এইয়া শৰৎ নে তুমি▪️▪️দৰ্শনা দাস

Rinku Rajowar
0
তোমাৰ দীঘল চুলিৰ দৰে
শৰতৰ দীঘল নিশাবোৰ,
মেঘৰ চুলিত এতিয়া 
ফৰকাল আকাশৰ জোন।
কুঁৱলীসনা শৰতৰ গানবোৰ
বতাহত বাজি আছে গুণগুণকৈ,
গানবোৰে বুকুত বিন্ধিছে।
এইয়া শৰৎ নে তুমি?
পদূলিত এইয়া তোমাৰ চুলিৰ 
শেৱালি-বকুলৰ গোন্ধ।
ৰাতিবোৰ যেতিয়া আহিব
চুলিবোৰ বান্ধি থ'বা ভালকৈ,
শৰতৰ গানবোৰ
বতাহতে এৰি দিবা আলফুলে,
বাজি উঠিব দিবা
বুকুৰ ভিতৰে বাহিৰে।
                      
✍️দৰ্শনা দাস
মাজুলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)