হঠাৎ যে গানহৈ বাজি উঠিব
সেয়াতো ভবাই নহʼল।
আজি সুদূৰত সেই গীতৰ সুৰ
ইয়াতে শুনিছোঁ অৰ্তনাদ
বুজাই বুজাই ভাগৰি পৰা
তথাপি নুবুজাৰ ভাও ধৰা!
কʼত লুকুৱাম?
কেনেকৈ?
কিয়?
কিমান দিন?
আজি এনেকৈয়ে এৰি দিয়া
আধাতে…
এটা চুটিগল্প বুলি ভাবি লʼম
আধৰুৱাকৈ তুমি লিখা
উপন্যাস খন।
পৃষ্ঠাবোৰ লুটিয়াই চাম
বছৰত এখিলাকৈ
এই জীৱন পাৰ হʼব
গল্পটো শেষ হʼব।
✍️চাদ্দাম হুছেইন
ঠিকনা - আৰিমত্ত বিদ্যাপীঠ হাইস্কুল, ৰঙিয়া
দূৰভাষ - ৯০৮৫৯৮৩৮০৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ