অনুভৱ-জীৱনৰ অন্তিম সত্য•নবীন চন্দ্ৰ মেধি

Rinku Rajowar
0
প্ৰায়ে দেখি থকা আমাৰ অসমীয়া সমাজৰ লোকসকলৰ জীৱনৰ অন্তিম সময়চোৱা কেনেদৰে পাৰ হয় তাৰ এটা অনুভৱ লিখিবলৈ চেষ্টা কৰিছো । কিয় হয় এনে অৱস্থা ? ক'ত ভুল হৈ যায় আমাৰ জীৱনত ? একেখন ঘৰতে থাকিও অকলশৰীয়া অনুভৱ কৰে কিয় ? কিয় বৃদ্ধ পিতৃ মাতৃ আজি অনাথ আশ্ৰমত কটাবলগীয়া হয় ? দোষ ক'ত হয় ? কোন দোষী ? বৃদ্ধ পিতৃ মাতৃয়ে অতীতত নিজৰ ল'ৰা ছোৱালীক লালন পালন কৰাৰ নামত বৈষম্যৰ সৃষ্টি কৰিছিল নেকি ? নিজৰ সংসাৰৰ প্ৰতি মনোযোগ বেছিকৈ দিয়াৰ নামত আনৰ সংসাৰত বিহ ঢালিছিল নেকি ? নে পৰিয়ালৰ সদস্যসকলৰ প্ৰতি বেছি মনোযোগ দিয়া নাছিল ? নিজৰ স্বাৰ্থপৰ স্বভাৱৰ বাবে আজি তেওঁলোকৰ এই অৱস্থা হৈছে নেকি ? 

আমাৰ এই যুগৰ লোকসকল যেন জোখতকৈ সামান্য বেছি স্বাৰ্থপৰ । প্ৰায়ে দেখা পাওঁ ধনীক শ্ৰেণীৰ লোকসকলৰ পৰিয়ালত যেন বৃদ্ধ পিতৃ মাতৃৰ স্থান নাই । যি চাকৰিয়াল অৰ্থাৎ চাকৰি সূত্ৰে বাহিৰত থকা লোকসকলৰ মাজত এই প্ৰৱণতা যেন অলপ বেছি । পুত্ৰ বোৱাৰী আৰু কন্যা চাকৰি সূত্ৰে বাহিৰত থকাৰ বাবে ঘৰত বৃদ্ধ পিতৃ মাতৃ অকলশৰীয়া হৈ পৰে । তেখেতলোকক চোৱা চিতা কৰিবলৈ হয়তো দুই একে কেয়াৰ টেকাৰ মানে পৰিচাৰক পৰিচাৰিকাৰ ব্যৱস্থা কৰে কিন্তু প্ৰায়ভাগলোকেই বৃদ্ধ পিতৃ মাতৃৰ চোৱা চিতা কৰাৰ দায়িত্ব কাকো অৰ্পণ নকৰাকৈ অকলশৰীয়াকৈ এৰি থৈ যায় । তেখেতসকলে কি খাইছে ,  কি পিন্ধিছে , বেমাৰ আজাৰ হ'লে চিকিৎসা সেৱা লাভ কৰিছে নে নাই তাৰ কোনো ভ্ৰূক্ষেপ নাই । আন এচামে বৃদ্ধ পিতৃ মাতৃক অনাথ আশ্ৰমত থৈ আহে । বৃদ্ধাশ্ৰমত পাৰ কৰিবলগীয়া হয় শেষ সময়ত । কিছুমান এনে মাক দেউতাকো হয়তো ওলাব যি পুতেক বোৱাৰীয়েকৰ সৈতে একেলগে বাস‌ কৰিব নিবিচাৰে । চাকৰি সূত্ৰে বাহিৰত থকা পুতেক বোৱাৰীয়েকৰ সৈতে একেলগে যাব নিবিচাৰে । নিজৰ জন্ম স্থানত থাকিয়েই জীৱন নিৰ্বাহ কৰিব বিচাৰে । সেয়ে হয়তো কেতিয়াবা পুতেক বোৱাৰীয়েকৰ গাত দোষ দিব পৰা নাযায় । ইয়াৰ বাবে দায়ী পিতৃ মাতৃ । কেতিয়াবা বৃদ্ধ পিতৃ মাতৃৰ আচাৰ আচৰণৰ বাবে পুত্ৰ বোৱাৰী আতঁৰি যোৱা দেখিবলৈ পোৱা যায় । এনে ঘটনা প্ৰায়েই ঘটি থাকে । 

আমাৰ অসমীয়া সমাজৰ লোকসকলৰ পৰিয়ালত দেখা পোৱা আন এটা সমস্যা হৈছে এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম । বহুসময়ত দেখা যায় বৈষ্ণৱ ধৰ্মত শৰণ ভজন লোৱা লোকসকলে নিজৰ ল'ৰা ছোৱালী আৰু বোৱাৰীৰ হাতেৰেও অন্ন গ্ৰহণ নকৰে । অন্য জাতি জনগোষ্ঠীৰ লোকৰ হাতেৰে খোৱা দূৰৈৰ কথা । গতিকে বৃদ্ধ পিতৃ মাতৃ আৰু ল'ৰা ছোৱালীৰ মনৰ মাজত এটা ৰিক্ত ভাৱৰ উদয় হয় । এয়াও হয়তো বৃদ্ধ পিতৃ-মাতৃৰ অকলশৰীয়া অনুভৱ কৰাৰ আন এটা কাৰণ । 

বৃদ্ধ বয়সত এজন লোকৰ কেনে অৱস্থা হয় ইয়াৰ প্ৰমাণ যুগজয়ী শিল্পী ড০ ভূপেন হাজৰিকাদেৱৰ মৃত্যুৰ আগমূহুৰ্ত্তত চিকিৎসালয়ত তোলা ভিডিঅ'টি চালে গম পোৱা যায় । নিজেই নিজকে চিনি নোপোৱা অৱস্থা । কোনো নাই কাষত । পত্নী পুত্ৰ বোৱাৰী সকলো থাকিও অকলশৰীয়া হৈ পৰিছিল । জীৱিত কালত ৰাইজৰ মাজত সোমাই নিগাজীকৈ স্থান লাভ কৰিছিল যদিও পাছলৈ ইমান অকলশৰীয়া হৈ পৰিছিল যে ধন জন জীৱন যৌৱন এই সকলোবোৰ যে মিছা এইকথা হৃদয়ংগম কৰিব পাৰি । ৰাইজৰ মাজত সোমাই থাকি পৰিয়ালৰ লোকসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যেন সক্ষম নহ'ল । কেৱল নিজৰ বাবেই যেন সকলো কৰিছিল । অসমবাসীৰ বাবেই সকলো ত্যাগ কৰিছিল কিন্তু ৰাজ্যসভাৰ নিৰ্বাচনত তেখেতক পৰাস্ত কৰাৰ ক্ষেত্ৰত সেই অসমীয়াই আগভাগ লৈছিল । এয়াই আমাৰ স্বাৰ্থপৰ সমাজ । 

অভিনেতা নিপন গোস্বামীদেৱৰ ক্ষেত্ৰতো একেই অৱস্থা হৈছিল । অকলশৰীয়া হৈ পৰিছিল তেখেত । নিজৰ পুত্ৰ বোৱাৰী থকাৰ পাছতো শেষ জীৱনটো অকলশৰীয়াকৈ কটাব লগা হৈছিল । তেখেতৰ মৃত্যুৰ পাছত কিন্তু পুতেক বোৱাৰীয়েকে  অসমতেই থাকিব পৰা হ'ল । মৃত্যুৰ আগমূহুৰ্ত্তলৈকে মোম্বাইৰ পৰা ব্যস্ততাৰ বাবে বৃদ্ধ পিতৃক চাবলৈ আহিবলৈ সময় নোপোৱা পুত্ৰ বোৱাৰী পিতৃৰ মৃত্যুৰ পিছত অসমতেই নিগাজীকৈ থাকিব পৰা হ'ল । 

কেইদিনমানৰ আগলৈকে অসমৰ এগৰাকী প্ৰখ্যাত সাংবাদিকেও ঘৰৰ মানুহক সন্তুষ্ট কৰিবলৈ সক্ষম হোৱা নাছিল । অৱশেষত পত্নী কন্যাই ঘৰ ত্যাগ কৰি গুচি যাবলৈ বাধ্য হৈছিল । 

তেনেহ'লে কাৰ বাবে আমি কষ্ট কৰি মৰিছো ? ৰাইজৰ বাবে ? নে দেশৰ বাবে ? নে দহৰ বাবে ? নে পৰিয়ালৰ বাবে ? নে নিজৰ খ্যাতিৰ বাবে ? ইমান ত্যাগ কৰিব লগীয়া হয় কিয় ?  

আমি জানো আমি এটি মাত্ৰ ধূলিকণা সদৃশ । আমি মৰি গ'লেও এই বিশাল বিশ্বৰ ক'তো একো হানি নহয় ।  তথাপি আমি জীয়াই আছো । কিয় জীয়াই আছো ? কাৰ বাবে জীয়াই আছো ? এই কথা নজনাকৈয়ে মাথো জীয়াই আছো । জীৱনৰ অন্তিম সময়চোৱা কেনেদৰে পাৰ হয় সেয়াও নজনাকৈয়ে মাথো জীয়াই আছো । আমাক লাগে মাথো ধন ধান , ঐশ্বৰ্য্য বিভূতি , সন্মান আৰু খ্যাতি । পৰিয়ালৰ ভৰণ পোষণৰ বাবেই যেন আমি জীয়াই আছো । সম্পত্তিৰ পাহাৰ গঢ়ি তুলিলেও মৃত্যুৰ পিছত য'ৰে  সম্পত্তি ত'তে পৰি ৰ'ব  । জীয়াই থাকোঁতে আমি আটোমটোকাৰীকৈ গঢ়ি তোলা ঘৰখনত মৰাৰ পিছত ক্ষন্তেক সময়ৰ বাবেও নাৰাখি বাহিৰলৈ উলিয়াই দিয়াৰ পিছতেই শেষ হয় আমাৰ সম্পৰ্ক । এয়াই সত্য , জীৱনৰ অন্তিম সত্য ।

◾নবীন চন্দ্ৰ মেধি
গোলাঘাট । 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)