অতীতৰ দিনবোৰেই ভাল আছিল •যুগল মেধি

@admin
0
হঠাতে সিদিনা মফচলীয়া চহৰৰ হোটেল এখনত জেঠাইদেউৰ ল'ৰা নিপেনদাক লগ পাইছিলো । দাদাই বেংকলৈ আহিছিল । হয়তো একাউণ্টৰ পৰা জমা ধন উলিয়াবলৈ আহিছিল । দেখা পাই মাত লগালে - 

অ' যুগল দেখোন , আহা বহাহি । চাহ একাপকে খাওঁ । 

নিপেনদাৰ আহ্বানত মই আগবাঢ়ি গৈ তেখেতৰ সন্মুখৰ চকীখনত বহিলো । ঘৰৰ খা খবৰ ল'লো । তাৰ পিছত চাহ । চাহ খাই খাই নিপেনদাৰ লগত কথা বতৰা পতাত ব্যস্ত হৈ পৰিলো । 

জানা যুগল , অতীতৰ দিনবোৰেই ভাল আছিল । বেংকত ধন জমা কৰিব লগাও নহৈছিল আৰু এতিয়াৰ দৰে ঘনাই তাঁত বাতি কাঢ়িব লগাও নহৈছিল । বাকচতে ধন জমা কৰি থব পৰা হৈছিল । মাটিৰ টেকেলি নতুবা বাঁহৰ খুঁটা কাটি তাতে খুচুৰা পইছা জমা কৰি থৈছিলো । এতিয়া সঘনে বেংকলৈ অহা-যোৱা কৰিব লগা হয় । এটিএম ব্যৱহাৰ কৰিলেও টকা কাটে । কোনোবা চি এছ পি ত টকা উলিয়ালেও হাজাৰত দহ টকাকৈ দিব লাগে । আজি কালি আকৌ আধাৰ লিংক নহ'লেও নহয় । মুঠতে বেংকত টকা জমা কৰা মানে চৰকাৰ , বেংক , গাড়ীৱালা আৰু দোকানী এই সকলোলোককে ধনৰ ভাগ বিতৰণ কৰাহে হয় । তদুপৰি আজি বোলে লিংক নাই , কালি বোলে চাৰ্ভাৰ ডাউন কিমান অহা যোৱা কৰিবাহে । মানুহৰ সময়ৰো কথা আছে নহয় । ইফালে একাউণ্ট খোলাৰ নামত তিনিশৰ পৰা পাঁচশৰো অধিক টকা সিহঁতে লয় কিন্তু একাউণ্টত এটকাও নোসোমায় । বেংক সমূহলৈ যেতিয়া নিজৰ জমা ধন কেইটা উলিয়াবলৈ যাব লগা হয় তেতিয়া বেংকৰ কৰ্মচাৰী কেইজনে এনে কিছুমান ব্যৱহাৰ প্ৰদৰ্শন কৰে যেন সিহঁতৰ সমান ডাঙৰ অফিচাৰ আৰু নাই । সিহঁতৰ পকেটৰ পৰা জমা কৰা ধন কেইটা হে যেন নিবলৈ আহিছো । 

কথাৰ লগে লগে সম্পৰ্কীয় দাদাজনে চৰকাৰ আৰু বেংক কৰ্তৃপক্ষক এজাউৰী গালি বৰষিবলৈ আৰম্ভ কৰিছিল । দাদাজনে কুৰি বছৰ আগতেই স্নাতক ডিগ্ৰী লাভ কৰিছিল । ইফালে ৰাজনীতি বিজ্ঞানৰ অনাৰ্চ সহ দ্বিতীয় শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল যদিও আজি পৰ্যন্ত এটা চাকৰিৰ বাবে হামৰাও কাঢ়ি ঘূৰি ফুৰিব লগা হৈছে । এইখন চৰকাৰৰ প্ৰতি ইমানেই ক্ষোভ আছে যে সন্মুখত পালে যেন শিক্ষা মন্ত্ৰী মুখ্যমন্ত্ৰী সকলোকে এফালৰ পৰা বখলিয়াই পেলাব । ক্ষোভ নাথাকিব কিয় ? 
" আমাৰ দলে চৰকাৰ গঠন কৰিবলৈ সুযোগ পালে আমি তিনিমাহৰ ভিতৰতে ভেঞ্চাৰ স্কুলৰ সমস্যা সমাধান কৰিম , নিবনুৱা সমস্যা সমাধান কৰিম " বুলি বৰ বৰ লেকচাৰ মাৰিছিল যদিও আজি চৰকাৰ গঠন কৰা সাত আঠ বছৰ পাৰ হৈ গ'ল যদিও চৰকাৰে ভেঞ্চাৰ স্কুলৰ শিক্ষক সকলৰ সমস্যা সমাধান কৰিবলৈ সক্ষম নহ'ল । তিনিজনক বঞ্চিত কৰি তিনিজনক নিযুক্তি দিছে টিউটৰ হিচাপে , তাকো এজন হাজিৰা কাম কৰা মানুহে তাতকৈ বেছি টকা উপাৰ্জন কৰে । টেট পৰীক্ষা অনুষ্ঠিত কৰে অথচ টেট উত্তীৰ্ণ সকলক সময়মতে নিযুক্তি নিদিয়ে । ফলত নিবনুৱা সমস্যা বৃদ্ধি হৈ গৈ আছে । ৰাইজৰ ধনেৰেই নিৰ্মাণ কৰা ভেঞ্চাৰ স্কুলসমুহ চৰকাৰে এফালৰ পৰা ধ্বংস কৰি গৈ আছে । শিক্ষকৰ অবিহনে বিদ্যালয় নচলে আৰু ছাত্ৰ ছাত্ৰীৰ অবিহনে শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ নকৰে । এনে দোমোজাত পৰি আজি বহুত শিক্ষকে নিজৰ পদ হেৰুৱাব লগা হৈছে । হয় চৰকাৰে জনসাধাৰণৰ সমস্যাসমূহ সমাধান কৰা উচিত । নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, নিৰক্ষৰতা নিৰ্মূলকৰণ , ভেঞ্চাৰ স্কুলসমুহৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ , নিযুক্তি পৰা বঞ্চিত শিক্ষকৰ পদতো প্ৰাদেশিকীকৰণ , টেট শিক্ষক নিযুক্তি , শিক্ষক প্ৰশিক্ষণ , বিদ্যালয়ৰ শ্ৰেণীকোঠা উন্নীতকৰণ , ৰাষ্টা ঘাট নিৰ্মাণ , খোৱা পানীৰ যোগান , বিদ্যুৎ যোগান আদি অনেক সৰু বৰ কাম চৰকাৰে কৰিবলৈ বাকী আছে । গতিকে অৰ্থহীন কাম কিছুমান কৰি ৰাইজৰ সময় বৰ্বাদ কৰাতকৈ এইবোৰ কামত যদি চৰকাৰে মনোযোগ দিলেহেঁতেন ! 

অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডৰ মাধ্যমেৰে চৰকাৰী চাউল বিতৰণৰ জৰিয়তে চৰকাৰে যি হিতাধিকাৰী সৃষ্টি কৰিছে ইয়াৰ ফলত আমাৰ অসমৰ জনসাধাৰণ বেছি এলেহুৱা হৈ পৰাহে দেখা গৈছে । অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলে কৰা শ্ৰমৰ মূল্যকে যদি পালেহেঁতেন ! টিউটৰ সকলৰ দৰমহা বঢ়াই দিয়াহেঁতেন অন্ততঃ শ্ৰমৰ মৰ্যাদা পালেহেঁতেন । কিন্তু চৰকাৰখনে হাতী ঘোঁৰা কিনা বেচা কৰি থাকোঁতে , মন্ত্ৰী পদৰ সালসলনি কৰি থাকোঁতে এইবোৰ ভাৱিবলৈ সময় ক'ত ? 

অসমৰ জনসাধাৰণে এইখন চৰকাৰৰ পৰা কিমান আশা কৰিছিল কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ কথা বতৰা , আচাৰ আচৰণ আৰু কাম কৰাৰ ধৰণক এচাম শিক্ষিত লোকে বিৰোধিতা কৰিবলৈ বাধ্য হৈ পৰিছে । কোনোবাই উগ্ৰপন্থী সংগঠন আলফাত যোগদান কৰিছে । অন্য দেশৰ পৰা বা অৰণ্যৰ পৰাই তেওঁলোকে চৰকাৰক হুমুকিয়াইছে । কিয় হতাশ হ'ব লগা হৈছে চৰকাৰে এবাৰ ভাৱি চাইছেনে ? 

হয় দাদাজনে ঠিকেই কৈছে । চৰকাৰে ৰাজকোষ টনকিয়াল কৰাৰ কাৰণে মদ বিক্ৰী কৰিবলৈ অনুমতি পত্ৰ প্ৰদান কৰিছে । য'তে ত'তে কাঠফুলাৰ দৰে ইহঁতৰ সংখ্যা বৃদ্ধি পাই গৈ আছে অথচ বিদ্যালয়ৰ সংখ্যা হ্ৰাস পাই আহিছে । মদ বিক্ৰী কৰিবলৈ অনুমতি দিয়ে অথচ খাই বৈ আহি গাড়ী চলালেও চৰকাৰে আকৌ ৰাজহ সংগ্ৰহ কৰে । মুঠতে চৰকাৰে ৰাজকোষ টনকিয়াল কৰাৰ উদ্দেশ্যে এনেদৰেই খেলখন আগবঢ়াই লৈ গৈ আছে । নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ বৰষুণ সৰে আৰু গাদী লাভ কৰাৰ পাছত সকলো পাহৰি যায় । এয়াই সত্য । মাথো ৰাজনীতি কৰিবলৈ হে যেন এইখন চৰকাৰ । নিপেনদাৰ কথাবোৰ শুনি মই হুমুনিয়াহ পেলালো ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)