অণুগল্প -"উৰুকাৰ ভোজ " •দলুমণি শইকীয়া বৰা

Rinku Rajowar
0
আৰোহীৰ মনটো আজি পুৱাৰ পৰাই বৰ ৰ্স্ফূতি লাগি আছে। নালাগিবইনো কিয়? মৃত দেউতাকৰ পৰম্পৰাটো অন্তত বিদেশত থাকিও একমাত্র ল'ৰাটোৱে যে জীয়াই ৰাখিছে,,,,! তাতকৈ আৰু আনন্দৰ কথা কি হ'ব পাৰে ! 
      পুৱাবেলা সোণটোৱে ফোনত কোৱা কথাকেইষাৰ মনত পৰি পুনৰ আৰোহীৰ মনত আনন্দৰ বন্যা বৈ গ'ল.....! দেউতাক জীয়াই থাকোঁতে প্ৰত্যেক বাৰেই গাৱঁৰ ৰাইজক মাঘ বিহুৰ উৰুকাৰ ভোজটো দেউতাকে খুৱাইছিল আৰু এতিয়া দেউতাক ঢুকুৱাৰ পিছত একাদিক্ৰমে দেউতাকৰ স্মৃতি সুঁৱৰি প্ৰথম বাৰৰ বাবে সি দেউতাকৰ আত্মাৰ শান্তিৰ বাবে বিদেশৰ পৰা নাতি আৰু বোৱাৰীৰ সৈতে আহি নিজে উপস্থিত থাকি মাঘ বিহুৰ উৰুকাৰ ভোজটো গাৱঁৰ ৰাইজৰ সৈতে খোৱাৰ কথা জনােৱাত আৰোহীৰ আনন্দত চকুলো দুইধাৰে বাগৰি আহিল.....!!

✍️দুলুমণি শইকীয়া বৰা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)