শেষ নহয় প্ৰতি মূহুর্ত দস্তাবেজৰ প্ৰৱাহিত কাহিনী।
বিদায় মানে নতুনৰ বেলাক আদৰি
মনৰ ৰং-ৰহস্য অলংকৃত কৰা সময়ৰ পৰিধি।
বিদায় মানে নতুন জীৱনৰ প্ৰতিদ্বন্দ্বিতা ,সাফল্য নিৰ্ভয়তা,কাৰ্যক্ষমতা।
নিয়তিয়ে লিখা দিনলিপিত
বাকৰুদ্ধ বিদায়ৰৰ
সংগ্ৰাম এক ইতিহাস।
স্বিকাৰােক্তিয়ে কৈ যায়মই গুছি যাম দুগুণ উভতাই ,
ৰৈ যাম প্ৰেৰণা হৈ,সাহস দিম বিদায় লৈ।
তাতে যদি গুছি আঁহা হৈ ৰােৱা কৃতদাস,
আৰু যদি যুঁজি যােৱা মােৰ লগত হৈ ৰ'বা ইতিহাস।
✍️ৰঙিলী লইং(ৰজাবাৰী ভকতচাপৰি)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ