▪️১৯৭১ চনৰ আজিৰ দিনটোতে পূৱ পাকিস্তান (বাংলাদেশ) গঠনৰ বাবে চলা যুদ্ধত ভাৰতেও অংশ লৈ পশ্চিম পাকিস্তানৰ সেনাক পৰাভূত কৰি আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে।
▪️১৯৯১ চনৰ আজিৰ দিনটোতে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ সম্পাদনাত ‘‘এই বাতৰি’’ নামৰ সংবাদপত্ৰখনৰ প্ৰথমটো সংখ্যা প্ৰকাশ পাইছিল।
▪️২০০২ চনৰ আজিৰ দিনটোতে বলীউডত খ্যাতি লাভ কৰা অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল, দীপান্বিতা শৰ্মাই ১৬ ডিচেম্বৰ চলচ্চিত্ৰত অভিনয়ৰ দ্বাৰা চলচ্চিত্ৰজগতত খোজ দিয়ে।
▪️২০১২ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত দলবদ্ধ ধৰ্ষণ আৰু হত্যা, যাক সাধাৰণতে নিৰ্ভয়া গোচৰ বুলি কোৱা হয। সেইদিনা দক্ষিণ-পশ্চিম দিল্লীৰ অন্তৰ্গত মুনিৰকাত এক ধৰ্ষণ আৰু মাৰাত্মক আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া জ্যোতি সিঙ নামৰ এগৰাকী ২২ বছৰীয়া ফিজিঅ'থেৰাপী ইণ্টাৰ্নক তেওঁ বন্ধুৰ(পুৰুষ) সৈতে যাত্ৰা কৰি থকা এখন ব্যক্তিগত বাছত প্ৰহাৰ কৰি দলবদ্ধ ধৰ্ষণ কৰা হৈছিল আৰু অত্যাচাৰ কৰা হৈছিল। বাছখনত চালকসহ আন ছয়জন আছিল, যাৰ সকলোৱে মহিলাগৰাকীক ধৰ্ষণ কৰিছিল আৰু তেওঁৰ বন্ধুক প্ৰহাৰ কৰি পথৰ দাঁতিত পেলাই থৈ গৈছিল। মুমূৰ্ষ অৱস্থাত পৰি থকা দুয়োকে চিকিৎসাৰ বাবে ততাতৈয়াকৈ দিল্লীৰ চফদৰজং চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু আক্ৰমণৰ এঘাৰ দিন পিছত জ্যোতি সিঙক ছিংগাপুৰলৈ স্থানান্তৰ কৰা হৈছিল, য'ত দুই দিন পিছত তেওঁ মৃত্যুবৰণ কৰিছিল। এই ঘটনাই ব্যাপকভাৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
▪️২০১৪ চনৰ আজিৰ দিনটোতে পাকিস্থানৰ পেছাৱৰত সন্ত্ৰাসবাদীয়ে আৰ্মি পাব্লিক স্কুলত কৰা অতৰ্কিত আক্ৰমণত মুঠ ১৪১ জন নিৰীহ লোকৰ প্ৰাণ হানি হয়, যাৰ মাজত মুঠ ১২৩ জন ছাত্ৰ-ছাত্ৰী থিতাতে নিহত হয়।
সংগ্ৰাহকঃ ৰিংকু ৰাজোৱাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ