মই••যিচু শংকৰ দাস

©Admin
0
ডাষ্টবিনয়েই মোৰ শেষ চিনাকি 
আৰু নো কি?? 
অনুৰ্বৰ জীৱনৰ উপত্যকা
সপোন বুলিবলৈ আছে নো কি?? 
জীৱনে যি এটা দিছিলে
 যত্নৰ অভাৱত,সি ও নিশকতীয়া,
 সামান্যতম বতাহতে পৰো পৰো অৱস্থা ।।
 জীৱনৰ সূত্ৰ নৰয় মনত,
 বাৰে বাৰে কৰোঁ খেলিমেলি, কোনো কালেই নহয় ভূলৰ শুধৰণি।।।
 জীৱনৰ ৰঙ কোনো কালেই নিচিনো, কুঁৱলীকেই বাৰেপতি ধোৱা বুলি ভূল কৰো।।।
 আৰু নো কি?? 
 মইয়েই চোন মোৰ খুনি।।।।

                        
✍️যিচু শংকৰ দাস
    মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়,মাজুলী ।।।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)