আৱেগৰ পৰিধি•নয়না নাথ

@admin
0
শূণ্যতাত হেৰাই যায় ,
এই শুকান চহৰ
য'ত চকুপানীবোৰ নাটক হয় ।
সেই মানুহজন হয় অভিনেতা
যাৰ চকুৰ পানীবোৰ এটা সময়ত
নোহোৱা হ'বলৈ ধৰে 
আৱেগহীনতাৰ সাগৰত।
নাই .............…....,
আপুনি ভবাৰ দৰে 
পুতৌ নিবিচাৰে তেওঁ ,
মাথো এখন অনুভৱী হাতৰ 
সন্ধানৰত তেওঁ ।
দুটি সবল দুবাহুৰ প্ৰয়োজন তেওঁক 
য'ত আৱেগবোৰ ৰক্ষিত হয়
স্নেহালয়ৰ মাজত ।
কিন্তু................,
পৰিণামতটো একোৱেই নাপায় ,
নাপায় কাৰো সঁহাৰি কিম্বা
আৱেগক পৰিধি দিব পৰা আৱেগ।




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)