সলনি হয় মানুহৰ মনৰ ভূগোল
সলনি হয় গতি আৰু প্ৰকৃতি
যতি নাই গতিৰ বাহিৰে ।
বহু ৰং সানিও মচিব নোৱাৰি
সময়ৰ দেও লগা ছবিখন
বজাৰ নোৱাৰি সুললিত বাঁহী
আবেগৰ ৰাগ টানি ।
ত্ৰস্তমান সময়ত খোপনি পুতিছে শংকাই
জোনাকৰ শিপাবোৰ লূকাই গৈছে
অনাকাংক্ষিত ভাৱনাৰ চাপত
সুন্দৰতম পৃথিবীত এতিয়া নাইচোন
বকুলফুলীয়া হাঁহিৰ খলকনি
জয়াল ৰাতিৰ ভয়াবহতাত
নিশ্চুপ হৈ পৰিছে সপোন ।
শ্ৰদ্ধাভাজন জনো ক্ৰমাৎ আতঁৰি যায়
অনেক ব্যস্ততাৰ অজুহাতত
এতিয়া আশাৰ বৰঘৰত
অনাকাংক্ষিত সময়ৰ উদ্দ্যম নৃত্য
মৰুৰ মাজত মৰিচীকা খেদি
ভাগৰুৱা হৈছে জীৱন ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ