অসমীয়া সাহিত্যৰ গদ্যৰ কিছু গতি প্ৰগতি-দৃলীনা দাস

©Admin
0
ভাৱ, আবেগ আৰু উপলব্ধিৰে ভৰি থকা জীৱন ৰসৰ গাৰ্গৰিতিৰে এপিয়লা ৰস মধুৰিকতাৰ সম্ভাৰেৰে ভৰপূৰ সাহিত্যৰ এক সৃষ্টিশীল কৰ্ম হল গদ্য। লিখিতই হওঁক বা অলিখিতই হওঁক, পৃথিৱীৰ সকলো ভাষাৰ সাহিত্যৰ ৰূপ হৈছে পদ বা পদ্য।আনকি ব্যৱহাৰিক সাহিত্যও পদতেই ৰচিত হৈছিল।
         সাহিত্য জাতিৰ দাপোনস্বৰূপ আৰু ই সকলোতকৈ সম্ভ্ৰান্ত সংস্কৃতি। গদ্য বা কথাত সাহিত্য ৰচনাৰ পৰম্পৰা আপেক্ষিকভাৱে নতুন । দৰাচলতে গদ্যৰ বিকাশে জ্ঞানৰ প্ৰসাৰত অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পৃথিৱীৰ প্ৰগতি আৰু পৰিৱৰ্তনৰ গতি প্ৰদান কৰিছিল গদ্যই। বৈদিক যুগৰ পৰা মহাকাব্যৰ যুগলৈ প্ৰাচীন ভাৰতীয় আৰ্যভাষাৰ সকলো সাহিত্য আৰু জ্ঞানৰ পুথি পদ্যত ৰচিত হৈছিল । মধ্য বা সাহিত্যিক প্ৰকৃতিৰ  যুগতহে সংস্কৃত নাটকৰ সাধাৰণ চৰিত্ৰৰ প্ৰাকৃত সংলাপৰ ৰূপত গদ্যই ভুমুকি মাৰে ।
গদ্য নৈ কি ?
গদ্য হল সাধাৰণ মানুহৰ মুখৰ বচন। মানুহে গদ্য বা কাৰ্য ভাষাত মনৰ ভাৱ প্ৰকাশ কৰে। অসমীয়া গদ্য ৰচনাৰ পৰম্পৰাৰ সূচনা হয় শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাটৰ পৰা ।  অৱশ্যে এই গদ্য বিশুদ্ধ অসমীয়া গদ্য নহয়। ইয়াৰ মাধ্যম আছিল ব্ৰজাৱলী ভাষা।
ভট্ৰদেৱ অৰ্থাৎ বৈকুণ্ঠনাথ ভাগৱত ভাট্ৰাচাৰ্যৰ হাতত অসমীয়া গদ্যই এক স্বকীয় মাত্ৰা লাভ কৰে। তেঁওৰ কথা ভাগৱত আৰু কথা গীতা অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। আচাৰ্য প্ৰফুল্ল ৰায়ৰ এষাৰ  মন্তব্যই মাহাত্ম্য প্ৰতিপন্ন কৰিবলৈ যথেষ্ট...................
Indeed the prose Gita of Bhattadeve composed the sixteenth century is unique of its kind....
It is a priceless treasure. Assamese proce literature developed to a stage in the for distant sixteenth century which except the writtings of Hooker and Latiner in England.
অসমৰ সমাজ জীৱনলৈ বুৰঞ্জীৰ যোগেদি আহোমসকলে সৰ্বোৎকৃষ্ট অৱদান আগবঢ়াই । পোনতে আহোম ভাষাত ৰচিত বুৰঞ্জীয়ো অসমীয়াৰ ৰূপ পৰিগ্ৰহ কৰে। বুৰঞ্জীৰ গদ্য কথিতভাষাৰ ওচৰ চপা। দৰাচলতে বুৰঞ্জীৰ যোগেদিহে অসমীয়া লিখিত গদ্যই পৰিপূৰ্ণতা লাভ কৰে। বুৰঞ্জীৰ ভাষা পোনপটীয়া সহজ সৰল, যেনে –পাত্ৰ তেনে সংলাপ। ভাষাৰ সৌন্দৰ্যই বুৰঞ্জীক ইতিহাসৰ পৰা উন্নীত কৰি সাহিত্যৰ শ্ৰেণীত উপনীত কৰাইছে ।
 গদ্যত চৰিত্ৰ লিখাৰ সময় অসমীয়া বুৰঞ্জীৰ সৈতে  প্ৰায় একে। গুৰু শিষ্যৰ মহান সম্পৰ্কৰ চানেকিৰে সমৃদ্ধ সত্ৰ সমূহত চৰিত তোলা প্ৰথাৰ পৰাই চৰিত ৰচনাৰ পৰম্পৰা আৰম্ভ হয়। প্ৰায়বোৰ গুৰুচৰিত পদত ৰচিত হৈছিল। কথা গুৰু চৰিত গদ্য, ভট্ৰদেৱৰ গদ্য আৰু বুৰঞ্জীৰ গদ্য পৃথক। শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ লগতে বৈষ্ণৱ সন্ত মহন্তৰ জীৱন বৃত্তান্তৰ এই চৰিত পুথিৰ গদ্যত ভকতিয়া সুৰ এটা শুনা যায়।
খ্ৰীষ্টাব্দ অসমীয়া ভাষাৰ বাবে অতিশয় গুৰুত্পূৰ্ণ বছৰ। এই বছৰতে বাঙালী কেৰাণী মহৰীৰ কুট প্ৰৰোচনত ব্ৰিটিছ চৰকাৰে অসমৰ অফিচ আদালত, বিদ্যালয় আদিৰ পৰা চহকী মাতৃভাষা অসমীয়া ভাষাক আঁতৰাই বাংলা ভাষাৰ প্ৰচলন কৰিছিল । সেই বছৰতে অসমীয়া ভাষাৰ উদ্ধাৰৰ বাবেই ঈশ্বৰ   প্ৰেৰিত দূতৰ দৰে অসমত প্ৰৱেশ কৰিছিল আমেৰিকাৰ ব্যপ্টিষ্ট মিছন ছছাইটিৰ সভ্যসকল। 1846 চনত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা অৰুনোদই কাকত উলিয়াবলৈ লৈয় । শিৱসাগৰৰ স্থানীয় কথ্য ভাষাটো আয়ত্ত কৰি তেওঁলোকে সেই ভাষাতে কাকতখন লিখিবলৈ ধৰে। কালক্ৰমত শিৱসাগৰীয় উপভাষাই  মান্য অসমীয়া ভাষালৈ ৰূপান্তৰিত হয়।
কথিত ভাষাৰ কাষ চপা গদ্যই শ্ৰেষ্ঠ গদ্য। এইষাৰ কথা যে আমি ক্ৰমে ক্ৰমে পাহৰি পেলাইছো । আনুষ্ঠানিক জীৱনত আমি অত্যাধিক পৰিমাণে অনা অসমীয়া শব্দ ব্যৱহাৰ কৰিবলৈ লৈছোঁ । বিশেষকৈ থলুৱা শব্দৰ ঠাইত সংস্কৃত শব্দৰ প্ৰয়োগ বৰকৈ বাঢ়িছে। লগে লগে আমাৰ ভাষাটোৰ চহকী শব্দ ভাণ্ডাৰৰ স্বকীয়তা প্ৰতিও যেন ভাবুকিৰ সৃষ্টি হৈছে। নতুন প্ৰজন্মই অসমীয়া ভাষাৰ প্ৰতি দুৰ্বলতা উদঙাই দিছে । কবলৈ লাজ কৰা হৈছে । সকলো আহোৱাহ দুৰ কৰি আমাৰ অসমীয়া ভাষাটোক বিশ্ব দৰবাৰত উজ্বলাই ৰাখিবলৈ ন পুৰণি সকলোকে মোৰ অনুৰোধ জনালো।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)