গোলাঘাট ।
৮১৩৫৮৭৪৮০৮
মন আৰু মোহন দুয়ো নলেগলে লগা বন্ধু । এজন মিস্ত্ৰী আৰু আনজন যোগালি। মন মিস্ত্ৰী আৰু মোহন যোগালি । সদায় দুয়ো একেলগে কাম কৰে । মনৰ এবছৰীয়া ল'ৰা এটা আৰু পত্নী গৰাকী । মোহনৰো দুবছৰীয়া ল'ৰা এটা আৰু নিপোতল চেহেৰাৰ ঘৈণীয়েক এগৰাকীৰ সৈতে সুখৰ সংসাৰ । দুয়ো দুয়োৰে ঘৰলৈ সঘনাই অহা যোৱা কৰে ।
এনেদৰেই দিনবোৰ পাৰ হৈ গৈছিল । অহা-যোৱা সঘনাই কৰাৰ বাবে মনৰ ঘৈণীয়েক জনী মোহনৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল । মোহনৰো মোহিনীৰ প্ৰতি অলপ টান আছিল । চাহ তামোলৰ আচিলা লৈ মোহিনীয়ে যেন মোহনৰ প্ৰতি অলপ দৰদ বেছিকৈ দেখুৱাবলৈ সক্ষম হৈছিল । এনেদৰেই সিহঁতৰ মাজত প্ৰেমৰ নিবিড় সম্পৰ্ক গঢ়ি উঠিছিল ।
হঠাতে সিদিনা মোহিনীয়ে মনৰ অনুপস্থিতিৰ সুযোগ ল'লে আৰু সেই ৰাতিয়েই মোহনৰ সতে পলাই গ'ল ।
তলে তলে মোহনে যে এনে কাম কৰিব পাৰে এই কথা মোহনৰ ঘৈণীয়েক জেউতিয়ে হয়তো কল্পনাই কৰিব পৰা নাছিল । গতিকে জেউতিয়ে এই কথা সহ্য কৰিব নোৱাৰি নিজৰ দুবছৰীয়া ল'ৰাটোক লগত লৈ মাক দেউতাকৰ ঘৰলৈ চিৰদিনৰ বাবে উভতি গৈছিল ।
মন চুপচাপ বহি থকা ভকত নাছিল । পিছদিনাখন আবেলি সময়ত মনে মানুহ চপালে । মোহন আৰু মোহিনীক বিচাৰি আনি মেলত উপস্থিত কৰোৱা হ'ল । সিহঁতে কোনেও কাকো এৰি নাথাকে বুলি কোৱাত ৰাইজে আৰক্ষী প্ৰশাসন লৈ পঠিয়াই দিয়ে । আৰক্ষীয়ে কেছৰ সমিধান উলিয়াব পৰা নাছিল । মোহিনীৰ দেউতাকে চি আৰ পি এফৰ কেম্পত খবৰ দিয়াই মন আৰু মোহিনীক উঠাই লৈ গ'ল । মোহিনীৰ দেউতাকে নিজৰ ঘৰতে মনক ঘৰ জোৱাঁই কৰি ৰখোৱাৰ সিদ্ধান্ত ল'লে ।
বেচেৰা মোহনে দুজনী বিচাৰোঁতে এতিয়া এজনীকো ৰাখিব নোৱাৰিলে । মোহনৰ ঘৈণীয়েক জেউতিয়ে পিছদিনাখনেই এই ঘৰ ত্যাগ কৰি গুচি যাবলৈ বাধ্য হৈছিল । গতিকে এতিয়া অকলশৰীয়া হৈ পৰিছিল সি । অৱশেষত মোহনেও ঘৰ ত্যাগ কৰি অন্য ঠাইলৈ গুচি যাবলৈ বাধ্য হৈছিল । হাঁহি তামাচাৰে ভৰপূৰ হৈ থকা এখন ঘৰ এতিয়া বাঁহতলত পৰিণত হ'ল ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ