চুটিগল্প-ছদ্মবেশী••হিয়া দাস

Rinku Rajowar
0
◾হিয়া দাস 

শ্ৰেয়া বশিষ্টই  ছোৱালীজনীক স্কুলত থৈ  আধাঘণ্টা সময় পাৰ্কত খোজকাঢ়ি ঘৰলৈ উভতিল । 
জীনছ্ পেণ্ট, টি-ছাৰ্ট সলাই স্কাৰ্ট আৰু টপ পিন্ধি ল'লে । গ্ৰীন টি একাপ হাতত লৈ ড্ৰয়িং ৰূমৰ ডানল'পৰ ছোফাখনত আঁউজি বহিল । তাই চাহ কাপ ওঁঠত লগাই দেৱাল ঘড়ীটোলৈ  চালে । পোন্ধৰ মিনিট পাছতেই আৰবান কোম্পানীৰ ( urban Company ) কৰ্মচাৰী এজন আহি পোৱাৰ কথা । 
তাই তলমূৰ কৰি নিজৰ ভৰি দুখনলৈ চালে । 
ভৰি দুখন তাইৰ কেতিয়াবা বিভাসক দেখুৱাবলৈ বৰকৈ মন যায় । অকল ভৰিয়েই নে ? পাৰ্লাৰ ধন্য তাইক যদি এবাৰ বিভাসে দেখিলে হয়... 
আজি তাই  বিনাদ্বিধাই চুটি কাপোৰ পিন্ধিব পাৰে । জিঞা পাখিৰ দৰে ফিৰফিৰীয়া শাড়ী পিন্ধিব পাৰে । মেদবহুল, কঁঠালৰ দৰে শৰীৰটো কিদৰে মেদবিহীন, সুন্দৰ, আকৰ্ষণীয় কৰি তুলিলে সেয়া দেখুৱাই বিভাসক 
চমকিত কৰিবলৈ মন যায় । 


তাইৰ মনত আছে সেইদিনা কিদৰে বিভাসে তাইক উপহাস কৰিছিল ।

খেলুৱৈৰ দৰে জীমত গঢ়া শৰীৰ, উজ্জ্বল চকু, হাইলাইট কৰা চুলি, তেজোদ্দীপ্ত সপ্ৰতিভ যুৱক এজনক আকৰ্ষণ কৰিব পৰাকৈ তাইৰ শৰীৰত নাৰীসুলভ সৌন্দৰ্য নাছিল । ক'লী, ধেপেচা ছোৱালীজনীৰ অনুভৱৰ উমান লোৱাৰ তাৰ অকণো ইচ্ছা নাছিল । সময়ো ।

এদিন চহৰমুখী হৈছিল বিভাস । তাৰ কিছুদিন পাছত একেখন চহৰলৈ বৈবাহিকসূত্ৰে গুচি আহিছিল শ্ৰেয়াও । কিন্তু বিভাসক কেতিয়াও দেখা নাছিল । 
যেতিয়া তাই গিৰিয়েক বা কোনো বন্ধু-বান্ধবীৰ সৈতে ওলাই যায় তাইৰ চকুযুৰিয়ে অহৰহ চহৰৰ অলিয়ে-গলিয়ে বিভাসৰ সন্ধান কৰে । কিন্তু বিফল হয় । ৰাস্তাই-ঘাটে ক'তনো দেখিব? সি চাগে বিলাসী বাহনেৰে দৰকাৰী কামতহে বাহিৰলৈ ওলায় । শ্ৰেয়াহঁতৰ দৰে মধ্যবিত্ত শ্ৰেণীৰ মানুহে এনে উচ্চাংগ মানু্হক ঢুকি নাপায় । আগতেও পোৱা নাছিল । এতিয়ালৈকে চাগে বিভাসে তাইৰ দৰে  জেঠাই সদৃশ ছোৱালীজনীক সম্পূৰ্ণ পাহৰি পেলাইছে । কিন্তু তাইহে পাহৰিব পৰা নাই । কিদৰেনো পাহৰে প্ৰথম প্ৰেম জানো পাহৰা যায় ? 
তাই চকুযুৰি মুদি দিয়াৰ মুহূৰ্ততে মনটো আকৌ উৰা মাৰিলে সেই বিশেষ দিনটোলৈ । 

ফটো, ভিডিঅ'ৰ প্ৰথম পৰ্যায় শেষ হোৱাৰ পাছত ছোৱালীবোৰে অস্থায়ী টম্বুৰ ভিতৰত সোমাই কানি-কাপোৰ সলাইছিল । যিহেতু সিহঁতে সকলোৱে কামবোৰ সমানে ভগাই লৈছিল সেয়ে ভাত খাবৰ সময়ত ছোৱালীহঁতে লগত লৈ অহা সাধাৰণ ঘৰুৱা কাপোৰ পিন্ধিছিল । শ্ৰেয়াই মাকে চিলাই দিয়া কপাহী সূতাৰ দীঘল ফ্ৰক পিন্ধিছিল । বাকী কেইজনীও তেনেদৰে ফ্ৰক, চুৰিদাৰ, কুৰ্তা, লেগিং, স্কাৰ্ট আদি পিন্ধিছিল । কাৰণ জীৱনত প্ৰথমবাৰৰ বাবে জীনছ্ পেণ্ট পিন্ধি কাম কৰাতো সহজ নহ'ব বুলি সিহঁতে আগতেই অনুমান কৰিছিল । 
বিভাসৰ অনুৰোধ ৰক্ষা ( আদেশ বুলিও ক'ব পাৰি ) কৰি আধুনিকতাৰ চং দিবলৈহে সেইদিনা সিহঁত কেইজনী জীনছ্ পেণ্ট পিন্ধি আহিবলগীয়াত পৰিছিল  । দহজনী ছোৱালী জীনছ্ পেণ্ট, ছাৰ্ট, ছুৱেটাৰ আদি পিন্ধি সমদল হৈ  যেতিয়া ওলাই আহিছিল গাঁৱৰ জীয়ৰী বোৱাৰীহঁতে অবাক হৈ সিহঁতলৈ চাইছিল । মুখ টিপি হাঁহিছিল । দূৰৈৰ পৰা কোনোবা ডেকাৰ তাচ্ছিল্যৰ সুহুৰি, টিটকাৰিও উফৰি আহি কৰ্ণকুহৰত আঘাত কৰিছিল । জীৱনত প্ৰথমবাৰৰ বাবে আচহুৱা সাজ পৰিধান কৰি তীব্ৰ অসহজবোধ কৰিছিল আটাইকেজনী । তথাপি সিহঁতে বিভাসৰ আজ্ঞা পালন কৰিছিল । অভিজাত ঘৰৰ, সুন্দৰ-সুঠাম যুৱকজনক সিহঁত আটাইকেইজনীয়ে সমীহ কৰিছিল । 
শ্ৰেয়াই জানে তাইৰ গাঁৱৰ প্ৰত্যেকজনী ছোৱালীৰে হৃদয়ৰ এক সুকীয়া স্থানত বিভাস বাস কৰে । যিদৰে বাস কৰিছিল গকুলৰ গোপিনীসকলৰ হৃদয়ত শ্ৰীকৃষ্ণ । 

দিনৰ প্ৰায় ডেৰমান বজাত তিৰ্পালৰ ওপৰত ঘূৰণীয়াকৈ বহিছিল বনভোজৰ দলটো । বিলনীয়া শ্ৰেয়াই বাল্টি এটাৰ পৰা সকলোৰে ভাতৰ পাতত তৰকাৰী দি যাবলৈ ধৰিছিল, তেতিয়াই ঘটিছিল অথন্তৰটো । 

: শ্ৰেয়া এই দুখন ভৰি তোমাৰেইনে ? 
বিভাসৰ প্ৰশ্নত থতমত খাই প্ৰথমে একো বুজিব নোৱাৰি শ্ৰেয়াই  বিভাসৰ মুখলৈ অঁকৰাৰ দৰে চালে । কথাটো ধৰিব নোৱাৰি বাকীবোৰেও  কৌতূহলৰ দৃষ্টিৰে এবাৰ শ্ৰেয়াৰ আৰু এবাৰ বিভাসৰ মুখলৈ চালে । 

: তোমাৰ ভৰি দুখন...!

: কিয় ? কি হৈছে মোৰ ভৰি দুখনত ? 
শ্ৰেয়াই তলমূৰ কৰি ভৰি দুখনলৈ চাই একো বুজিব নোৱাৰি অসহায়ভাৱে আকৌ বিভাসলৈ চালে । হঠাৎ পৰিৱেশটো নীৰৱতাত বুৰ গ'ল । কেইমুহূৰ্তমান পিছত বিভাস থিয় হৈ মাত দিলে---


: মেইনে অভি আপকি পাও দেখি । বহত হছীন হায় । ইন্ হে জমিন পৰ মত উটাৰিয়েগা । নেহি ত মৈলি হো যায়েগা । 
ভাৰতীয় ছবি জগতত ইতিহাস সৃষ্টি কৰা হিন্দী বোলছবি 'পাকিজা'ত অভিনেতা  'ৰাজকুমাৰ'ৰ কন্ঠৰ সেই বিখ্যাত সংলাপটো অংগি-ভংগি দেখুৱাই অনুকৰণ কৰাত ল'ৰা-ছোৱালীখিনি হাঁহিত বাগৰি পৰিছিল । 

হঠাৎ মোবাইল ফোনটো বাজি উঠাত শ্ৰেয়া টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে বাস্তৱলৈ উভতি আহি খপ্ জপকৈ ফোনৰ স্ক্ৰিনখনলৈ চালে । অচিনাকি নম্বৰ । ৰিছিভ নকৰিলে । বিৰক্তিৰে ফোনটো টেবুলৰ ওপৰত থ'লে । 
আজি তাই নিজৰ ৰূপ-সৌন্দৰ্যক লৈ সুখী । 
তাইক দেখিলে কাৰো ভাবিবলৈ সাধ্য নাই যে এইজনী ছোৱালীয়েই নিজৰ যত্নৰ অভাৱত এদিন এজাক মানুহৰ তুচ্ছ-তাচ্ছিল্যৰ চিকাৰ হৈছিল । আজি তাই চহৰৰ দহজনীৰ মনত ঈৰ্ষাৰ জুই জ্বলাব পৰাকৈ সৌন্দৰ্যশালিনী । প্ৰমাণ কৰিছে তায়ো, সামৰ্থ্য থাকিলে সকলো সম্ভৱ আজিৰ সময়ত । ইয়াৰ বাবে আত্মশক্তি আৰু আত্মবিশ্বাসৰো প্ৰয়োজন । 
কিন্তু যিদিনালৈকে বিভাসে তাইৰ এই অভাৱনীয় পৰিৱৰ্তন দেখি চমকিত নহয় সিদিনালৈকে তাই ক্ষান্ত নহয় । 

কথাবোৰ ভাবি থাকোঁতেই কলিংবেলটো বাজি উঠিল । শ্ৰেয়া উঠি গৈ দুৱাৰখন খোলাৰ লগে লগে শ্ৰেয়াৰ মুখলৈ নোচোৱাকৈয়ে ব্যস্ততাৰে ভিতৰলৈ সোমাই আহিল এজন কৰ্মচাৰী । কৰ্মচাৰীজন শ্ৰেয়াৰ ফালে পিঠি দি প্ৰথমে বেগটো খুলি চেনিটাইজাৰ উলিয়াই নিজৰ হাত দুখন আৰু বেগটোৰ বাহিৰ ফালে স্প্ৰে কৰাত লাগিল । 
আৰবান কোম্পানীৰ ইউনিফৰ্ম পৰিধান কৰা কৰ্মচাৰীজনে ক'লা চছমা, ক'লা মাক্স মুখৰ পৰা আঁতৰাই শ্ৰেয়াৰ মুখলৈ চালে । মুহূৰ্ততে শ্ৰেয়া আশ্চৰ্যত স্তব্ধ হৈ পৰিল । কৰ্মচাৰীজনে প্ৰথমে ভূত দেখা মানুহৰ দৰে চঁক খাই শ্ৰেয়াৰ আপাদমস্তক লক্ষ্য কৰি অবাক হৈ পৰিছিল । 

কোঠাটোৰ সোমাজত দুটি শৰীৰ ৰূপান্তৰিত হৈছিল শিলামূৰ্তিলৈ । 

সময়ৰ খবৰ নাছিল । 


হঠাৎ সম্বিৎ পোৱাৰ দৰে কৰ্মচাৰীজন খৰধৰ কৰি বেগটোৰ পৰা পেডিকিউৰৰ বাবে এটা গামলা, টাৱেল, পিউমিক ষ্টোন, ক্লিনজাৰ, নেইল শ্বেপাৰ, বাফাৰ, চেভলন, চেম্পু, স্ক্ৰাব, হাইড্ৰ'জেন পেৰোক্সাইড, এমোনিয়া, মইশ্বাৰাইজাৰ ক্ৰীম আদি উলিয়াই ল'লে । 
শ্ৰেয়া তেতিয়াও একে ঠাইতে থিয় হৈ আছিল । কৰ্মচাৰীজন ইতস্ততঃ কৰি ভিজা চকুযোৰ তুলি শ্ৰেয়াৰ মুখলৈ চাওঁ-নাচাওঁকৈ চাই কম্পিত মাতেৰে সুধিলে---

: আপুনি সাজুনে মে'ম ? 

যন্ত্ৰৱৎ শ্ৰেয়া আহি ছোফাখনত তলমূৰকৈ বহিল । তাইৰ সমুখত টুল এখনত কৰ্মচাৰীজন বহিল । কৰ্মচাৰীজনৰ দক্ষ অথচ কঁপা হাত তাইৰ দুভৰিৰ ফালে আগবাঢ়িল । 
শ্ৰেয়াৰ কৰ্ণকুহৰত বাজি উঠিল---' মেইনে অভি আপকি পাও দেখি । বহত হছীন হায় ।  ইন্ হে জমীন পৰ মত উটাৰিয়েগা, নেহি ত মৈলি হো যায়েগা...

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)