটভূমি গ্ৰামীণ জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত ৰচনা কৰাৰ প্ৰয়াস কৰিছিল।তেওঁৰ ৰামধেনুৰ পাততে প্ৰকাশিত হোৱা "ভাওনা "বাসনা, "আদি গল্পত গাঁৱলীয়া জীৱনৰ একো একোটা খণ্ড চিত্ৰ নিখুঁট ভাৱে উপস্থাপন কৰাৰ হেতুকে পাঠকৰ চকুৰ আগত জীৱন্ত হৈ ভাহি উঠে। লক্ষীনন্দন বৰাৰ সৃষ্টি ৰাজিত দৃষ্টি প্ৰতিহত কৰিলে দেখা যায় যে অনাড়ম্বৰ আৰু নিঁভাজ ভাষাৰে বৰ্ণিত কাহিনীসমুহত মুত্তমান হৈ উঠে সমাজৰ সাধাৰণ মানুহৰ এখন বাস্তৱ ছবি ।চিৰচৰিত গ্ৰাম্য সমাজত সংশ্লিষ্ট হৈ থকা হাঁহি কান্দোন,সুখ দুখ , আচাৰ ৰীতি, পাৰস্পৰিক সম্পৰ্ক, সৌহাদ্য, প্ৰেম প্ৰীতি,অভাৱ আৰু হতাশা থাকিলেও সুখ শান্তিৰ বৰপেৰাটো গ্ৰাম্য জীৱনতে আছে ,তেওঁ উপন্যাসখনত যাদুকৰী ভাষাৰে অতিশয় জীৱন্ত ৰূপত প্ৰতিভাত কৰিছে।তেওঁৰ উচ্চ মানবিশিষ্ট লেখনশৈলী, নিখুঁত প্ৰকাশভংগী,চৰিত্ৰৰ নামকৰণ,কথোপকথন বৰ্ণনাৰ সংযম,স্থান বিশেষ আধুনিক সভ্যতাৰ হেঁচাত গ্ৰাম্য সমাজ আৰু জীৱনত কেনে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে তাৰ যথাৰ্থ চিত্ৰন, পৰিবেশ অনুযায়ী প্ৰাজ্ঞল ভাষাৰ ব্যৱহাৰ আদি তেওঁৰ গল্পত সফলভাৱে প্ৰবাহিত হৈ আছে।

    "গঙা -চিলনীৰ পাখি" (১৯৬৩) লক্ষীনন্দন বৰাৰ প্ৰথম পৰ্য্যয়ৰ ৰচনা হ'লেও শব্দ -ভাষাৰ সৌন্দৰ্য্য মাধুৰ্য্যৰ সন্মোহিনী শক্তিৰে উপন্যাখন আলোড়ন সৃষ্টি কৰিছিল। এই উপন্যাসখনৰ আধাৰত পদুম বৰুৱাই বোলছবি নিৰ্মাণ কৰি দুটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল।আধুনিকতাৰ প্ৰভাৱত ক্ৰমশঃ অতীতৰ বুকুত হেৰাই যাবলৈ উপক্ৰম হোৱা পুৰণি অসমীয়া সমাজ জীৱনৰ বণাট্য আৰু সজীৱ চিত্ৰখন লোকসাহিত্যৰ সোণৰ সফুৰা মেলা"গঙা- চিলনীৰ পাখি" আছিল এখন উচ্চ পৰ্যায়ৰ আৰু অনিৰ্বচনীয় সুখপাঠ্য উপন্যাস।জীৱনৰ জটিলতাই স্পৰ্শ নকৰা নগাঁও জিলাৰ সোণাই পৰীয়া মানুহখিনিৰ সুখ -দুখ-আশা-নিৰাশা আৰু প্ৰেম -প্ৰীতিৰ আখ্যান বৰ্ণিত"গঙা- চিলনীৰ পাখি"এটা হেৰাই যোৱা যুগৰ জীৱন্ত দলিল।উপন্যাসখনত আৰম্ভণি পৰাই বাসন্তীক কেন্দ্ৰ কৰি কাহিনীত চিত্ৰিত হোৱা সৰু -বৰ অন্যন্য চৰিত্ৰসমূহৰ মাজেদি অসমীয়া লোক সংস্কৃতিৰ লোকসাহিত্য সামাজিক লোকাচাৰ,ভৌতিক, সংস্কৃতি আৰু লোকপৰিবশ্য কলাৰ পুৰ্ণাংগ ৰূপত বাংময় হৈ উঠিছে।জন্মস্থান হাতীচোং- কুঁজিদাহৰ কাষেৰে বৈ যোৱা সোনাই নৈ আৰু সোণাই পৰীয়া সমাজখনৰ পটভূমিক কেন্দ্ৰ কৰি জীৱন্ত ৰূপত উপন্যাসখনত প্ৰতিফলিত কৰিছিল।নদীক কেন্দ্ৰ কৰি গ্ৰাম্যাঞ্চলত প্ৰবাহিত হোৱা জীৱন ধাৰা এজনী গাভৰুৰ প্ৰণয়কাৰী জীৱনৰ কৰুণ ইতিহাস আৰু বাস্তৱতাক মৰ্মস্পৰ্শী ভাৱে আলোকপাত কৰিছে। উপন্যাসখনত বাসন্তীয়ে প্ৰণয়মধুৰ দাম্পত্য জীৱনৰ সপোন দেখি ভাল পাইছিল ধনজ্ঞয়ক।কিন্তু সেই সপোন বাস্তৱত পৰিণত কৰিবলৈ বাসন্তীক সমাজ সংস্কাৰ আৰু ঘৰখনৰ অপত্য স্নেহক নেওচি যাবলৈ অপাৰগ হৈছিল। প্ৰতিকূল পৰিবেশত আঙুঠি পিন্ধোৱা ঘৰখন,নিজৰ ঘৰখন অপাংক্তেয় আৰু অপযশৰ ভাগি কৰি অতিক্ৰম কৰিবলৈ তাইৰ মনত ভয় সঞ্চাৰ হ'ল।যাৰ পৰিণতিত অভাগী বাসন্তীৰ জীৱনটোৱেই তচনচ হৈ গৈছিল।কিন্তু দিন উকলি যোৱাৰ পিছতে যৌৱনৰ বিয়লি বেলাতহে বাসন্তীয়ে উপলব্ধি কৰিছিল,যে সুযোগ এবাৰহে আহে মানুহৰ জীৱনলৈ।মনৰ মানুহজনৰ লগত জীৱনৰ নতুন অধ্যা‌য় আৰম্ভ কৰিবলৈ অভাৱনীয় সাহসেৰে বাসন্তীয়ে আগবাঢ়িছিল কিন্তু প্ৰেমাস্পদৰ পৰা তাই আশা কৰা মতে সঁহাৰি নাপায় ব্যৰ্থতাকে আঁকোৱালি ল'বলগীয়া হয়। এনে এক কৰুণ কাহিনীৰ ফাকে ফাকে অসমীয়া লোক সংস্কৃতিৰ নিভাঁজ ৰূপত প্ৰকাশ হোৱাৰ হেতুকে উপন্যাসখনে সকলো পাঠককে মোহগ্ৰস্থ কৰে। উপন্যাসখনত ব্যৱহাৰ কৰা নিঁভাজ লোকসমাজৰ ভাষা প্ৰয়োগে অধিক প্ৰাণৱন্ত কৰাই নহয় পাঠকক সুকীয়া আনন্দ প্ৰদান কৰিছে।উপন্যাসখনত বাসন্তীৰ মাকে চ'ৰা ঘৰত গছৰ মুঢা এটাৰ দৰে বহি গোৱা "ভাল ভাল,ভাল ভাল ভাল নাচে মদন গোপাল,গীতফাকি চহা প্ৰাণৰ অভিব্যক্তি।আকৌ এঠাইত নবৌয়েক তৰুলতাই বাসন্তীক জোকাবলৈ গোৱা "ফুল আছে ফুলি,কদম আছে হালি কিয় আইদেউ চিন্তা কৰা ৰাম নাহে বুলি। এই বিয়ানাম ফাকি অসমীয়া লোকসাহিত্যৰ এক অমূল্য সম্পদ। বিহুগীত সম্পৰ্কে উপন্যাস খনত আছে

 প্ৰবাদ -পটন্তৰ, ফকৰা যোজনা,সাথৰ আদি সাধাৰণ মানুহৰ মুখৰ উক্তিক উপন্যসিকে আৰম্ভণিৰ পৰা সামৰণিলৈকে প্ৰাজ্ঞল আৰু সৰল ব্যাখ্যাৰে নিঁভাজ অসমীয়া ভাষা ব্যৱহাৰ মন কৰিবলগীয়া।যেনে"ভটিয়নি পানীত গুৰি বঠা ধৰিব নোৱাৰি,মনৰ লেজুৰে বান্ধি থ'ব নোৱাৰি, ভেকুলীৰ পিঠিত সতকাই নোম নগজে ,লংকালৈ যি যায় সিয়ে ৰাক্ষস হয়,মাছ দেখিলে বগলী কণা,ধন দেখিলে পুৰুষ কণা,শালৰ মাজত শিঙি।এই লোকোক্তিবোৰৰ মাজত সমাজত যুগ যুগ ধৰি প্ৰবাহিত হোৱা সঞ্চিত জ্ঞান, ৰীতি নীতি আদি মূৰ্ত হৈ উঠিছে।

  অসমীয়া লোক সংস্কৃতিৰ পুৰ্ণাংগ ৰূপত প্ৰতিফলিত হোৱা লক্ষীনন্দন বৰাৰ"গঙা- চিলনীৰ পাখি"ৰ নান্দনিক সুখানুভূতিৰে পাঠকক আহ্লাদিত কৰি আহিছে।অসমীয়া সাহিত্যত কাননত কম্পিত কালেও নজহা নপমা এখন সমুদ্ভাসিত সুখপাঠ্য উপন্যাস হৈ ৰ'ব।

✍️সূৱৰ্ণ গগৈ
দুলীয়াজান, ডিব্ৰুগড়

                       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)