ক্ষোধাগ্নি•আইমণি শইকীয়া

@admin
0
প্ৰায় দুবছৰ ধৰি ঘৰৰপৰা বাহিৰত থকা গিৰিয়েকলৈ ফোন কৰি কৰি নিজৰা ভাগৰি পৰিছিল । কিমান দিন আৰু ধৈৰ্য ধৰিব ? কিমান সহিব বুকুৰ বেদনা । 

হঠাতে সিদিনা সিহঁতৰ ঘৰলৈ এজন সুন্দৰ সুঠাম ডেকা ল'ৰা ফুৰিবলৈ আহিছিল । সাদৰেৰে আদৰি নি তাই আলহী বহা কোঠাটোতে বহিবলৈ দিছিল । ফ্ৰিজৰ পৰা পানী এগিলাছ আনি খাবলৈ দিলে । বিমানৰ দেহা শীতল পৰি গৈছিল । 

তাইৰ মাজত অতদিনে সুপ্ত হৈ থকা কামনা বাসনাৰ জুইকুৰা যেন দপদপকৰে জ্বলি উঠিছিল । অজানিতে তাই ডেকাজনৰ কাষ চাপি গৈছিল । দুহাতেৰে সাৱতি ধৰি ক্ষোধাতুৰ বাঘিনীৰ দৰে তাক লৈ আহিছিল শয়নকক্ষলৈ । তাৰ পিছত উপৰ্যুপৰি চুম্বন বৰষিবলৈ ধৰিছিল । ঘৰ্মাক্ত দেহাৰে দুয়ো বহুসময় বিচনাখনতে পৰি ৰৈছিল । অৱশেষত ভাগৰুৱা শৰীৰেৰে দুয়ো বাহিৰলৈ ওলাই আহিছিল । 

তাৰ পিছত যেন সিহঁতে এজনে আনজনৰ চকুলৈ চাব পৰা নাছিল । লাহে লাহে সি আঁতৰি আহিছিল নিজৰ ঘৰলৈ । তাই মাথো হেঁপাহ পলুৱাই চাই ৰৈছিল নিৰৱে সি আঁতৰি যোৱালৈ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)