শিশুৰ ভৱিষ্যতৰ পৃথিৱী -সুমন বৰ্মন

©Admin
0
আমি সকলোৱে বিচাৰো বৰ্তমানৰ শিশুসকলে এখন সুস্থ সমাজ তথা পৰিৱেশ পাওঁক যাৰ জৰিয়তে শিশুৰ শাৰীৰিক মানসিক তথা দৈহিক  উৎকৰ্ষ সাধন হয়। শিশুসকলে যিহেতু এখন কল্পনাশ্ৰয়ীজগতত বসবাস কৰে সেয়েহে শিশুসকলক সাধু কোৱা ,ছবি অঁকা ,ৰং খেলা, নতুন নতুন বিষয়ৰ সৈতে চিনাকী কৰাই দিয়া আদি বিষয়ৰ সৈতে পৰিচয় কৰাই দিব লাগে। বৰ্তমান  সমাজখন আধুনিকতাৰ কঢ়াল গ্ৰাসত সোমাই গৈছে আৰু অভিভাৱসকলেও মাত ফুটো নুফুটো অৱস্থাৰ শিশু এটাকো হাতত তুলি দিছে মোবাইল ফোন । মোবাইল তুলি দিয়া যি মানসিকতা আৰম্ভ হৈছে সেয়া অনাগত শিশুৰ বাবে অশুভ লক্ষণ। বৰ্তমান এটা বিষয়ে অভিভাৱসকলে বিশেষ ভাৱে লক্ষ্য কৰিব লগীয়া কথাটো হ'ল যে যেতিয়া শিশু এটাই মোবাইলত ভিডিঅ' চাই থাকে নতুবা গেম খেলি থাকে তেতিয়া ফোন আহিলে শিশুটোৱে কাটি দিয়া পৰিলক্ষিত হয় আৰু সেই বিশেষ ফোনটো কিয় ? কাৰ বাবে কি কথাত আহিছিল সেই কথাটো হয়তো ভাবি চোৱা নহয়। সেয়েহে আমি শিশুটোক বুজাব লাগে যে ফোন আহিলে ফোনটো কাটি নিদি অভিভাৱকক ফোনটো দিবলৈ। এনেকুৱা সাধৰণ কথাবোৰে এদিন অভিভাৱক তথা শিশুটোকে বিপদত পেলাব। সেইটো শিশুক হাতত মোবাইল হাতত কিয় দিয়ে ? তাত শিশুটোৰ লাভ কি ? শিশুটোৰ আনগত দিনত কিদৰে সহায় কৰিব এনেবোৰ কথা ভাবি শিশুক মোবাইলৰ প্ৰতি সজাগতা আনিব লাগিব। শিশুক এখন সুস্থ সবল এখন পৃথিৱী দি অনাগত দিনত আগবঢ়াই লৈ যোৱাটো আমাৰ কৰ্তব্য।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)