কবি হীৰেন ভট্টাচাৰ্য••যদুমনি দাস

Rinku Rajowar
0
"সুগন্ধি পখিলা"ৰ কবি হিচাপে খ্যাত হীৰেন ভট্টাচাৰ্য আধুনিক অসমীয়া কবিসকলৰ ভিতৰত অন্যতম। তেওঁৰ কাব্য সংকলন সমূহ হৈছে-- ৰৌদ্ৰ কামনা, মোৰ দেশ মোৰ প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰ'দ, শইচৰ পথাৰ মানুহ আৰু আৰু স্ব-নিৰ্বাচিত সংগ্ৰহ সুগন্ধি পখিলা। হীৰেন ভট্টাচাৰ্যৰ কবিতা সেইসময়ৰ কবিতাৰ ভিতৰত অন্যতম এইকাৰণেই যে তেওঁৰ শব্দৰ মায়াজালেৰে পাঠকৰ অন্তৰত জোৱাৰ তুলিব পাৰিছিল। তেওঁৰ কবিতাবোৰ মিতবাক । শব্দ ব্যৱহাৰৰ নৈপুণ্যতাৰ বাবেও পাঠকৰ সঁহাৰি লাভ কৰিছে। অনুভূতিৰ গভীৰতা আৰু বিশ্বস্ততা, প্ৰকাশভঙ্গীৰ স্বকীয়তা আৰু সূক্ষ্ম ব্যঞ্জনা, আংগিকৰ অভিনৱত্ব আৰু পৰীক্ষা-নিৰীক্ষা তেওঁৰ কবিতাত বিদ্যমান। জাপানী হাইকু আৰু উৰ্দুৰ চায়েৰীৰ দৰে কম কথাতে চমক তথা আমেজ তেওঁৰ কবিতাৰ মাজত দেখা পোৱা যায়। ৰামধেনু যুগৰ পৰা বাগৰ সলাওঁতে অসমীয়া আধুনিক কবিতাত নতুন ভাৱ আৰু শব্দৰ নিৰ্মাণেৰে তেওঁৰ কবিতাই ক্ৰিয়াশীলতা দান কৰিছে। তেওঁ যদিও কেইটিমান শাৰীতেই কবিতা ৰচনা কৰিছিল তথাপিও ব্যক্তিৰ অনুভূতিখিনিয়ে পাৰ বাগৰি মানুহৰ বৌদ্ধিক উত্তেজনাৰ সৃষ্টি কৰিবলৈও সক্ষম হৈছিল। কবিৰ নিয়ন্ত্ৰিত যৌৱনসুলভ উত্তেজনাক শৈল্পিক ৰূপত প্ৰকাশ কৰি পাঠকক নিমিষতে মোহবিষ্ট কৰিব পাৰে। তেওঁ দুখৰ পোচাকযোৰক শব্দৰ ঝংকাৰেৰে সুখৰ বুটা বাচিব জানিছিল । তেওঁৰ কবিতাত ব্যক্তিপ্ৰেম , দেশপ্ৰেম, প্ৰকৃতিৰ সৌন্দৰ্য, আত্মিক বিষাদ সম্পৰ্কীয় উপলব্ধি প্ৰতিভাত হৈছে। তেওঁৰ কবিতাৰ প্ৰগতিশীল সমাজ ব্যৱস্থাৰ বুলনিও লক্ষণীয়।
      হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ মাজত দেশপ্ৰেমৰ সোঁত আৰু তাৰ মাজে মাজে বিপ্লৱী চিন্তাই পোখা মেলিছে। তেওঁ আপোন দেশখনৰ আকাশ, বতাহ, মাটিৰ গোন্ধ আৰু প্ৰাকৃতিক মনোৰম দৃশ্যক উপভোগ কৰি মতলীয়া হৈ কবিতাৰ মাজত ইয়াৰ প্ৰকাশ ঘটাইছে। সকলো মানুহেই নিজৰ দেশক ভালপায় ঠিক সেইদৰে  হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ মাজত এনে মৰ্মস্পৰ্শী গভীৰতা, অকৃত্ৰিম আবেগ উচ্ছলতাৰ প্ৰকাশ ঘটিছে য'ত দেশপ্ৰেমৰ অসাধাৰণ ব্যঞ্জনাৰ সৃষ্টি কৰিছে। তেওঁ "আই " কবিতাত লিখিছে-
 
" অতদিনে  মই
নিজক লৈয়ে ব্যস্ত আছিলোঁ আই।
আজি তোমাক পালোঁ 
তীখাৰ তীক্ষ্ণতা আৰু থোৰ মেলা শস্যৰ মাজত"(আই)

   কবিয়ে নিজৰ দেশক প্ৰাণতকৈও অধিক ভাল পায়। এই দেশৰ শইচ সোণোৱালী হাঁহি যিয়েই কাঢ়ি নিব আহিব তেওঁৰ প্ৰতি বিদ্ৰোহী ৰূপত তেওঁৰ কবিতাত হিংস্ৰ ৰূপ ধাৰণ কৰিছে। 

"আই মই সঁচাকৈয়ে বৰ হিংস্ৰ হৈ উঠিছোঁ
মোৰ নিয়াৰিৰ কাচিখনলৈ এবাৰ
চালেই বুজিব পাৰিবা
কাৰ ডিঙিৰ জোখাৰে গঢ়া।" (আত্মপক্ষ)
এইদৰেই কবিয়ে নিজৰ দেশৰ  ওপৰত আতিশয্য চলোৱা কোনো শক্তিকে ক্ষমা নকৰে । শক্তিৰ সেই শক্তি জোখাৰেই কবিয়েও নিজকে প্ৰস্তুত হৈ থকাৰ কথা কবিতাটোত স্পষ্ট হৈছে। তেওঁৰ কবিতাত ৰাজনৈতিক অন্যায়, অবিচাৰ আৰু অধৰ্মৰ বিৰোধীতা কৰাও  দেখা গৈছে। 
    ভট্টাচাৰ্যৰ কবিতাত সমাজ বাস্তৱতাৰ প্ৰকাশ আমি দেখা পাওঁ। অভাৱ , নাটনি , ত্ৰাস, সন্ত্ৰাস জৰ্জৰিত সময়ক তেওঁ কবিতাৰ মাজত ধৰি ৰাখিছে লগতে অসহায়বোধ কবিতাৰ মাজত ফুটি উঠিছে এনেদৰে---
 আকালৰ চোতাল।শস্যৰ উদং পথাৰ। কিশোৰ হেৰাল
স্বপ্ন স্বাধীনতা। গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত।
মূলত কি বিহ ? উছন হ'ল গাঁও। নষ্ট নগৰ।
মৃত্যুৰ মলিন ছাঁত অশ্লীল বনিজ। পাপ মুদ্ৰাৰ পয়োভৰ
হে সময় গৰ্জি উঠা নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা।  (সংকট দিন)
 সচাকৈ তেওঁৰ কবিতাৰ মাজত সমাজত কিদৰে অভাৱ অনাটনে দেখা দিছে ,কিদৰে পথাৰ উদং হৈ পৰিছে সেইয়া স্বচক্ষুৰে প্ৰত্যক্ষ কৰিছে। খাদ্যৰ বাবেই হওঁক বেমাৰ আজাৰৰ বাবেই হওঁক নাইবা শত্ৰুৰ আক্ৰমণৰ বাবেই কিশোৰে স্বাধীনতা হেৰুৱাই পেলাইছে। কত যৌৱনৰ সপোনৰ ভৱিষ্যত শেষ কৰি পেলাইছে। সমাজৰ অধোগতি এই দিশবোৰ দেখি কবি অসহায় হৈ নতুন প্ৰতিভাৰ উকমুকনি হোৱালৈ হুমুনিয়াহ কাঢ়িছে।
  গীতি ধৰ্মীতা হীৰেণ ভট্টাচাৰ্যৰ কবিতাৰ অন্যতম বিশেষত্ব। কেতিয়াবা সমিল ছন্দেৰে , কেতিয়াবা internal rhymes আৰু assonance ব্যৱহাৰ কৰি ছন্দময়তাৰে গীতি কবিতাৰ  ৰচনা কৰিছে। উদাহৰণ স্বৰূপে----/
 এটি ৰূপালী হাঁহ
হৃদয় হ্ৰদত
লুকাই আছেহি
বাৰটি মাহ
য'ত
হেঙুলীয়া বেলিয়ে
দিয়েহি আবেলি লাহ।

এনেদৰেই  তেখেতৰ প্ৰেমৰ কবিতাৰ মাজতো পোৱা যায় সূক্ষ্ম ব্যঞ্জনা আইও তীব্ৰ অনুভূতিৰ প্ৰকাশ। প্ৰেমৰ অনুভৱক কবিয়ে যেতিয়া অনুভৱ কৰে তেতিয়া কবিয়ে যেন আন এখন ঠাইতহে বিচৰণ কৰেগৈ তেনেকুৱা অনুভৱ হয়। প্ৰেমৰ তীব্ৰ অনুভূতিক কবিয়ে  কবিতাৰ মাজেৰে আকৰ্ষণীয় ভাবে প্ৰকাশ কৰিছে এনেদৰে-----
মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণ গুণ শব্দ
এনেকৈ ৰু-ৰুৱাই জ্বলে
যে তাৰ ছাই উৰি পৰে
মোৰ বুকুৰ ভিতৰে বাহিৰে ।(প্ৰেমৰ কবিতা)
তেওঁৰ কবিতা দেশপ্ৰেম বিদ্ৰোহী চেতনাই নহয় তেওঁ কবিতা সমূহ দুখৰ  লগৰী। হৃদয়ৰ কাৰুণ্যতাৰ উপশম ঘটাবৰ পৰা আহিলাও। তেওঁৰ কবিতাৰ মাজত খং মিশ্ৰিত চেতনাক এনেদৰেই প্ৰকাশ কৰিছে---
"ভগা কলিজাত কোনে বিনাই
কবিতা মোৰ দুখৰ দিনৰ 
এপাহ খৰিকাজাই ।" ( জোনাকী মন)

হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ মাজত প্ৰতীক চিত্ৰকল্পৰ ব্যৱহাৰ মন কৰিবলগীয়া। তেওঁৰ

মৃত্যুওটো এটা শিল্প
জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য।

  এই যে মৃত্ কবিৰ ধাৰণাত ই এক শিল্প। কিয়নো মৃত্যু আছে বাবেই ব্য আছে ভয় আছে বাবেই আমি জীৱনটো শৃংখলিত ৰূপত সজাই লৈ থাকোঁ। মৃত্যুৰ বাবেই জীৱনটোক সৌন্দৰ্যময় কৰি তোলোঁ। এই মৃত্যৰ ৰূপ বৰ্ণাবলৈ গৈ যি চিত্ৰকল্পৰ ব্যৱহাৰ কৰিলে সেয়াও অভিনৱ হৈছে। 
   কবিৰ সামাজিক দায়বদ্ধতাও লক্ষণীয়। তেওঁৰ কবিতাই দুখীয়া মানুহৰ কান্ধত হাত থৈ নিচুকাইছিল যেন লাগে। তেওঁ কবিতা পঢ়ি দুখবোধ সামান্য পাতলাবৰ বাবেই কবিতা সমূহ উপযুক্ত। কিয়নো সৰল আৰু অতি সাধাৰণভাৱেই জীৱন যাপন কৰি দুখৰ লগতে সহবাস কৰি আনকো সত্যৰ সৈতে মুখামুখী হবলৈ প্ৰেৰণা যোগাইছিল এনেদৰে----

যি  দুখেই দিয়া 
মই বহন কৰিব পাৰো
সেই দাহন।

কবিতাৰ বিষয়ে কবলৈ গৈ অদেনে মন্তব্য কৰিছিল---poetry is memorable speech.( কবিতা হল স্মৰণীয় বাক্য। এই কথাষাৰৰ খেও ধৰি সমালোচক মহেন্দ্ৰ বৰাই লিখিছিল--- " পাঠক মানসৰ স্মৃতিৰ কন্দৰত মাথোন সেইবোৰ বাক্যৰেই আসঞ্জনশীলতা অত্যন্ত প্ৰবল হব পাৰে , যিবোৰ বাক্যৰ আধাৰ সুন্দৰ বিন্যাসত বিন্যস্ত কিছুমান বাচকবনীয়া শব্দ"।  এই বাছকবনীয়া শব্দৰ বাবেই ভট্টাচাৰ্য সমসাময়িক কবিকুলৰ মাজত একক হৈ ৰৈছে। তেওঁৰ কবিতা হৈ পৰিছে স্মৰণীয় বাক্য। গাঁও, চহৰ, আৰু বয়স নিৰ্বিশেষে সকলোকেই তেওঁৰ কবিতাই আকৃষ্ট কৰে। তেওঁৰ কবিতাত চিত্ৰিত হয় আমাৰ কথা, আমাৰ চিত্ৰ। তেওঁ গ্রাম্যজীৱনটোক বুজিছিল আৰু গভীৰ মমতাৰে উপলব্ধি কৰিছিল মানুহৰ দুখ আৰু যন্ত্ৰণা। তাৰ মাজতে প্ৰতিভাত হৈছে কৃষকৰ উছাহ আৰু মৰ্মবেদনা , পথাৰৰ , সমাজৰ , দেশৰ বিভিন্ন ৰূপ আৰু সহজ সৰল মানুহৰ জীৱন - গাঁথা। 
মুঠৰ ওপৰত হীৰেন ভট্টাচাৰ্য এই যুগৰ অন্যতম সাৰ্থক কবি।অসমীয়া পাঠকৰ মণিকোঠাত সদায় চিৰস্মৰণীয় হৈ ৰ'ব হীৰেন ভট্টাচাৰ্য। 

◾যদুমনি দাস ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)