ধাৰাবাহিক উপন্যাস▪️▪️অৰণ্যৰোদন▪️▪️০৫ 🔺নবীন চন্দ্ৰ মেধি

@admin
0
: হেৰি শুনিছেনে , কালি অনন্যাই কৈছিল , কাইলৈ সৰুপথাৰৰ পৰা এজন মানুহ আহিব বোলে । মানুহজনে কিবা প্ৰাইভেট কোম্পানী নে বেংক এটাত কাম কৰে । তেখেতে কাম কৰা সেই কোম্পানীটোৱে হেনো গাঁৱৰ মহিলাসকলক কম সুদৰ হাৰত টকা ধাৰে দিয়ে । আমিও যদি তেনে কিবা এটাত সোমাই লওঁ তেন্তে বেয়া নহ'ব চাগে নহয়নে ? 

পত্নী ডালিমীৰ কথা শুনি নিৰ্মল কুমাৰে ঘপককৰে একো উত্তৰ নিদিলে। ক'ৰ বা কোম্পানী ? কিমান বা টকা দিয়ে । সুদ কিমান দিব লাগিব ? মাহে মাহে দিব লাগিব নে পোন্ধৰ দিনৰ মূৰে মূৰে দিব লাগিব সেইবোৰ একো নজনাকৈ তেখেতে সন্মতি দিয়াৰ কথা চিন্তা নকৰিলে । তেখেতে লাহেকৈ মূৰ দুপিয়াই থ'লে । ঘৈণীয়েক ডালিমীয়ে আকৌ কিবা এষাৰ কয় বুলি অনুমান কৰি ক'লে

: বাৰু কাইলৈ খবৰ এটা লৈ চাবাচোন, দিয়ে যদি ল'বা ,  মইনো কি কম । 

এইবুলি কৈ ঘৈণীয়েকৰ ফালে পিঠি দি সিকাটি হৈ শুলে । আচলতে তাইৰ ফালে মুখ কৰি শুলে গিৰিয়েকৰ চিন্তাক্লিষ্ট মুখখন দেখা পাব বুলিয়েই তেখেতে বিপৰীত ফালে মুখ কৰি শুবলৈ লৈছিল । তাইয়ো নজনা নহয় । আজি আঠ বছৰে গিৰিয়েকৰ লগত সহবাস কৰাৰ পিছত তাই গিৰিয়েকৰ বিষয়ে এইকণ জনাটো একেবাৰে সাধাৰণ কথা । বিয়াৰ সময়ত দেখা পোৱা ৰঙচঙীয়া হাঁহিমুখীয়া চেহেৰাটো আজি কিছুদিনৰ পৰা যেন তাই নেদেখা হৈ আহিছে । পুতৌ উপজে তেখেতলৈ । কিমান উৎসাহেৰে সদায় ৰাতিপুৱা সময়ত বিদ্যালয়লৈ ঢাপলি মেলে আৰু ঘৰলৈ উভতি আহোঁতে তেখেতৰ নিৰুৎসাহিত আৰু হতাশাগ্ৰস্ত মুখখন দেখা যায় । পিছদিনাখন তেখেতে বিদ্যালয়লৈ যাবলৈ মন নকৰা হয়গৈ । জোৰ কৰি হ'লেও সুদা ভাত এমুঠিমান খোৱাই সময়মতে বিদ্যালয়লৈ পঠিয়াই দিয়ে । তাই নিজে ঘৰত ল'ৰাটোক ৰখাৰ লগতে বাৰীখনত কিবা এটা কৰাৰ বাবে চেষ্টা কৰে । 

যোৱাবছৰ ডি এল এড কৰিবলৈ আৰম্ভ কৰাৰ পিছত ঘৰখনত কোটা এগছো ইফাল সিফাল কৰিবলৈ তেখেতে সময় পোৱা নাই । এতিয়া ছাহাৰাৰ কামটোও ভালদৰে কৰিবলৈ সময় নোপোৱা হ'ল । সৰুপথাৰলৈ অহা যোৱা কৰি থাকোঁতে সময় পাৰ হয় ।  ইফালে বিদ্যালয়লৈ নগ'লেও নহয় । মাহৰ মূৰত আশা কৰা মতে টকা কেইটা নাপায় । সেই কাৰণে কামটোৰ পৰা অব্যাহতি লোৱাৰ কথাও চিন্তা কৰিছিল । 

কি লাভ এনেবোৰ কোম্পানীৰ এজেণ্ট কৰি যদিহে সময়ত কমিশ্যনৰ বাবদ পাবলগীয়া ধন খিনিও নাপায় । মাজতে কিছুদিন পান কাৰ্ডৰ কামো কৰিছিল । পান কাৰ্ড উলিয়াই দিয়াৰ বিনিময়ত সামান্য কিবা এটা লাভালাভ থাকে যদিও সেইবোৰ কাম সদায় নাথাকে । বাৰীতে তামোল গছকেইজোপামান আছে  । তামোল বিক্ৰী কৰি বছৰৰ আৰম্ভণিতে ওঠৰ বিছ হাজাৰ টকা পোৱা যায় । কিন্তু ইফালে সিফালে ইজন সিজনক ধাৰ মাৰিবলৈকে নহয় । বছৰ দিন এটা পৰিয়াল চলাবলৈ কিমান হাজাৰ টকাৰ প্ৰয়োজন হয় এই কথা ডেকা কালতে অনুভৱ কৰিব পৰাহেঁতেন বিয়া বাৰুৰ কথা মনলৈ নানিলেইহেঁতেন । এইবোৰ কথা চিন্তা কৰি আৰু কোনো লাভ নাই । শুই থকাই ভাল । 

এইবুলি ডালিমীয়ে গিৰিয়েকৰ ফালে পিঠি দি ইকাটি হৈ শুই পৰিল । 

নিৰ্মল কুমাৰৰ টোপনি যোৱাই নাছিল । ডালিমীৰ কথাই চিন্তা কৰি আছিল । আজিৰ পৰা প্ৰায় আঠবছৰ আগতে যেতিয়া ডালিমীক লগ পাইছিল তেতিয়া সি কল্পনাই কৰিব পৰা নাছিল এইজনী কম বয়সীয়া গাভৰু এদিন তেওঁৰ জীৱন লগৰী হ'ব । 

কলেজীয়া জীৱনৰ পৰা আৰম্ভ কৰি বিয়াৰ সময়লৈকে তেখেতে কিমানৰ প্ৰেমত পৰিছিল তাৰ হিচাপ নাই । এতিয়া সিহঁতৰ কথা মনত পৰিলে খঙত বুকুখন জ্বলা পোৰা যেন অনুভৱ কৰে । ইমান স্বাৰ্থপৰ নাৰী । টকাৰ অবিহনে কোনো মূল্য নাই । প্ৰেম কৰিবলৈ চাকৰি লাগে , টকা লাগে , উঠি ফুৰিবলৈ বাইক লাগে  । মানে একপ্ৰকাৰৰ বিলাসী জীৱন নিৰ্বাহ কৰিব পাৰিলেহে যেন প্ৰেম কৰাৰ সাৰ্থকতা বুজায় । সেই সময়ত আজিৰ দৰে ইমান গাড়ী মটৰ নাছিল । মোবাইল ফোন ও  নাছিল ।  তথাপি ধনী ব্যক্তি আৰু চাকৰিয়াল ডেকা গাভৰুৱে পছন্দ কৰিছিল । নিৰ্মলৰ এই দুয়োটাৰে অভাৱ আছিল । সেয়ে কোনো ছোৱালী আগবাঢ়ি অহা নাছিল । প্ৰেম আছিল মাথো একপক্ষীয় । 

এতিয়া অনুভৱ কৰে মনে মনে ভাল পোৱা সেই গাভৰু সকলৰ কোনোবাজনীৰ গিৰিয়েকে হয়তো জম্মু কাশ্মীৰ নতুবা উত্তৰ প্ৰদেশ বিহাৰৰ কোনোবা এটা চুকত হাতত বন্দুক লৈ ৰাতি ৰাতি টোপনি খটি কৰি পহৰা দি আছে আৰু তাই ঘৰতে থাকিও চতফটাই আছে কাৰণ লাগ বুলিলেও আজি বিপদে আপদে গিৰিয়েকক কাষত নাপায় । পাব মাথো গিৰিয়েকৰ উপাৰ্জনৰ টকা আৰু সা সম্পত্তি । কুবেৰৰ ধন ৰখি ৰখি জীৱনটো পাৰ কৰাৰ মজাই সুকীয়া । বহুদিনৰ মূৰত এদিন ঘৰলৈ উভতি আহোঁতে মৰম এসোপা লৈ আহিব আৰু কেইটামান দিন ঘৰত থাকি আকৌ যাব । এয়াই তোমালোকৰ বিলাসীতা ।  তাতেই তহঁতৰ দেহৰ ভোক আৰু মনৰ ভোক সকলো নিবাৰণ ঘটিব । টকাক গুৰুত্ব দিয়া মানুহে মানুহৰ মনক লৈ হেতালি খেলা স্বভাৱ বুজি পাবলৈ বাকী নাই । জীৱনত প্ৰথম বাৰ মনে প্ৰাণে ভালপোৱা প্ৰেমিকাগৰাকীয়ে যেতিয়া " ক্ষমা কৰিব মই আপোনাৰ হ'ব নোৱাৰিলো " বুলি কৈ ঘৰৰ পৰা চাই দিয়া ল'ৰাৰ লগত বিয়া হৈ গুছি গৈছিল তেতিয়া মনৰ দুখত ভাগি পৰিছিল । সি এলক'হলিক নাছিল , নহ'লে সিদিনা মদ খাই নিচা লাগি ৰাস্তাই ঘাটে ক'ৰবাত পৰি থাকিল হেঁতেন ।  
সিদিনা তেওঁৰ নিজকে পৃথিৱীৰ শ্ৰেষ্ঠ নি:কিন দাল দৰিদ্ৰ যেন অনুভৱ হৈছিল । কাৰণ সিদিনা তেওঁৰ ওচৰত কেৱল ধনেই নহয় মৰম ভালপোৱা দিব পৰা এটা মনৰো অভাৱ হৈ পৰিছিল । তেওঁক ভাল পোৱা লোক যেন পৃথিৱীত কোনো নাই তেনে অনুভৱ হৈছিল । 

সেইদিনাৰ পৰা কলেজীয়া গাভৰুক ভাল নলগা হ'ল আৰু বিশ্বাস নকৰা হ'ল । বহুদিন ধৰি সি অকলশৰে নিসংগতাকে সাৱতি দিন পাৰ কৰিছিল । এসময়ত সি সকলো বাদ দি সাহিত্য সাধনাত ব্ৰতী হৈ পৰিছিল । গল্প কবিতা প্ৰৱন্ধ নাটক উপন্যাস আদি লিখি বাকচ ভৰ্তি কৰি পেলাই থৈছে । কেতিয়াবা কোনোবাই বিচাৰিলে আলোচনী স্মৃতিগ্ৰন্থ আদিৰ বাবে দুটা এটা উলিয়াই দিয়ে । 

২০০৭ নে ২০০৮ চনত পোন প্ৰথম বাৰৰ বাবে এখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াইছিল । তাৰ পিছত স্মৃতিগ্ৰন্থ সম্পাদনা কৰা আলোচনী সম্পাদনা কৰাকে আদি কৰি বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰিব লগা হৈছিল । সংসাৰৰ মায়া বান্ধোনৰ পৰা পলাই ফুৰি সামাজিক কামত ব্ৰতী হৈ পৰিছিল তেখেত । সমাজত কিছু নাম হৈছিল । সাহিত্যৰ লগত জড়িত হৈ জনপ্ৰিয় হৈ পৰিছিল । আজিকালি যিকোনো অনুষ্ঠানতেই তেখেতৰ আদৰ । 

এই জনপ্ৰিয়তাৰ সুযোগ লৈ বহুতে তলে তলে ছোৱালী দেখুওৱা আৰম্ভ কৰি দিছিল । বি এ পাছ ল'ৰা , হকে বিহকে চাকৰি এটাও কৰি আছে । ইফালে লিখা মেলা কৰে । সাতে পাঁচে মিলি বাৰ হয় যদি হওকচোন । 

কিন্তু বিধিয়ে দিলেও বিধাতাই নিদিয়ে । নিৰ্মল কুমাৰ শৰ্মা ছাৰৰ ক্ষেত্ৰতো এনে হৈছিল ।  

            ( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)