সকলোতে চলাথ কৰি…
ভাগৰি পৰাৰ অন্তত…
দুখৰ সমাধিত মনৰ বিলাপত…
ভাগৰৰ সমৰ্পনত মৃত্যু বিচাৰি…
এটি হুমুনিয়াহৰ অন্তত…
আন এটি হুমুনিয়াহে
হৃদয়ত মৰা টোকৰত…
দুচকুত অন্তসত্বা: হোৱা
চকুলোবোৰ প্ৰসৱিত হয়
নিজৰেই মনৰ অজানিতে ……৷
মানুহৰ বৈধ-অবৈধতাৰ……
সমালোচনাৰ বাকৰিত…
বাস্তৱতাৰ ক্ষুৰ ধাৰত ……
ধপ -ধপনিত কটা যায়…৷
হৃদয়ত পুহি ৰখা অলেখ -অযুত…
ঢৌ খেলি ভাহি অহা সপোনবোৰ
এটি গতিৰোধকত যেন…
উফাল খাই কৰবাত…
সিঁচৰিত হৈপৰে…৷
আনে বুজি নোপোৱা…
নিজৰ অনিচ্ছাৰ স্বত্বেও
যেন সাবটি লৱ লগা হয়…
অনাকাংখিত অবুজ বেদনাৰ
আধা-পোৰা দস্তাবেজবোৰ ৷৷
✍জ্যোতিষ্ক বৰুৱা
নামৰূপ /অসম
মোৱাইল নং: -৯৩৬৫০০৮৩৪৩
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ