গল্প -এটি স্নিগ্ধ পুৱাৰ প্ৰতীক্ষাত▪️▪️নবীন চন্দ্র মেধি

Rinku Rajowar
0
চোতালত চাইকেলখন ৰখোৱাৰ লগে-লগে পৰিণীতা আৰু কৌশিক প্ৰতাপ  " পাপা আহিলে , পাপা আহিলে " বুলি ভিতৰৰ পৰা আনন্দতে চিঞঁৰি চিঞঁৰি দৰ্জাখন খুলি  বাহিৰলৈ ওলাই আহে । 

: পাপা আজি কি আনিছা ? পাপা চিপচ্ আনিছা নে ? 

যোৱা কেবাটাও বছৰ মই ছাহাৰা ইণ্ডিয়া কোম্পানীৰ লগত জড়িত হৈ দিনৰ দিনটো ঘুৰা ফুৰা কৰি কেতিয়াবা সন্ধিয়া সময়ত আৰু আন কেতিয়াবা ৰাতি আঠমান বজাত ঘৰলৈ উভতি আহি যেতিয়া চোতালত উপস্থিত হওঁ , তেতিয়া ভিতৰৰ পৰা মোৰ উপস্থিতিৰ কথা অনুমান কৰি চাইকেলত বেল বজোৱাৰ শব্দ শুনাৰ লগে-লগে এমা ডিমা ল'ৰা ছোৱালী দুটিয়ে পাপা পাপা বুলি লৱৰি অহাৰ লগে লগে মোৰ দিনটোৰ দুখ ভাগৰ , মান অপমান , অপযশ সকলো কথা পলাই ফাট মৰাৰ লগতে অন্তৰত পিতৃত্বৰ এবুকু মৰম চেনেহ উথলি উঠে । 

 পিতৃ মাতৃৰ একমাত্ৰ কন্যা সন্তান , আলাসৰ লাৰু , মোৰ মৰমৰ প্ৰেয়সী ৰশ্মিক ২০১০ চনতেই বিয়া কৰাই এইখন ঘৰলৈ লৈ আনিছিলো ।  তাৰ পিছত তাইৰ ইচ্ছা অনুসৰি বিয়াৰ তিনি বছৰ পাছত আমাৰ সংসাৰলৈ পৰিণীতাৰ আগমণ ঘটিছিল । সৰগৰ পৰী হেন ছোৱালীজনী আমাৰ দুয়োৰে বৰ মৰমৰ । একলা দুকলাকৈ বাঢ়ি আহি তাই আজি পাঁচ বছৰত ভৰি দিলে । তাৰ মাজতে তাই থুনুক থানাক মাতেৰে এখোজ দুখোজ কৰি দুহাতত ধৰি খোজ কাঢ়িবলৈ শিকিলে । মা মা , পাপা , বাবা , আইতা , ককা আদি  ক'বলৈ শিকিলে । তিনিবছৰ বয়সতেই আমাৰ হাতত ধৰি গাঁৱৰ অংগনবাড়ী কেন্দ্ৰলৈ অহা-যোৱা কৰিবলৈ আৰম্ভ কৰিলে । 

পাঁচ বছৰ বয়সত তাইক ওচৰৰে জাতীয় বিদ্যালয় খনিত প্ৰথম শ্ৰেণীত নাম লগাই দিলোঁ । সদায় ৰাতিপুৱা তাইক থবলৈ যোৱা আৰু দুপৰীয়া আনিবলৈ যোৱা নিয়মত পৰিণত হ'ল । 

বিগত কেইবাটাও বছৰৰ পৰা মই স্থানীয় এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষকতা কৰি আছো । কিন্তু প্ৰাদেশিকীকৰণৰ মুখ দেখা নাপালে । সেয়ে কেতিয়াবা বিদ্যালয় খতি কৰি হ'লেও ব্যক্তিগত লাভালাভৰ অংকত ব্যস্ত হৈ পৰিব লগা হয় । নহ'লে যে আন উপায় নাই । শিক্ষকতা বৃত্তিৰে জড়িত লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । বিদ্যালয় প্ৰাদেশিকীকৰণ নহ'ল বুলি জানো জীৱনটো ৰৈ যাব ? গতিকে সংসাৰ বাঢ়ি গৈ থাকিল । পৰিণীতাৰ জন্মৰ তিনি বছৰ পাছত কৌশিক প্ৰতাপ আহিল আমাৰ জীৱনলৈ । এতিয়া তাৰ বয়স দুবছৰ ।

ভোকৰ ভাতমুঠি শাক পাতেৰেই হওঁক বা নিমখ তেলেৰেই হওঁক পৰিয়ালৰ সদস্যসকলৰ লগত একেলগে বহি খোৱাৰ মজাই সুকীয়া । আমাৰ দৰে এটা মধ্যবিত্ত পৰিয়ালত মাছ মাংস সদায় খোৱা সম্ভৱ নহয় । তথাপি ভোকৰ ভাতমুঠি পেটলৈ নোযোৱাকৈ থকা নাই । সদায় তৃপ্তি মনেৰে ভাত সাজ খাওঁ ।  

ধনৰ দুখীয়া যদিও মনেৰে সাহিত্যৰ ক্ষেত্ৰখনত সোমাই থাকি ভাল পাওঁ । মহাবিদ্যালয়ত পঢ়ি থকা সময়তে লিখা মেলা আৰম্ভ কৰিছিলোঁ । মাজে মাজে দুই এটা গল্প আৰু কবিতা লিখাৰ উপৰিও নাটক আৰু উপন্যাস লিখিবলৈ চেষ্টা কৰিছিলোঁ । স্থানীয় অঞ্চলত আলোচনী স্মৃতিগ্ৰন্থ আদি সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ । এখনি স্বৰচিত কবিতা পুথি প্ৰকাশ কৰাৰ লগতে সাহিত্য পৰিষদৰ লগত জড়িত হৈ সম্পাদনাও কৰিলোঁ । এনেদৰেই দিনবোৰ পাৰ হৈ গৈছিল । ভাল দিনৰ অপেক্ষাত বেয়া দিনবোৰ পাৰ কৰিছিলোঁ । এতিয়ালৈকে দেখোন ভাল দিন নাহিল । 

ল'ৰা ছোৱালী দুয়োটাকে মন পচন্দৰ মিঠাইৰ টোপোলা হাতত তুলি দি চাইকেলখন ভিতৰত সোমোৱাৰ থৈ ভৰি হাত কেইখন ধুই ল'লো । তাৰ পিছত বিচনাখনতে জিৰণি লওঁ বুলি গাটো পেলাই দিলো । লগে-লগে যেন টোপনিয়ে হেঁচা মাৰি ধৰিলে ।


            ✍️নবীন চন্দ্র মেধি
            গোলাঘাট। 
            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)