জনতা ভৱন ••কাজি শ্বাহাদত ইছলাম

©Admin
0
আপুনি চাগে লক্ষ্যই নকৰে,
মানুহবোৰে এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ
আত্মসত্তাৰ সৈতে বিশ্বাসঘাতকতা কৰে ।
সদ্ভাৱবোৰক শাৰী পতাই
গেলা-পচা শব্দৰ পিস্তলেৰে 
ডাই-ডাইকৈ গুলীবৰ্ষণ কৰে !
তাৰপৰাই জন্ম হয় ৰাৱণৰ ।

ভোকাতুৰ ৰাৱণে ভালপায় তেজ আৰু কাগজ ।
সিহঁতক চাই থৰথৰকৈ কঁপে 
নিসংগ পখী অথবা শিয়ালৰ জাক !
নিশ্চিত মনে কুকুৰবোৰে টোপনি মাৰে
সেয়া দিনতেই হওক বা ৰাতিতেই ।
কাৰণ ভৌ ভৌ কাৰ্যত ভাতৰ যোগাৰ নহয় আজিকালি , 
সিহঁতে জানে চেলেকা কাৰ্যতেই নিহিত আছে বিলাসিতা ।

জখলা বগোৱাৰ প্ৰতিযোগিতাত
ৰাৱণবোৰে সৱল পাঠ্যক্ৰম গচকি অথবা আওকাণ কৰি
মনত আৱিষ্কাৰ লালসাৰ এমেজ'ন 
আৰু নিৰ্মাণ কৰে বিৰাটাকাৰৰ জনতা ভৱন ।
য'ৰ পৰা দেখা নাযায় নিঃকিনৰ ৰক্তাশ্ৰু...
বিধবাৰ উকা কপাল...
 অথবা শুনা নাযায় সৰ্বহাৰা প্ৰাণীবোৰৰ বিকট চিৎকাৰ...

য'ৰ পৰা মাথোঁ দেখা যায় মিছা সৰগ...!!
য'ৰ পৰা অনুভূত হয় অমৃত্যুৰ ভুৱা সংবাদ...!!

✍️কাজি শ্বাহাদত ইছলাম
৬০০২৫৯৪৪৩০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)