ধাৰাবাহিক উপন্যাস▪️▪️অৰণ্যৰোদন▪️▪️০৬🔺নবীন চন্দ্ৰ মেধি

@admin
0
সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ আছিল নিৰ্মল কুমাৰ । পঢ়া শুনাত যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল । ১৯৯৮ চনত চুঙাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ নিৰ্মল কুমাৰে সৰুপথাৰতে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰো বুলি সিদ্ধান্ত লৈছিল । সেইমতে পঢ়া শুনা ঠিকমতে কৰি গৈছিল । চুঙাজানৰ পৰা সৰুপথাৰলৈ দূৰত্ব প্ৰায় বিছ কিলোমিটাৰ । সদায় বাছেৰে অহা-যোৱা কৰিব লগা হয় । চাৰিমাহমান তেনেদৰে সকলোৰে লগত বাছেৰে অহা-যোৱা কৰাৰ পিছত পৰীক্ষাৰ সময়ত ভালদৰে পঢ়া-শুনা কৰিবলৈ সুবিধা হ'ব বুলি ভাৱি সহপাঠী বন্ধু গণেশৰ লগত একেলগে সৰুপথাৰৰ ৰেল ক্ৰছিংৰ ওচৰতে এটা ভাড়াঘৰত থাকিবলৈ লৈছিল । 

গণেশ আছিল এজন কবি । চাহ জনজাতিৰ লোক । ভাল শিল্পী আছিল । চাহ জনজাতি ছাত্ৰ সন্থাৰ ধনশিৰি মহকুমাৰ সাধাৰণ সম্পাদক । মোদী সমাজৰ প্ৰতিষ্ঠাতা । স্বৰচিত কবিতা পুথিও প্ৰকাশ কৰিছিল । নিজৰ জাতিৰ হকে উন্নয়নৰ স্বাৰ্থত অসমৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি কৰি অৱশেষত জেল খাটিব লগীয়া হৈছিল । জেলৰ পৰা ওলাই অহাৰ কিছুদিন পিছতে তেখেতৰ বেমাৰ হৈ ২০১০ চনৰ ডিচেম্বৰ মাহৰ কোনো এটা দিনত গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত মৃত্যুবৰণ কৰিব লগা হয় । হয়তো চৰকাৰৰ ৰোষত পৰি গণেশৰ জীৱন বিকল হৈ পৰিছিল । ২০১০ চনৰ পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ বাবে পুলিচ মিলিটেৰীয়ে ধৰি লৈ গৈছিল । জেলৰ পৰা ওলাই আহোতে গণেশৰ দেহ ঘুণীয়া হৈ পৰিছিল । চাহ জনজাতি ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গণেশৰ মৃত্যুক শ্বহীদ ঘোষণা কৰিছিল । বন্ধুৰ মৃত্যুৰ বতৰা পাই নিৰ্মল বৰ মৰ্মাহত হৈ পৰিছিল । কিয়নো ১৯৯৫ চনৰ পৰা একেলগে পঢ়া-শুনা কৰা বন্ধুবৰ , সহপাঠী , ৰূমমেট তথা সদৌ অসম ছাত্ৰ সন্থাৰ ধনশিৰি মহকুমাৰ বিষয়ববীয়া নিৰ্মল কুমাৰৰ সহকৰ্মী মৃত্যুৰ আগমূহুৰ্ত্তলৈকে ভাল বন্ধু হৈয়ে আছিল । কিতাপ পঢ়ি খুউব ভাল পাইছিল লগতে লিখা মেলা আৰম্ভ কৰিছিল । সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়া শেষ কৰি গণেশ ডিফু পাইছিলগৈ । ডিফু চৰকাৰী মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী ল'বলৈ গৈছিল । কিন্তু দুবছৰ পঢ়াৰ পিছত বিশেষ অসুবিধাৰ বাবে ঘৰলৈ উভতি আহিছিল আৰু পুনৰ সৰুপথাৰ মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল । 

নিৰ্মল কুমাৰে গণেশৰ লগত একেলগে সৰুপথাৰৰ ৰেল ক্ৰছিংৰ ওচৰতে ভাড়াঘৰত থাকিবলৈ লোৱাৰ পাছত লাহে লাহে গল্প কবিতা লিখিবলৈ আৰম্ভ কৰিছিল । প্ৰথম অৱস্থাত " সপোন " নামেৰে এটি কবিতা লিখিছিল আৰু হাতেলিখা আলোচনীৰ পাতত প্ৰথমে প্ৰকাশ পাইছিল । তাৰ পিছত লিখিবলৈ আৰম্ভ কৰা এটি গল্পৰ নাম হ'ল " জীৱনৰ আন এটা নাম হ'ল সংগ্ৰাম "। সেয়াই আৰম্ভণি । তাৰ পিছত আৰু ঘুৰি চাব লগা হোৱা নাই । এটাৰ পাছত আনটো গল্প কবিতা প্ৰৱন্ধ আদি লিখি গৈছিল । শেষলৈ নাটক আৰু উপন্যাস লিখিবলৈ আৰম্ভ কৰিছিল । এতিয়াও বিভিন্ন আলোচনীৰ পাতত তেখেতৰ গল্প আৰু কবিতা সমূহ সিঁচৰতি হৈ আছে । 

কলেজত পঢ়া দিনত নিৰ্মল কুমাৰ এটা ভ্ৰাম্যমাণ পুথিভঁৰালৰ সদস্য হৈছিল । পুথিভঁৰালটোৰ নাম আছিল ধনশিৰি ভ্ৰাম্যমাণ পুথিভঁৰাল , চুঙাজান । সি প্ৰতি সপ্তাহে পুথিভঁৰাললৈ গৈছিল আৰু কিতাপ পঢ়িছিল । সপ্তাহত দুখনকৈ কিতাপ ঘৰলৈ পঢ়িবলৈ আনিবলৈ সুবিধা পাইছিল । মাহেকে পষেকে তাত কবিতাৰ আবেলি , গল্পৰ আবেলি , কবিতাৰ এসন্ধ্যা আদি অনুষ্ঠান আয়োজন কৰিছিল আৰু গল্প , কবিতা , প্ৰৱন্ধ আদি পাঠ কৰিছিল । কবি বন্ধু বান্ধৱী সকলৰ লগত সাহিত্য আৰু সংস্কৃতিৰ বিষয়ত আলোচনা সভা পাতিছিল । শিল্পী দিৱস , ৰাভা দিৱস , শিশু দিৱস আদিৰ আয়োজন কৰিছিল । ভাল ভাল অনুষ্ঠান পাতিছিল । এই ক্ষেত্ৰত আগবাঢ়ি অহা ডেকা গাভৰু সকলৰ সৰহ সংখ্যকেই এতিয়া চৰকাৰী চাকৰিয়াল। 

ভাল কাম কৰা দেখিলে চকু চৰহা ব্যক্তি কিছুমানৰ চকুত টোপনি নাহে । ঠিক তেনে কিছুমান ব্যক্তিৰ ৰোষত পৰিল পুথিভঁৰালটো । ডেকা গাভৰু সকলৰ আড্ডাস্থলী ভ্ৰাম্যমাণ পুথিভঁৰালটোত এদিন অতৰ্কিতে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা ৰেইড চলিল । আৰক্ষীৰ হাতত থকা তথ্য অনুসৰি এই পুথিভঁৰালটোত কমিউনিষ্ট পাৰ্টিৰ কেইজনমান সদস্য জড়িত হৈ আছে আৰু মাৰ্ক্সবাদ লেনিনবাদ আদি কিতাপেৰে পুথিভঁৰাল ভৰি আছে । গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে সৰুপথাৰ আৰক্ষীৰ সহায়ত ৰেইড কৰি কিতাপ পত্ৰবোৰ জব্দ কৰে আৰু পুথিভঁৰাল বন্ধ কৰি দিয়ে । নিৰ্মলৰ মন অতি নিৰ্মল আছিল । সি তেতিয়ালৈ জনাই নাছিল যে এই পুথিভড়ালৰ লগত জড়িত থকা কেবাগৰাকীও সদস্য ইতিমধ্যে উগ্ৰপন্থী সংগঠন আলফাত যোগদান কৰিছিল । দেশৰ হকে জীৱন বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা এই ডেকা গাভৰু সকলক বিচাৰি আৰক্ষীৰ টোপনি খটি হৈছিল । 

কথাষাৰ মিছা নহয় । কেইবাগৰাকীও ডেকা গাভৰুক গ্ৰেপ্তাৰ কৰা হৈছিল । বাকীসকলে ভয়তে পলাই ফুৰিছিল । কোনো কোনো সদস্যই আত্মগোপন কৰিবলগীয়া হৈছিল । আত্মগোপন কৰিছিল যদিও ৰাইজৰ মাজত সোমাই থাকি সজাগতা সভা , সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰিছিল । লাহে লাহে কেডাৰৰ সংখ্যা বৃদ্ধি পাইছিল আৰু বিশেষ প্ৰশিক্ষণৰ বাবে ভাৰত ভূটান সীমান্ত আৰু বাংলাদেশলৈ পঠিয়াই দিছিল । সেয়া আছিল ১৯৯৭ - ৯৮ চনৰ কথা । সি তেতিয়ালৈ দুই চাৰিটা কবিতা লিখিবলৈ লৈছিল মাথো । মেক্সিম গৰ্কীৰ মা উপন্যাসখন পঢ়ি ভাল পাইছিল । লাহে লাহে সি যেন বয়সতকৈ কিছু আগবাঢ়ি আহিছিল । জ্যেষ্ঠসকলে বুজালে এতিয়া তোমাৰ পঢ়াৰ বয়স । পঢ়া শুনা শেষ কৰাৰ পিছত যি ইচ্ছা হয় তাকে কৰিবা । সেইবাৰলৈ ৰক্ষা । 

তাৰ পিছত দুবছৰ দিন পঢ়া শুনা কৰাৰ অন্তত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ সৰুপথাৰ মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী কলা শাখাত নামভৰ্তি কৰিলে । ৰাজনীতি বিজ্ঞান মেজৰ বিষয় হিচাপে লৈ তিনি বছৰীয়া স্নাতক ডিগ্ৰী অধ্যয়নত মনোনিবেশ কৰিলে ।

ইতিমধ্যে ২০০০ চনত উগ্ৰপন্থী সংগঠনসমূহৰ সদস্যসকলক আত্মসমৰ্পন কৰিবলৈ অসম গণ পৰিষদ চৰকাৰে এটা সুযোগ দিছিল । সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক তথা সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত বিনোদ গোৱালাদেৱৰ উপস্থিতিত ধনশিৰি মহকুমাৰ সৰুপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত সভাত ধনশিৰি মহকুমাৰ অন্তৰ্গত আলফাৰ বিছ একৈশ জনীয়া এটি দলে আত্মসমৰ্পন কৰে । অসমলৈ শান্তি ঘূৰি আহিছিল । 

এনেদৰেই নিৰ্মল কুমাৰে দ্বিতীয় বাৰৰ বাবে আকৌ জ্যেষ্ঠ সকলৰ সান্নিধ্য লাভ কৰাৰ সুযোগ পাইছিল । 

( আগলৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)