ৰাধা প্ৰিয় ••মিন্টু গোৱলা

©Admin
0
পূৰ্ণিমাৰ নিজান নিশাত 
শুনো বাঁহীৰ মাত 
বুকুৰ কোণত পোহৰেৰে
জিলিকি উঠা প্ৰেমৰ কাহিনী ভাঁহি উঠে ,
 ৰাধা প্ৰিয়ৰ কাহিনী বোৰ 
এনেলাগে যেন বাঁহীৰ মাতে
 ৰিঙিয়াই মাতে ৰাধা প্ৰিয় !

তাতে ভাঁহি আহে ৰাধাৰ মুখখনি
ৰুণু জুণু শব্দৰে ৰাধাই আহে
 প্ৰাণৰ সখীক লগ দিবলৈ 
বনৰ মাজত 
বাঁহীৰ মাতে ৰাধাক শুৱ নিদিয়ে ।

এনেকুৱা লাগে যেন বনৰ মাজত 
আজিও উচুপি উঠে প্ৰাণৰ ৰাধা ।
********""""********************
                           
✍️মিন্টু গোৱলা, লখিমপুৰ কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)