মন মগজুত এৰাল দি
শব্দ দুটিক সেউজীয়া চচমা পিন্ধাই
শুকান খেৰকে সেউজীয়া
ঘাঁহ বুলি খোৱাই আছো আশৈশৱ !
মই তুমি আপুনি
স্ত্ৰী পুৰুষ সকলোৱে ।
দুৰন্ত গতিত নিজা গাড়ীখন
চলাই আছো ।
পথৰ দুয়ো পাৰৰ
ওখ ওখ ঘৰবোৰ
ওখ ওখ গছবোৰ
সিমান গতিত পিছলৈ গৈ আছে ।
পিছে সেইবোৰ য'তেই দেখি আহিছিলো
লৰচৰ বিহীন ভাৱে তাতেই আছে ।
যদিওবা আমি গাড়ীখন চলাই আছো!
চৈতন্য হৈ আইৰ গৰ্ভৰ পৰা
যেতিয়া ওলাই আহিছিলো
তাৰ পূৰ্বে সেই ওখ ওখ ঘৰ
অথবা ওখ ওখ গছবোৰৰ অস্তিত্ব
একো নাছিল
যদিওবা সেইবোৰ নিজ ঠাইতে আছিল !
যি দিনা শেষৰ উশাহটি লম
তাৰ পিছত সেই ঘৰ সেই গছবোৰ
আকৌ অস্তিত্বহীন হৈ পৰিব ।
যদিওবা সেইবোৰ য'ত দেখিছিলো
তাতেই থাকিব !
◾সৌৰভ কুমাৰ বৰুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ